/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/196e33c9-2d4a-41c1-ad77-4e66c08b8bd9/328.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : অসম বিধানসভাৰ ৭৭ নং ঢকুৱাখনা (অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত) বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা শুক্ৰবাৰে প্ৰকাশ কৰা হয়। ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সংবাদমেলত এই খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়।
জিলা নিৰ্বাচনী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত কাৰ্ত্তিক কলিতা আৰু মহকুমা নিৰ্বাচনী বিষয়া পাৰ্থ প্ৰতীম বৰুৱাই আনুষ্ঠানিকভাৱে সংবাদমেলত এই খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰি সংবাদমেল সম্বোধন কৰে। জিলা নিৰ্বাচনী বিষয়া কলিতাই প্ৰকাশ কৰামতে সমষ্টি সীমা পুনৰ নিৰ্ধাৰণৰ ভিত্তিত ১জানুৱাৰী ২০২৪ চনক ভিত্তি বর্ষ হিচাপে লৈ প্ৰস্তুত কৰা ভোটাৰ তালিকা মতে সদ্য প্ৰকাশিত খচৰা ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১ লাখ ৬০ হাজাৰ ২শ ৪৬ গৰাকী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/72e44830-2aef-4a14-ad7a-701c8255bfc5/6409d730_770a_49f4_b15c_943ff4a152b5.jpg)
ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হল ৮০ হাজাৰ ৬শ৬৫গৰাকী। মহিলা ভোটাৰ ৭৯ হাজাৰ ৫শ ৮১গৰাকী। মুঠ ভোট কেন্দ্ৰৰ সংখ্যা ১৯৮ টা । সমষ্টিটোৰ মুঠ চাৰ্ভিছ ভোটাৰৰ সংখ্যা হ'ল ৪০৯ গৰাকী।
সংবাদমেলত ভোটাৰৰ দাবী আৰু ওজৰ আপত্তিসমূহ ২০২৪ বর্ষৰ ৮ জানুৱাৰীলৈ বিভাগক দাখিল কৰিব পাৰিব বুলি উল্লেখ কৰে। সেই দাবীসমূহৰ নিষ্পপ্তি অহা ২০২৪ বর্ষৰ ২২জানুৱাৰীৰ ভিতৰত সম্পন্ন কৰা হ'ব।
নিৰ্বাচনী বিভাগে নতুন ভোটাৰ আৰু বাদ পৰি যোৱা ভোটাৰ সকলক অন্তৰ্ভূক্তকৰণৰ বাবে বিশেষ সজাগতা সভা অনুষ্ঠিত কৰিব বুলি জানিবলৈ দি নতুন অৰ্হতা সম্পন্ন ভোটাৰসকলৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সকলোকে আহ্বান জনায় । উল্লেখযোগ্য যে অহা ২০২৪ বর্ষৰ ৮ ফেব্ৰুৱাৰীত সমষ্টিটোৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হ'ব।
Also Read: দৰঙত খচৰা ভোটাৰ তালিকা প্ৰকাশ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us