/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/5e6cae1d-82dd-452a-9bfe-aebec31d49e5/book_9.jpg)
মিচিং লোক সংস্কৃতিৰ গৱেষক ড০ পবিত্ৰ কুমাৰ পেগুৰ গ্ৰন্থ আৰু অডিঅ' চি ডি উন্মোচন...
ডিজিটেল সংবাদ ঢকুৱাখনা: মিচিং ভাষা সাহিত্য আৰু লোক সংস্কৃতিৰ গৱেষক, বিশিষ্ট সংগীত শিল্পী,সাহিত্যিক ড০ পবিত্ৰ কুমাৰ পেগুৰ গৱেষণালব্ধ লেখনিৰে সমৃদ্ধ এখন লোক সংস্কৃতিৰ পঠন যোগ্য গ্ৰন্থ শনিবাৰে ঢকুৱাখনাত উন্মোচন কৰা হয়। অসমৰ শৈক্ষিক জগতৰ ইতিহাস বহনকাৰী অন্যতম শিক্ষানুষ্ঠান, ১৯৩৬ চনতে প্ৰতিষ্ঠা হোৱা ঢকুৱাখনাৰ অল আসাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ উন্মোচনী সভাত অমূল্য সাহিত্য সম্পদ স্বৰূপ ড০ পবিত্ৰ কুমাৰ পেগু বিৰচিত গ্ৰন্থখন উন্মোচন কৰে অসম আৰক্ষীৰ শীর্ষ আমোলা জিৎমল দলেয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/17a83fd5-0aa2-465d-9d40-4c81c18606c9/d55a49c7_f28a_4882_b24d_d7cee20811ff.jpg)
প্ৰায় ১৫২ পৃষ্ঠাৰ,মুঠ ১৮ টা মননশীল পঠনিয় প্ৰবন্ধৰে সমৃদ্ধ "মিচিং সমাজ সংস্কৃতিৰ অবলোকন" শীর্ষক গ্ৰন্থখন উন্মোচন কৰি ভাৰতীয় আৰক্ষী সেৱাৰ শীর্ষ পদস্থ আৰক্ষী আমোলা তথা অসমৰ উত্তৰ পূব মণ্ডলৰ আৰক্ষী উপ-মহা পৰিদৰ্শক হিচাবে কৰ্তব্যৰত জিৎমল দলেয়ে মননশীল বক্তব্য আগবঢ়াই। নিজৰ উন্মোচনী বক্তব্যত দলেয়ে কয়, শিল্পী সাহিত্যিকসকল সমাজ সভ্যতাৰ আটাইতকৈ চিৰ নমস্য ব্যক্তি। ব্যক্তি বন্দনা ধ্বংসাত্মক যদিও এখন অবক্ষয়ী সমাজক সংস্কাৰী আৰু গতিশীল কৰাত প্ৰভূত অৱদান আগবঢ়োৱা এইসকল মহান আৰু গুণী ব্যক্তিৰ গুনানুকীৰ্তন কৰিবই লাগিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a67b682a-b84c-4a5b-9cce-9fb7825247ff/50dd43df_3d6e_4b08_a462_b02aae672ad6.jpg)
উন্মোচক দলেয়ে কয়, সংস্কৃতিয়ে সদায় সমাজখন সুন্দৰতৰ ভৱিষ্যতৰ দিশলৈ আগুৱাই লৈ যায়। আত্মিকভাবে সুন্দৰ আৰু সবল হলেহে সমাজ সংস্কৃতিৰ গুৰু শিক্ষকৰ পবিত্ৰ পৰম্পৰা অবক্ষয় ঘটিছে বুলি কৈ উন্মোচক দলেয়ে অধ্যয়ন অবিহনে লিখন অথবা সাহিত্য সৃষ্টি সম্ভৱ নহয় বুলি কৈ লোক শিল্পী, লোক সংস্কৃতিৰ গৱেষক ড০ পবিত্ৰ কুমাৰ পেগুৰ সাহিত্য সৃষ্টি ৰাজীৰ শলাগ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/4a492c39-e308-4299-a8f9-990ca39489f8/220ec8b4_d817_4799_875c_aea2f5d358e0.jpg)
বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত কৰা উন্মোচনী সভাত বিদ্যালয়খনৰ অধ্যক্ষ নিৰঞ্জন পেগুৱে সঞ্চালনা কৰে। উন্মোচনী সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেৱেন পেগু, শিক্ষক গোটৰ সম্পাদক জয়ন্ত দাস আৰু সমূহ শিক্ষক কৰ্মচাৰী, বিদ্যাৰ্থী,অভিভাৱক, শিক্ষানুৰাগী ৰাইজৰ লগতে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক, লোক শিল্পী, উন্মোচিত গ্ৰন্থৰ লেখক ড০ পবিত্ৰ কুমাৰ পেগু, ড০ পেগুৰ সহধৰ্মিণী তথা অনাতাঁৰ কেন্দ্ৰৰ লোক শিল্পী, সুকণ্ঠী গায়িকা দীপ্তি ৰাণী পেগু,খেৰকটা মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত পেগু,বিশিষ্ট চিকিৎসক ডাঃ ভবেন দলেকে প্ৰমুখ্য কৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/89ad7ca1-a2bf-4897-9cae-3595cf12526f/a5a90398_d750_4db3_a0fa_465dfe47692f.jpg)
বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ উদ্যোগত অনুষ্ঠিত উন্মোচনী সভাত সুকণ্ঠী গায়িকা দীপ্তি ৰাণী পেগু, ডাৰমি পেগু আৰু মাইকেল দলেৰ শ্ৰুতিমধুৰ গীতৰ মূৰ্ছনাই সভা গৃহ জীপাল কৰি তোলে। জনাকীৰ্ণ উন্মোচনী সভাত গ্ৰন্থ উন্মোচনৰ পাছতেই মিচিং শিক্ষাসদী সমাজৰ প্ৰথমখন উচ্চ মাধ্যমিক বিদ্যালয় অল আসাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে ৰচনা কৰা বিদ্যালয় শীর্ষক শ্ৰুতিমধুৰ অ' ডি অ' চি ডিখন উন্মোচন কৰে ধেমাজি জিলাৰ মুৰকংছেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ডo দীপক কুমাৰ দলেয়ে।
উন্মোচিত গ্ৰন্থ আৰু বিদ্যালয় শীর্ষক সঙ্গীতৰ ৰচক,পৰিচালক, নিৰ্দেশক ড০ পবিত্ৰ কুমাৰ পেগুৱে প্ৰদান কৰা নষ্টালজিক বক্তব্যত জন্মভূমি আৰু প্ৰাথমিক শিক্ষা গ্ৰহণৰ আদিপাঠ গ্ৰহণ কৰা বিদ্যালয়খনলৈ জীৱনত একো দিব নোৱাৰিলোঁ যদিও কিবা এটা দিব লাগিব বুলি ভাবি এই শীৰ্ষ সংগীতৰ ৰচনা, প্ৰযোজনা, সুৰ আৰু নিৰ্দেশনাৰে এটা শীর্ষ সংগীত অৰ্পণ কৰিলোঁ। এয়া জীৱনৰ আদিপাঠ গ্ৰহণ কৰা ,মানুহ হ'বলৈ শিকোৱা শিক্ষানুষ্ঠানলৈ মোৰ ক্ষুদ্ৰতম উপহাৰ " বুলি কয় ড০ পেগুৱে।
শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক কাৰ্যসূচীৰে বাঙ্ময় হৈ পৰা উন্মোচনী অনুষ্ঠানত বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা অভ্যাগতসকলক উষ্ণ সম্বৰ্ধনা জনোৱা হয়।
Also Read: প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা চেন্নাইত মৃতকৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি...