ঢকুৱাখনাত প্ৰকৃতি সংৰক্ষকৰ শগুন স্মৃতি দিৱস পালনেৰে সজাগতা সৃষ্টিৰ প্ৰয়াস...

শগুন প্ৰকৃতিৰ জমাদাৰ হিচাবে সৰ্বপৰিচিত । এইবিধ দুষ্প্ৰাপ্যপ্ৰায় প্ৰাণীকুলৰ ওপৰত চলিছে নির্যাতন
শগুন স্মৃতি দিৱস পালন
শগুন স্মৃতি দিৱস পালন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ শগুন প্ৰকৃতিৰ জমাদাৰ হিচাবে সৰ্বপৰিচিত । এইবিধ দুষ্প্ৰাপ্যপ্ৰায় প্ৰাণীকুলৰ ওপৰত চলিছে নির্যাতন । হকে বিহকে এইবিধ প্ৰাণীকুলৰ ওপৰত জীৱ শ্ৰেষ্ঠৰ নিৰ্বিচাৰ প্ৰত্যক্ষ অথবা পৰোক্ষ আক্ৰমণৰ পৰিণতিত চলিত বৰ্ষৰ জানুৱাৰী  মাহৰ পৰা এপ্ৰিল মাহ পৰ্যন্ত মুঠ ৭০ টা শগুনে ৰাজ্যখনত অস্বাভাৱিক মৃত্যুক সাৱটি লোৱা পৰিলক্ষিত হৈছে ।

পাৰিপাৰ্শ্বিক পৰিৱেশ আৰু সমাজ সভ্যতাৰ বাবে নিৰাশাজনক আৰু হতাশজনক ইংগিত বহন কৰা এই তথ্য উদঘাটন কৰি শুক্ৰবাৰে এক ব্যতিক্ৰমী স্মৃতি ও সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ল ঢকুৱাখনাত ।

শুক্ৰবাৰে ঢকুৱাখনাৰ অগ্ৰণী প্ৰকৃতি সংগঠন "পো এন ফো ৱাইল্ড"ৰ উদ্যোগত আৰু মেগামিক্স প্ৰকৃতি সংঘৰ  সহযোগত ইতিমধ্যে অকাল মৃত্যুক সাৱটি লোৱা ৭০ টা শগুনৰ স্মৃতিত এক বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

ঢকুৱাখনা উপ খণ্ড বন বিষয়াৰ কাৰ্য্যালয় প্ৰাংগণত অনুষ্ঠিত এই ব্যতিক্ৰমী কাৰ্যসূচীত বিশিষ্ট প্ৰকৃতি সংৰক্ষক ক্ৰমে ডঃ অমল চন্দ্ৰ দত্ত, ইন্দ্ৰেশ্বৰ দাস, মানস প্ৰতিম দত্ত, ধ্ৰুৱ জ্যোতি চেতিয়া, বিমান সন্দিকৈ, বন বিষয়া ইন্দ্ৰেশ্বৰ দাস আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

ঢকুৱাখনাত এই প্ৰচেষ্টা
ঢকুৱাখনাত এই প্ৰচেষ্টা

সভাত সদৰী কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ১৮ জানুৱাৰীত কুকুৰা মৰা বনাঞ্চলৰ দাঁতি-কাষৰীয়া অঞ্চলত ২ টা, ২৩ জানুৱাৰীত শিৱসাগৰ জিলাৰ পানবেচাৰ বৰবিল অঞ্চলত ২৫ টা শগুন, ২২ ফেব্ৰুৱাৰীত মাজুলী জিলাৰ জেংৰাইমুখৰ বোকা বিল অঞ্চলত ৬ টা শগুন, ২৪ ফেব্ৰুৱাৰীত

ঢকুৱাখনা মহকুমাৰ বাগিছা গাঁৱৰ পাগলী পথাৰত ৬ টা শগুন, ১০ মাৰ্চত কামৰূপ জিলাৰ ছয়গাঁওৰ বামুনি গাওঁত ৩টা শগুন, ১৪ মাৰ্চত

ডিব্ৰুগড় জিলাৰ জামিৰা পাত্ৰগাঁৱত ২০ টা শগুন, ৬ এপ্ৰিলত দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ নোৱামাটিত ৪টা শগুন, ৯ এপ্ৰিলত ছৈখোৱাৰ ধাদুমা পথাৰ ডাঙৰীত ২ টা শগুন, ১০ এপ্ৰিলত ঢকুৱাখনাৰ পশ্চিম ঢকুৱাখনাৰ অঞ্চলত ১ টা, ২১ এপ্ৰিলত ঢকুৱাখনা ভাটি জালভাৰীত ১ টা শগুনৰ অকাল মৃত্যু ঘটিছে ।

এনে এক পাৰিপাৰ্শ্বিক প্ৰতিকূল পৰিস্থিতিত  মানৱ সমাজৰ কৰণীয়তা সন্দৰ্ভত চমু অবলোকণ কৰি সমাজহিতৈষী প্ৰকৃতি সংৰক্ষকসকলে জন সজাগতা সৃষ্টিৰে এই দুষ্প্ৰাপ্যপ্ৰায়  জীৱ প্ৰজাতিৰ সংৰক্ষণ আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ আহ্বান জনোৱা হয় ।

সভাতেই  ইতিপূৰ্বে মৃত্যুক সাৱটি লোৱা ৭০টা শগুনৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি পাৰিপাৰ্শ্বিক পৰিৱেশলৈ আগবঢ়াই যোৱা স্বভাবজাত অৱদানৰ সশ্ৰদ্ধ স্মৰণ কৰা হয়।

শগুন স্মৃতি দিৱস পালন
নাবালিকাক বলাৎকাৰৰ অভিযোগত বিএছএফ জোৱান গ্ৰেপ্তাৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in