ডাঃ হেম হৰি পেগুক প্ৰদেশ কংগ্ৰেছৰ কোষাধ্যক্ষ নিযুক্তি

ডাঃ হেম হৰি পেগুক প্ৰদেশ কংগ্ৰেছৰ কোষাধ্যক্ষ নিযুক্তি

author-image
Asomiya Pratidin
New Update
ডাঃ হেম হৰি পেগুক প্ৰদেশ কংগ্ৰেছৰ কোষাধ্যক্ষ নিযুক্তি

ডিজিটেল সংবাদ, ঢকুৱাখনা: বিশিষ্ট বিশেষজ্ঞ চিকিৎসক, প্ৰবীণ কংগ্ৰেছ নেতা ডাঃ হেম হৰি পেগুক অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ কোষাধ্যক্ষ হিচাবে নিযুক্তি দিয়া হৈছে। নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ ইনচাৰ্জ জিতেন্দ্ৰ সিঙৰ অনুমোদন ক্ৰমে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৬ নৱেম্বৰত ডাঃ পেগুক নিযুক্তি পত্ৰ প্ৰদান কৰিছে।

Advertisment

জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ দিয়া এই নিযুক্তিয়ে প্ৰবীণ কংগ্ৰেছী ডাঃ পেগুৰ অনুৰাগী সকলক উল্লাসিত কৰি তুলিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ডাঃ পেগুক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে, লখিমপুৰ লোক সভা সমষ্টিৰ পৰা সাংসদ হিচাবে ২০১৬ চনত কংগ্ৰেছ দলৰ হৈ আৰু ২০২১ চনত জোনাই বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাবে প্ৰতিদ্বন্দিতা কৰিছিল জ্যেষ্ঠ নেতা গৰাকীয়ে। সম্প্ৰতি দলৰ এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ আৰু উত্তৰ পূব কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত ডাঃ পেগুৱে ইতিমধ্যে এই শীৰ্ষ পদবীৰ কাৰ্যভাৰ গ্ৰহণ কৰিছে।

স্মৰ্তব্য যে প্ৰাক্তন মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা শৰৎ বৰকটকীৰ বিয়োগৰ পাছত দলটোৰ জ্যেষ্ঠ নেতা ডাঃ পেগুক এই গুৰুত্বপূৰ্ণ পদত স্থলাভিসিক্ত কৰা হৈছে ।

Also Read: অনাগত আঢ়ৈ বছৰত আৰু ২৫ হাজাৰ চৰকাৰী চাকৰি প্ৰদান কৰিব চৰকাৰে : মন্ত্ৰী পীয়ুষ হাজৰীকা

apcc