নিৰ্বাচনত লখিমপুৰত ড্ৰাই ডে' ঘোষণা...

নিৰ্বাচনত লখিমপুৰত ড্ৰাই ডে' ঘোষণা...

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ লখিমপুৰ জিলাত সকলো ধৰণৰ দেশী আৰু বিদেশী সুৰা, নিচাযুক্ত সামগ্ৰীৰ বিক্ৰী ও সৰবৰাহ নিষিদ্ধ ঘোষণা কৰা হৈছে। লখিমপুৰ জিলাৰ জিলা আয়ুক্ত গায়ত্ৰী দেৱী দাস হাৰলিঙ্গে জিলা প্ৰশাসনৰ আবকাৰী শাখাৰ পৰা এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। জিলা আয়ুক্তগৰাকীয়ে শনিবাৰে EXCI/13/24/EXCISE /LKPR/88 নম্বৰৰ এক নিৰ্দেশনা অনুসৰি সমগ্ৰ লখিমপুৰ জিলাত কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰিছে ।

নিৰ্দেশনাটোত জিলা আয়ুক্তগৰাকীয়ে সমাগত লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১২নং লখিমপুৰ সমষ্টিৰ অন্তৰ্গত লখিমপুৰ জিলাখনত সকলো ধৰণৰ নিচাযুক্ত সামগ্ৰী দেশী-বিদেশী সুৰা আৰু ব্যৱসায়িকভাৱে প্ৰস্তুত কৰা নিচাযুক্ত সুৰাৰ বিক্ৰী,সৰবৰাহ, বিতৰণ আৰু সেৱন সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে।

জিলাখনৰ সকলো হোটেল, ধাবা, অন্য বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, ব্যক্তিগত আৰু ৰাজহুৱা স্থানত সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বিক্ৰী, সেৱন আৰু পান সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে। তাৰোপৰি জিলাখনত থকা সকলো বিলাতী সুৰাৰ বণ্ড , বিলাতী সুৰাৰ বাৰ, বিলাতী সুৰাৰ দোকান, ক্লাব, ষ্টাৰ যুক্ত হোটেলকে প্ৰমুখ্য কৰি সকলো দেশী-বিদেশী সুৰাৰ বিপনী বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰা হৈছে নিৰ্দেশনাটোত।

অহা ১৭এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিলৰ বিয়লি ৫ বজালৈ এই সময়ছোৱাৰ লগতে অহা ৬ জুনৰ দিনা সমগ্ৰ লখিমপুৰ জিলাত ড্ৰাই ডে' ঘোষণা কৰিছে। ভোট গ্ৰহণ আৰু ভোট গণনাৰ দিনা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা এই নিৰ্দেশনা উলংঘাকাৰীৰ বিৰুদ্ধে আবকাৰী আইন অনুসৰি কঠোৰ  বিধি ব্যৱস্থা বলবৎ কৰা হ'ব বুলি নিৰ্দেশনাটোত সকীয়াই দিয়া হৈছে ।

নিৰ্বাচনত লখিমপুৰত ড্ৰাই ডে' ঘোষণা...
ড° প্ৰণৱজ্যোতি ডেকাৰ মৃত্যুত লুৰীণজ্যোতি গগৈৰ শোকপ্ৰকাশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in