বান্দেনাৰ ধ্বংসলীলা পৰিদর্শন জিলা আয়ুক্তৰ...

বান্দেনাৰ ধ্বংসলীলা পৰিদর্শন জিলা আয়ুক্তৰ...

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ অসমীয়া জাতীয় কৃষ্টিৰ চহকী সোপান ফাটবিহু। সমগ্ৰ ঢকুৱাখনাবাসী ফাটবিহুৰ প্ৰস্তুতিত ব্যস্ত থকাৰ মাজতে ঢকুৱাখনাৰে নদীপৰিয়াই কটাইছে বিনিদ্ৰ ৰজনী। দিনে নিশাই ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড গৰাখহনীয়াৰ শব্দই ভোকৰ ভাত পিয়াঁহৰ পানী পাহৰাইছে বৃহত্তৰ ব্ৰহ্মপুত্ৰ নদীপৰিয়াৰ।

বিগত প্ৰায় এপষেক ধৰি ব্ৰহ্মপুত্ৰই চিচি টেকেলিফুটা মথাউৰিৰ বান্দেনা স্পাৰত চলোৱা নিৰবিছিন্ন গৰাখহনীয়াত প্ৰায় ২৫ মিটাৰ অংশ উচন গ'ল । ব্ৰহ্মপুত্ৰ পূৰ্বতকৈ প্ৰায় ৫০ মিটাৰ ভিতৰলৈ সোমাই আহিল মথাউৰি দিশে। ঢকুৱাখনা জলসম্পদ উপ সংমণ্ডলৰ অধীনৰ এই ৬ নং স্পাৰটোৰ বৃহৎ অংশ ব্ৰহ্মপুত্ৰৰ বুকুত উচন যোৱাৰ সমান্তৰালভাৱে উজনি অংশত স্থাপন কৰা এখন পাৰকুপাইন স্ক্ৰীন জাহ গল।

জলসম্পদ বিভাগৰ অদক্ষ সহকাৰী কাৰ্যবাহী অভিযন্তা লক্ষী নাথ ফুকনৰ লগতে শাখা বিষয়া চিত্ৰ পেগুৰ অদূৰদৰ্শী নীতিৰ বাবে বান্দেনা বিশাল ভূখণ্ডৰ লগতে কোটি কোটি টকাৰ গৰাখহনীয়া আঁচনি দুখন ব্ৰহ্মপুত্ৰত জাহ গ'ল। ঢকুৱাখনাৰ ভূ-সম্পদকলৈ নিকৃষ্ট হেতালি খেলা এইসকল জলসম্পদ বিষয়াৰ কৃপাত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ ধ্বংসলীলা পৰিদর্শনৰ বাবে বুধবাৰে ঢকুৱাখনালৈ আহে লখিমপুৰ জিলাৰ জিলা আয়ুক্ত গায়ত্ৰী হাৰলিঙ্গে ।

বুধবাৰে অতিৰিক্ত উপায়ুক্ত তথা ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতাৰ সহযোগত দুপৰীয়া হাৰলিঙ্গে উপস্থিত হয় খহনীয়া বিধ্বস্ত বান্দেনা অংশত। ব্ৰহ্মপুত্ৰৰ শিহৰণকাৰী খহনীয়া প্ৰত্যক্ষ কৰি শিহৰিত জিলা আয়ুক্তগৰাকীক অতিৰিক্ত উপযুক্ত তথা মহকুমাধিপতি কলিতা আৰু জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়োৱে খহনীয়াই গ্ৰাস কৰা ভূখণ্ডৰ বিৱৰণ দি সম্প্ৰতি জলসম্পদ বিভাগে গ্ৰহণ কৰা প্ৰতিৰোধ ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে।

খহনীয়া গ্ৰস্ত এলেকাত জলসম্পদ বিভাগে সংস্থাপন কৰা বালি ভৰ্তি জিঅ বেগৰ কামো পৰিদৰ্শন কৰে জিলা আয়ুক্ত গৰাকীয়ে। আয়ুক্তগৰাকীৰ সন্মুখতে স্থানীয় নদীপৰিয়া ৰাইজে জলসম্পদ বিভাগৰ ক্ৰুটিপূৰ্ণ কামৰ অভিযোগ আনে। প্ৰধানতঃ জলসম্পদ বিভাগে বান্দেনাৰ বিধ্বস্ত স্পাৰৰ অৱশিষ্ট অংশ সুৰক্ষাৰ বাবে স্থাপন কৰা জিঅ বেগসমূহত পৰ্যাপ্ত বালি ভৰ্তি নকৰাকৈ পালমৰা নীতিৰে কাম চলোৱাৰ অভিযোগ উত্থাপন কৰে।

জিলা আয়ুক্ত গৰাকীয়ে বিভাগৰ কাৰ্যবাহী অভিযন্তা ডেকা বড়োক অতি নিখুঁতভাৱে খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰি ব্ৰহ্মপুত্ৰৰ আগ্ৰাসন ৰোধিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ পাছতে মহকুমাধিপতিৰ সহযোগত আয়ুক্তগৰাকীয়ে ঢকুৱাখনা-ঘূণাসুঁতি লোকনিৰ্মাণ পথৰ কলাকতা অংশৰ দুৰ্ঘটনা প্ৰৱণ অংশ পৰিদৰ্শন কৰে। পৰৱৰ্তী সময়ত জিলাখনৰ শীর্ষ প্ৰশাসনিক বিষয়া গৰাকীয়ে ঘিলামৰাৰ বান বিধ্বস্ত দক্ষিণ গাঁও,বাংক্লেং লোকনিৰ্মান পথৰ নিৰ্মীয়মান কামৰ অগ্ৰগতিৰ বুজ লয়।

উল্লেখযোগ্য যে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাই ঢকুৱাখনাত বাহৰ পাতি খহনীয়া প্ৰতিৰোধ কামৰ পৰ্যবেক্ষণ কৰিছে। ঢকুৱাখনা-মাজুলীলৈ অতি স্পৰ্শকাতৰ সমস্যাৰ উদ্ভৱ কৰি ব্ৰহ্মপুত্ৰই চলোৱা শিহৰণকাৰী খহনীয়াই ঢকুৱাখনাবাসীৰ নিদ্ৰা হৰিছে।

বান্দেনাৰ ধ্বংসলীলা পৰিদর্শন জিলা আয়ুক্তৰ...
হঠাৎ বাতিল এয়াৰ ইণ্ডিয়াৰ প্রায় ৭০খন বিমান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in