ঘিলামৰাত আবকাৰী বিভাগৰ অভিযানত অবৈধ চুলাই ভাতী উচ্ছেদ...

ঘিলামৰাত আবকাৰী বিভাগৰ অভিযানত অবৈধ চুলাই ভাতী উচ্ছেদ...
ঘিলামৰাত আবকাৰী বিভাগৰ অভিযানত অবৈধ চুলাই ভাতী উচ্ছেদ...

ডিজিটেল সংবাদ ঢকুৱাখনা: সমাজ আৰু সামাজিক সম্প্ৰীতিৰ প্ৰতি প্ৰচণ্ড ভাবুকি স্বৰূপ অবৈধ চুলাই ভাতী বিৰোধী অভিযান অব্যাহত আছে ঢকুৱাখনা মহকুমাত । ঢকুৱাখনা আবকাৰী চক্ৰৰ চক্ৰ পৰিদর্শক ভূপেন শইকীয়াৰ নেতৃত্বত শুকুৰবাৰে মহকুমাটোৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গ্ৰামাঞ্চলত অবৈধ চুলাই ভাতী উচ্ছেদ অভিযানৰ লগতে অবৈধ সুৰা বিৰোধী অভিযান চলোৱা হয়।

ঘিলামৰা আৰক্ষীৰ সহযোগত আবকাৰী বিভাগৰ দলটোৱে থানাখনৰ অন্তৰ্গত ম'হমৰা,দীঘলী ,কঠালপৰা, ধেনুখণা ,মূৰ্তিয়া ,শিঙিয়া,লাওকোঠ আদি গ্ৰামাঞ্চলত অভিযান চলাই প্ৰায় ৩৮০ লিটাৰ চুলাই প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা "পাজ" , প্ৰায় ২০ লিটাৰ চুলাই , প্ৰায় ৬ হাজাৰ ৭৫০ লিটাৰ বিদেশী সুৰা উদ্ধাৰ কৰি থলীত বিনষ্ট কৰাৰ লগতে বহু সংখ্যক চুলাই প্ৰস্তুত কৰা যন্ত্ৰ, সা-সঁজুলি ধ্বংস কৰে ।

বহু কেইটা অবৈধ চুলাই ভাতীও উচ্ছেদ কৰিবলৈ সক্ষম হোৱা দলটোৱে ভৱিষ্যতে এনে আইন বিৰুদ্ধ অসামাজিক ব্যৱসায় নকৰিবলৈ পৰিয়ালসমূহক সকীয়াই দিয়ে। অন্যথা কঠোৰ আইন সংগত শাস্তি বিহাৰো সকীয়নী দিয়ে ।

অন্যহাতে মহকুমাটোৰ ঘিলামৰা থানাৰ অন্তৰ্গত বিভিন্ন স্থানত গঢ় লৈ উঠা শিৱ মন্দিৰ একাংশত অবৈধ ভাংৰ গোপন বেহা চলি থকাৰ ব্যাপক অভিযোগ উত্থাপিত হৈছে। থানাখনৰ একাংশ তলতিয়া মুনাফা লোভী আৰক্ষীৰ চত্ৰছাঁয়াত ভয়ংকৰ হাৰত গঢ় লৈ উঠা এই নিষিদ্ধ বেহাখন উচ্ছেদ কৰাত আবকাৰী বিভাগ তৎপৰ হোৱাৰ লগতে এনে অৰ্থলোভী আৰক্ষীৰ ওপৰত ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকী সতৰ্ক আৰু কঠোৰ হোৱাৰ আহ্বান জনাইছে সচেতন ৰাইজে ।

ঘিলামৰাত আবকাৰী বিভাগৰ অভিযানত অবৈধ চুলাই ভাতী উচ্ছেদ...
বিদ্যুৎ কটকীৰ নতুন অসমীয়া চলচ্চিত্ৰ 'মই এটি নিশাচৰ'ৰ শুভ মহুৰত সম্পন্ন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in