গুৱা-পাণেৰে ৰাজহুৱা ক্ষমাভিক্ষা: কঠোৰ সকীয়নি দি ফাট বিহু সমিতিক ক্ষমাদান ৰাইজৰ...

অসমীয়া জাতিৰ আবেগ আৰু অসমীয়া জাতিয় সত্বাৰ বৰভেঁটি স্বৰূপ ঢকুৱাখনাৰ ফাটবিহু

author-image
Asomiya Pratidin
New Update
গুৱা-পাণেৰে ৰাজহুৱা ক্ষমাভিক্ষা: কঠোৰ সকীয়নি দি ফাট বিহু সমিতিক ক্ষমাদান ৰাইজৰ...

ডিজিটেল সংবাদ, ঢকুৱাখনা : অসমীয়া জাতিৰ আবেগ আৰু অসমীয়া জাতীয় সত্বাৰ বৰভেঁটি স্বৰূপ ঢকুৱাখনাৰ ফাটবিহু। স্বকীয় লোককৃষ্টিৰ এই বৰ্ণিল শতিকা জোৰা পৰম্পৰাত চূড়ান্ত পদাঘাত কৰা ঘটনাৰ পৰৱৰ্তী সময়ত সৃষ্টি বাদ-প্ৰতিবাদৰ শনিবাৰে স্থায়ী নিষ্পত্তি ঘটিল।

সংস্কৃতিৰ বৰঘৰত অপসংস্কৃতিৰ অশুভ পৰম্পৰাৰ সৃষ্টি কৰি যোৱা ১৩ মে'ৰ ফাটবিহুৰ  দিনা বৰদৈচিলা বিহুদলৰ ওপৰত উদযাপন সমিতি আৰু ফাটবিহু সমিতিৰ একাংশ বিষয়ববীয়াই চলোৱা নিৰ্মম আক্ৰমণৰ ঘটনাৰ স্থায়ী মীমাংসা কৰিবলৈ শনিবাৰে বিয়লি ঘিলামৰা কৃষ্টি ভৱন প্রাংগনত অনুষ্ঠিত হয় প্ৰায় ২২টা সংগঠনৰ প্ৰতিনিধিত্বমূলক সভা।

ফাটবিহুক সৰ্বতিকাললৈ কলংকিত কৰা এই ঘটনাৰ সন্দৰ্ভত ফাটবিহু সমিতি আৰু উদযাপন সমিতিৰ ঘিলামৰা উন্নয়ন সমিতিলৈ প্ৰেৰিত ক্ষমা বিচৰা প্ৰস্তাৱৰ আধাৰত সভাখন অনুষ্ঠিত হয়।  ঘিলামৰা উন্নয়ন সমিতিৰ সভাপতি অকণ গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উন্নয়ন সমিতিৰ সম্পাদক গুণ হাজৰিকাই ।

ঘিলামৰা উন্নয়ন সমিতি, কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, ইংগিত নাট্য গোষ্ঠীকে প্ৰমুখ্য কৰি ২২টা সংগঠনৰ নেতৃবৰ্গ উপস্থিত থকা সভাত ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া, সম্পাদক ভাস্কৰ দাস, উপ সভাপতি ৰঞ্জিত সন্দিকৈৰ লগতে কুশল গগৈ, ভোলা নাথ গগৈ, পূৰ্ণানন্দ গগৈ, জীৱন চমুৱা, ইন্দিৰা গগৈ, কামাখ্যা শইকীয়া, গন্ধেশ্বৰ গগৈ, স্বৰ্ণলতা চমুৱা, গোবিন বৰুৱা, নীলিমা চাংমাই,উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱা, সম্পাদক বনশ্যাম গগৈ, নবীন বৰুৱা, ললিত দাস, বিপুল বৰুৱা, প্ৰশান্ত হাজৰিকা আদি উপস্থিত থাকে।

সভাত উদ্দেশ্য ব্যাখ্যা কৰে উন্নয়ন সমিতিৰ সম্পাদক গুণ হাজৰিকাই। জনাকীৰ্ণ সভাত ফাটবিহু সমিতিৰ হৈ প্ৰথমে উপদেষ্টা পূৰ্ণানন্দ গগৈয়ে বক্তব্য ৰাখি উক্ত ঘটনা অতিকে দুৰ্ভাগ্যজনক আৰু অনাকাংক্ষিত বুলি কয়। ফাটবিহুৰ গৰিমা ভাৱমূৰ্ত্তি লাঘৱ কৰা এই ঘটনাত দুখীত আৰু লজ্জিত হোৱা বুলি কৈ ভৱিষ্যতৰ দিনত যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নঘটে তাৰ বাবে ফাটবিহু সমিতি সজাগ হ'ব বুলি কয়।

বিহুদলক কৰা নিৰ্মম প্ৰহাৰক লৈ ঘিলামৰাৰ প্ৰতিতো সামাজিক আত্মসচেতন সংগঠনে আত্মমৰ্যাদা সুৰক্ষিত কৰিবলৈ লোৱা পদক্ষেপ আদৰণি জনাই জ্যেষ্ঠ নাগৰিক গগৈয়ে অকপতে উক্ত ভুলৰ স্বীকাৰ কৰি ঘিলামৰা উন্নয়ন সমিতিলৈ তামোল পানৰ লগতে ৫১ টকাৰ এখন শৰাই আগবঢ়োৱা কথা অনুকীয়াই ভুল স্বীকাৰ কৰি ৰাজহুৱা সভাত ক্ষমা বিচাৰে ।

ফাটবিহু সমিতি আৰু উদযাপন সমিতিৰ হৈ উক্ত বৰ্বৰ আক্ৰমণ ঘটনাৰ বাবে ভুল স্বীকাৰ কৰি বক্তব্য ৰাখে ফাটবিহু সমিতিৰ উপদেষ্টা ভোলা নাথ গগৈয়ে। অবাঞ্চিত আৰু অনাকাংক্ষিত ভাবে বিহুমঞ্চত ঘটা ঘটনাৰ বাবে মৰ্মাহত আৰু দুখ অনুভৱ কৰিছো বুলি কৈ সমাজৰ বৃহত্তৰ স্বাৰ্থৰ বাবে কৰা ভুলৰ স্বীকাৰ কৰাৰ মানসিকতা নেতৃত্বৰ থকা বাঞ্চনীয়, ভৱিষ্যত প্ৰজন্মৰ বাবে ফাটবিহুক সম্প্ৰীতি ঐক্যৰ থলী কৰি ৰখাৰ স্বাৰ্থত নিজৰ ভুল সমিতিয়ে স্বীকাৰ কৰা বুলি কয়।

সভাত ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই উক্ত ঘটনাৰ পৰৱৰ্তী সময়ত দুবাৰকৈ সভা অনুষ্ঠিত কৰি পৰ্যালোচনা কৰা বুলি কয়। উক্ত অনাকাংক্ষিত অবাঞ্চিত  ঘটনাই ফাটবিহুৰ গৰিমাত চেকা লগালে বুলি কৈ যোৱা ২৫ মে'ত ফাটবিহু সমিতিৰ পৰা শৰাই দি নিষ্পত্তিৰ আহ্বান জনোৱা বুলি ব্যক্ত কৰি ভৱিষ্যতৰ দিনত ফাটবিহুৱে এনে খুটি নাতি আঁতৰাই  লোক উৎসৱতোক অধিক মহীয়ান কৰাত ঘিলামৰাবাসীৰ সহায় সহযোগিতা কামনা কৰি  উক্ত দিনৰ বাবে সকলোৰে ওচৰত দোষ স্বীকাৰ কৰি পুনৰবাৰ ক্ষমা বিচাৰে।

ঘিলামৰাৰ বিশিষ্ট নাগৰিক আৰু নেতৃত্ববাহী গুণ গগৈ, বিপিন বৰুৱা, ডাঃ কেশৱ গগৈ, সুৰেশ্বৰ বৰা, দণ্ডী ধৰ গোহাঁই, পদ্মেশ্বৰ বৰগোঁহাই, তুলদা হাজৰিকা, ডিম্বেশ্বৰ চেতিয়া, কিৰণ গগৈ, লক্ষেশ্বৰ দত্ত, উমেশ চুতীয়া, পূৰ্ণানন্দ চেতিয়া, গিৰিশ দত্ত , নিৰঞ্জন গগৈ, বুবুল গগৈ, হৰেন শইকীয়া, যোগানন্দ গগৈ, হেমন্ত বৰুৱা আদিৰ উপৰিও বহু সংখ্যক নেতৃবৰ্গ উপস্থিত থকা সভাত ঘিলামৰাবাসীৰ হৈ প্ৰবীণ নাট্যকাৰ, শিক্ষাবিদ হৰেন শইকীয়াই ফাটবিহুৰ ইতিহাসত উক্ত ঘটনা এক কলংকৃত অধ্যায় হিচাবে থাকি যাব আৰু এই অমানৱীয় ঘটনাৰ প্ৰতিবিম্ব মন মগজুত যুগযুগলৈ সঞ্চিত হৈ থাকি যাব বুলি কয়।

তদুপৰি বিহু সমিতিৰ মুষ্টিমেয় কেইজনমান ব্যক্তিৰ উন্নাসিক আচৰণ আৰু উত্তেজনাৰ বাবে বিহু দলটিক কৰা বৰ্বৰ আক্ৰমণে  সমগ্ৰ ফাটবিহু সমিতিখন জনদৃষ্টিত লঘু কৰিছে বুলি কৈ ফাটবিহুক কুক্ষীগত কৰি এটা ঠেক গণ্ডীৰ ভিতৰত নাৰাখি মহকুমাৰ পৰিসীমালৈ সম্প্ৰসাৰিত কৰাৰ সুযোগ দিয়া হৈছে বুলি মন্তব্য কৰি সংস্কৃতিৰ চৰ্চাথলী বিহু বাকৰিত হোৱা এনে বৰ্বৰ ঘটনাৰ কাৰণ বিশ্লেষণ কৰাৰ আহ্বান জনায় সমিতিক।

শইকীয়াই উক্ত দিনা নিচাজাতীয় সামগ্ৰীৰ সেৱন আৰু একাংশ বিষয়ববীয়াৰ অহংকাৰৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি কৈ ফাটবিহুক লৈ গৰ্বিত হোৱাৰ এক সুস্থ পৰিৱেশ গঢ়াৰ আহ্বান জনাই । সভাত ফাটবিহুৰ একাংশ উন্মত্ত বিষয়ববীয়াৰ  উদণ্ড আচৰণৰ বাবে সমগ্ৰ বিহু সমিতিখনৰ লগতে অসমৰ সংস্কৃতিবান ৰাইজো লজ্জিত হৈছে বুলি মত প্ৰকাশ কৰে। অসমৰ ৰাইজৰ জ্ঞাত হোৱাকৈ উক্ত বিষয়ববীয়া সকলক ফাটবিহু সমিতিয়ে কি সংবিধানগত শাস্তি দিয়ে তালৈ ফাটবিহু প্ৰেমী সমগ্ৰ অসমবাসীয়ে আগ্ৰহেৰে বাট চাইছে বুলিও মন্তব্য কৰে।

সভাত জ্যেষ্ঠ নাগৰিক ডিম্বেশ্বৰ চেতিয়াই ঢকুৱাখনাবাসীৰ একক লোক সম্পদ আৰু জাতীয় সত্তা স্বৰূপ গৌৰৱৰ অনুষ্ঠান ফাটবিহু মঞ্চত সংঘটিত নিৰ্লজ উক্ত কাণ্ডৰ বাবে ধিক্কাৰ গৰিহণা  দি অসমীয়া বিহুৰ ঐতিহ্যত এটা উল্লেখযোগ্য শিক্ষা হওঁক আজিৰ ক্ষমা খোজা ঘটনাই বুলি মন্তব্য কৰে। সভাত উন্নয়ন সমিতিৰ সহকাৰী সম্পাদক যোগানন্দ গগৈয়ে বৰদৈচিলা বিহু দল ঘিলামৰাৰ হোৱাৰ বাবেই এই নিৰ্লজ ঘটনা সন্দৰ্ভত ৰাইজ সংগঠনে প্ৰতিবাদী কাৰ্যসূচী লোৱা হোৱা নাছিল ঘিলামৰাবাসীয়ে বুলি কৈ ঐক্য সম্প্ৰীতি সংস্কৃতি বিনষ্ট কৰি ফাটবিহুৰ মৰ্যাদা ম্লান কৰাৰ বাবেহে ৰাইজ  সংগঠন মাৰবান্ধি থিয় দিয়া বুলি কয়।

কেৱল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিলে নহ'ব বিষয়ববীয়াসকল সংস্কৃতিবান হৈ কৃষ্টি সংস্কৃতি সুৰক্ষিত কৰিব লাগিব বুলিও মত প্ৰকাশ কৰে।সভাৰ অন্তত ফাটবিহু সমিতি আৰু ঘিলামৰা উন্নয়ন সমিতিয়ে যৌথ ভাবে সংবাদমেল অনুষ্ঠিত কৰি আজিৰ পৰা এই বিষয়টোৰ স্থায়ী নিষ্পত্তি আৰু পতিয়নযোগ্য সমাধান হোৱা বুলি মন্তব্য কৰি  এই সন্দৰ্ভত দুটা সিদ্ধান্ত গ্ৰহণ কৰে।

Also Read: তীৰ খেলৰ টিকট বিক্ৰী কৰি জে'ললৈ কলিয়াবৰৰ যুৱক...

culture Fata Bihu