ঢকুৱাখনাত চুলাই উচ্ছেদ অভিযান...

 ঢকুৱাখনাৰ বিভিন্ন গাঁৱে গাঁৱে গঢ়ি উঠা নিষিদ্ধ চোৰাং বেহা উৎখাট কৰাত ব্ৰতী হৈ অহা ঢকুৱাখনা আবকাৰী চক্ৰই বৃহস্পতিবাৰে পুনৰ চলালে চুলাই ভাটী উচ্ছেদ অভিযান ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত চুলাই উচ্ছেদ অভিযান...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা আবকাৰী চক্ৰত অব্যাহত আছে অবৈধ চুলাই বিৰোধী অভিযান। গাঁৱে গাঁৱে গঢ়ি উঠা এই নিষিদ্ধ চোৰাং বেহা উৎখাট কৰাত ব্ৰতী হৈ অহা ঢকুৱাখনা আবকাৰী চক্ৰই বৃহস্পতিবাৰে পুনৰ চলালে চুলাই ভাটী উচ্ছেদ অভিযান ।

Advertisment

এইবাৰ সহযোগিতা আগবঢ়ালে কাৰ্যবাহী দণ্ডাধীক্ষ আৰু ঢকুৱাখনা আৰক্ষীয়ে। বৃহস্পতিবাৰে দুপৰীয়া ঢকুৱাখনা ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া নৱনীতা হাজৰিকা, ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া  প্ৰিয়ব্রত গগৈ আৰু আবকাৰী চক্ৰ পৰিদৰ্শক দিগন্ত চেতিয়াৰ যৌথ নেতৃত্বত  চলোৱা হয় এই অভিযান।

দলটোৱে নামনি দক্ষিণ চাপৰি, থেকেৰাগুৰি, নেমুটেঙানী, বকুলগুৰি তিনিআলি আদি গাঁৱত চলোৱা অভিযান কালত বাঁহনীৰ তলত লুকুৱাই ৰখা প্ৰায় ৪৫০ লিটাৰ চুলাই প্ৰস্তুত কৰা পাজ, ১০লিটাৰ নিষিদ্ধ চুলাই মদ আৰু ৩টা চুলাই প্ৰস্তুত কৰা সঁজুলি আৰু ভাটী উদ্ধাৰ কৰি থলীতে বিনষ্ট কৰে।

দলটোৱে সংশ্লিষ্ট পক্ষক এনে সমাজৰ ক্ষতিকাৰক নিষিদ্ধ বেহা ভৱিষ্যতৰ দিনত নকৰিবলৈ সকীয়াই দি এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ সতৰ্কতা সন্দৰ্ভত অনুকীয়াই দিয়ে।

আবকাৰী বিভাগ ঢকুৱাখনা