৯ মে'ৰ পৰা তিনি দিনীয়াকৈ ঢকুৱাখনাৰ ফাটবিহুঃ সৰ্বাংগ সুন্দৰ মুখপত্ৰ 'বিহুৱান' প্ৰকাশৰো প্ৰস্তুতি

অসমীয়া জন জীৱনৰ সৰ্বোত্তম জাতীয় লোক উৎসৱ ফাটবিহু। ঢকুৱাখনীয়া কৃষিজীৱী ৰাইজৰ একক লোক মহোৎসৱ ফাটবিহুৰ উদযাপনৰ উপলক্ষত মঙলবাৰে এখন সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰা হয় ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
৯ মে'ৰ পৰা তিনিদিনীয়াকৈ ঢকুৱাখনাৰ ফাটবিহুঃ সৰ্বাংগ সুন্দৰ মুখপাত্ৰ 'বিহুৱান' প্ৰকাশৰো প্ৰস্তুতি

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসমীয়া জন জীৱনৰ সৰ্বোত্তম জাতীয় লোক উৎসৱ ফাটবিহু। ঢকুৱাখনীয়া কৃষিজীৱী ৰাইজৰ একক লোক মহোৎসৱ এই ফাটবিহুৰ পৰম্পৰাগত উদযাপনৰ উপলক্ষত মঙলবাৰে এখন সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰা হয় ।

Advertisment

ঐতিহ্যমণ্ডিত ফাটবিহু বাকৰিত মঙলবাৰে দুপৰীয়া ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় এই বৈঠক। সম্পাদক ভাস্কৰ দাসে উদ্দেশ্য ব্যাখা কৰা বৈঠকত ফাটবিহু সমিতিৰ সাধাৰণ পৰিষদৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰে।

৯ মে'ৰ পৰা তিনিদিনীয়াকৈ ঢকুৱাখনাৰ ফাটবিহুঃ সৰ্বাংগ সুন্দৰ মুখপাত্ৰ 'বিহুৱান' প্ৰকাশৰো প্ৰস্তুতি

বৈঠকত বিভিন্ন বিষয়ৰ লগতে ২০২৫বর্ষৰ ফাটবিহু উদযাপন সন্দৰ্ভতো বিশদ আলোচনা কৰা হয়।  ফাটবিহু সমিতিৰ লগতে উপস্থিত সদস্যসকলৰ সহমতৰ ভিত্তিত অহা ৯,১০ আৰু ১১মে'ত  তিনি দিনীয়া কাৰ্যসূচীৰে ফাটবিহু উদযাপনৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

সেই উপলক্ষত ৰাজা বৰুৱাক সভাপতি, মনিকা পাতিৰ, গুৰু গোবিন্দ দাস, গোবিন বৰুৱা উপসভাপতি , হিতেশ ফুকনক সম্পাদক ,মিনু বৰা,পলাশ কোঁৱৰ, বিষ্ণু শইকীয়াক সহকাৰী সম্পাদক, ৰাজেশ দলেক বিত্ত সম্পাদক , সঞ্জয় দে , নীলমণি দাসক কাৰ্যালয় সম্পাদক, আশোক বৰুৱা, বৃকুদৰ দাস, তীৰ্থ হাজৰিকাক প্ৰচাৰ সম্পাদক হিচাবে লৈ এখন  উদযাপন সমিতি গঠন কৰা হয় ।

৯ মে'ৰ পৰা তিনিদিনীয়াকৈ ঢকুৱাখনাৰ ফাটবিহুঃ সৰ্বাংগ সুন্দৰ মুখপাত্ৰ 'বিহুৱান' প্ৰকাশৰো প্ৰস্তুতি

নৱনিৰ্বাচিত সম্পাদক হিতেশ ফুকনে  ঢকুৱাখনাৰ স্বকীয় লোক সম্পদ ফাটবিহু ২০২৫ৰ সফল উদযাপনৰ বাবে লোক কৃষ্টি প্ৰেমী ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে । ইপিনে স্থায়ী সমিতিখনৰ ম্যাদ শেষ হৈছিল যদিও সাধাৰণ পৰিষদৰ বৈঠকে সৰ্বসন্মত ভাবে পূৰ্বৰ সমিতিখনকে অনাগত কাৰ্যকালৰ বাবে বাহাল ৰাখে ।

ফাটবিহুৰ মুখপত্ৰ "বিহুৱান"ৰ বাবে লেখা আহ্বান

বিশ্বায়নৰ আঁচোৰ নপৰাকৈ জাতীয় কৃষ্টিক স্বকীয় ৰূপত উপস্থাপন কৰি অহা ঢকুৱাখনাৰ এই একক লোক সম্পদ ফাটবিহু ২০২৫বর্ষত উদযাপনৰ প্ৰস্তুতি আৰম্ভ হৈছে । এই লোক মহোৎসৱৰ লগতে সংগতি ৰাখি উদযাপন সমিতিয়ে ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ "বিহুৱান" প্ৰকাশৰ বাবেও প্ৰস্তুতি আৰম্ভ কৰিছে ।

বিশিষ্টা লেখিকা জ্যোতি নীলিমা গগৈক "বিহুৱান"ৰ সম্পাদকৰ দায়িত্ব প্ৰদান কৰি এখন সম্পাদনা সমিতিও গঠন কৰা হৈছে। বৰ্দ্ধিত কলেবৰত প্ৰকাশ পাব লগা ২০২৫ বর্ষৰ 'বিহুৱান'ৰ বাবে আগ্ৰহী লেখকৰ লেখনি বিচাৰি সম্পাদনা সমিতিয়ে এক বিবৃত্তি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে ।

৯ মে'ৰ পৰা তিনিদিনীয়াকৈ ঢকুৱাখনাৰ ফাটবিহুঃ সৰ্বাংগ সুন্দৰ মুখপাত্ৰ 'বিহুৱান' প্ৰকাশৰো প্ৰস্তুতি

অসমীয়া জাতীয় জীৱনৰে সম্পৃক্ত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি, সংস্কৃতি, লোক উৎসৱ, লোকাচাৰ ,পৰম্পৰা,গীত মাত, আদি বিষয়ত মান সম্পন্ন নাতি-দীৰ্ঘ লেখা আহ্বান কৰিছে সম্পাদনা সমিতিয়ে। লেখাসমূহ অহা ২০ এপ্ৰিলৰ ভিতৰত , ১৫ শ শব্দৰ পৰা ২হাজাৰ শব্দৰ ভিতৰত লিখি সম্পাদক, বিহুৱান-২০২৫ , ফাটবিহু , মাৰফৎ-,মেচাৰ্ছ গগৈ ব্ৰাদাৰ্শ ,ঢকুৱাখনা চাৰিআলি,  ডাক:ঢকুৱাখনা ,৭৮৭০৫৬ ঠিকনাত প্ৰেৰণৰ আহ্বান জনাইছে । তাৰোপৰি লেখক সকলে 9954946918 নম্বৰত "ৱাটছআপ" যোগে প্ৰেৰণ আৰু jyotineelimagogoi78929@gmail.com যোগে মেইল কৰাৰো আহ্বান জনোৱা হৈছে।

ফাটবিহু ঢকুৱাখনা