ঢকুৱাখনাত চুলাই ভাটী উচ্ছেদ আবকাৰী বিভাগৰ...

ঢকুৱাখনা সমজিলাক চুলাই মুক্ত কৰাৰ নিৰন্তৰ অভিযান অব্যাহত আছে আবকাৰী বিভাগৰ। তাৰেই অংশ হিচাপে ঢকুৱাখনা আবকাৰী চক্ৰৰ বহু গাঁৱত মঙলবাৰে চলোৱা হয় চুলাই বেহা উচ্ছেদ অভিযান।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত চুলাই ভাটী উচ্ছেদ আবকাৰী বিভাগৰ...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা সমজিলাক চুলাই মুক্ত কৰাৰ নিৰন্তৰ অভিযান অব্যাহত আছে আবকাৰী বিভাগৰ উদ্যোগত। তাৰেই অংশ হিচাপে ঢকুৱাখনা আবকাৰী চক্ৰৰ অন্তৰ্গত দক্ষিণ চাপৰি মিচিং গাঁও, কঠাল গুৰি মিচিং গাঁও, ডাংধৰা,আমগুৰি, টামাৰ গাঁও, ঔগুৰি ডাংধৰা, সোনাৰী চাপৰি, জামুগুৰি, খামন গাঁও, থেকেৰাগুৰি মিচিং গাঁও, বিৰাজৰা চুক, ২নং বানতৌ গাঁও, দীঘলা গাঁও আদিত মঙলবাৰে চলোৱা হয় চুলাই বেহা উচ্ছেদ অভিযান ।

ঢকুৱাখনা আবকাৰী চক্ৰৰ চক্ৰ বিষয়া পৰাগ চেতিয়াৰ নেতৃত্বত চলোৱা অভিযান কালত প্ৰায় ১হাজাৰ ৪২০ লিটাৰ নিষিদ্ধ চুলাই প্ৰস্তুত কৰা "পাজ", ১০০লিটাৰ চুলাই ,১১টা চুলাই বনোৱা সঁজুলি জব্দ কৰি থলিতে বিনস্ত কৰে আৰু নদীৰ বুকুলৈ নিক্ষেপ কৰে। 

ঢকুৱাখনা আৰক্ষীৰ সহযোগত আবকাৰী বিভাগৰ দলটোৱে এনেবোৰ সমাজ বিৰোধী মুনাফালোভী চক্ৰই গোপন আৰু পৰিত্যক্ত স্থানত লুকুৱাই ৰখা চুলাই ভৰ্তি বহু সংখ্যক ড্ৰাম উদ্ধাৰ কৰি ভাঙি কাটি ধ্বংস কৰে আৰু পুনৰ এনে নিষিদ্ধ বেহা নকৰিবলৈ অন্তিম সকীয়নী প্ৰদান কৰে ।

ঢকুৱাখনা