‘ইংগিত’ ঘিলামৰাৰ উদ্যোগত গ্ৰাম্য একাংক নাট প্ৰতিযোগিতা...

‘ইংগিত’ ঘিলামৰাৰ উদ্যোগত গ্ৰাম্য একাংক নাট প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
‘ইংগিত’ ঘিলামৰাৰ উদ্যোগত গ্ৰাম্য একাংক নাট প্ৰতিযোগিতা...

ডিজিটেল সংবাদ, ঘিলামৰাঃ ঘিলামৰাৰ অন্যতম সত্তা হিচাপে পৰিচিত ‘ইংগিত’ নামৰ নাট্য সংগঠনটোৱে ঘিলামৰাৰ নাট্য চৰ্চাক অধিক গতিশীল কৰি তোলাৰ উদ্দশ্যে শনিবাৰে ঘিলামৰা কৃষ্টি ভৱনত গ্ৰাম্য একাংক নাট প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই উপলক্ষ্যে ২০ জুলাইৰ আবেলি ৫ঃ১৫ বজাত ঘিলামৰাৰ সামাজিক, সাংস্কৃতিক জগতলৈ সেৱা আগবঢ়োৱা প্ৰয়াত ব্যক্তি সকলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন অনুষ্ঠানটিত মুখ্য প্ৰজ্বলক হিচাপে ইংগিতৰ মঞ্চাধ্যক্ষ হৰেন শইকীয়াই অংশ গ্ৰহন কৰিব।

Advertisment

সন্ধিয়া ৫ঃ৩০ বজাত গ্ৰাম্য একাংক নাট প্ৰতিযোগিতা উদ্বোধন কৰিব সোৱণশিৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তন্ময় বৰাই। প্ৰতিযোগিতা খনত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ নাট্যদল, প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ পৰিচালক, প্ৰথম আৰু দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা- অভিনেত্ৰী, শ্ৰেষ্ঠ সংগীত পৰিচালক, শ্ৰেষ্ঠ পোহৰ পৰিচালক, শ্ৰেষ্ঠ ৰূপসজ্জা, শ্ৰেষ্ঠ উদীয়মান নাট্যকাৰ, শ্ৰেষ্ঠ কৌতুক অভিনেতা আৰু শ্ৰেষ্ঠ শিশুশিল্পী আদি কৰি ১৬ টা পুৰস্কাৰ ৰখা হৈছে।

Also Read: ৰঙাপৰাত ভয়াৱহ পথ দুৰ্ঘটনা: বাগৰি পৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাক

ghilamara drama compitition