Advertisment

ঢকুৱাখনাৰ ৰুক্ম নাথ গগৈ সমন্বয় ক্ষেত্ৰত হৰিনামৰ অমিয়া ধ্বনি

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ সৃষ্টি ৰাজীৰ প্ৰচাৰ আৰু মাৰ্গ দৰ্শন প্ৰসাৰৰ উত্তৰ পূৱ ভাৰতৰ একক আধ্যাত্মিক সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাৰ ৰুক্ম নাথ গগৈ সমন্বয় ক্ষেত্ৰত হৰিনামৰ অমিয়া ধ্বনি

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ  জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ সৃষ্টি ৰাজীৰ প্ৰচাৰ আৰু মাৰ্গ দৰ্শন প্ৰসাৰৰ উত্তৰ পূৱ ভাৰতৰ একক আধ্যাত্মিক সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। সংঘৰ  বলিষ্ঠ আৰু একনিষ্ঠ সংগী অনুষ্ঠান ঢকুৱাখনা জিলা শাখাৰ ৩৪ সংখ্যক বাৰ্ষিক অধিবেশন শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ।

Advertisment

সংঘৰ মাধৱ প্ৰাথমিক শাখা, ভকতা পুখুৰী আশ্ৰম ১নং হিলৈদাৰী গাঁৱৰ সমূহ ভক্ত প্ৰাণ ৰাইজৰ আতিথ্যত ৰুক্ম নাথ গগৈ সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই জিলা অধিবেশনৰ শুকুৰবাৰে শুভাৰম্ভ হয়। পুৱা বন্তি প্ৰজ্বলন, শৰাই অৰ্পণ, নাম প্ৰসঙ্গ, গছপুলি ৰোপণ আদি বিভিন্ন কাৰ্যসূচীৰ পাছতে অধিবেশনৰ মুখ্য তোৰণ উন্মোচন কৰে ভক্তপ্ৰাণ বৈষ্ণৱ ভোলা নাথ গগৈয়ে।

আয়তীৰ উৰুলী, গুৰুবাদ্যৰ অমিয়া ঝংকাৰ আৰু হৰি ধ্বনিৰ মাজত নামঘৰ, প্ৰতিনিধি তোৰণ আৰু প্ৰতিনিধি সভাগৃহ উন্মোচন কৰে সংঘৰ মূলৰ প্ৰাক্তন সদস্য নক্ষ গগৈয়ে। ইয়াৰ পাছতে মূল মণ্ডপ আৰু মূল মঞ্চ উন্মোচন কৰে প্ৰাক্তন মূলৰ সদস্য ৰঞ্জিত গগৈয়ে ।

জিলা সংঘৰ কেইবা সহস্ৰাধিক আই বাপ সমস্তৰ উপস্থিতিত হৰি নামৰ ধ্বনিৰে বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰ ঘটা ৰুক্ম নাথ গগৈ সমন্বয় ক্ষেত্ৰত শিশু, আই, মাতৃ সমাৰোহৰ উদ্বোধন কৰে শিশু, আই, মাতৃ কল্যাণ সমিতিৰ প্ৰাক্তন কেন্দ্ৰীয় সদস্য অঞ্জুবালা মজুমদাৰ বৰগোঁহাইয়ে। জিলা শাখাৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে মুখ্য অতিথি হিচাবে উপস্থিত থকা সন্মিলনত নিৰ্দিষ্ট বক্তা হিচাবে ৰীণা দত্তই, সন্মানীয় অতিথি হিচাবে লাবন্য বৰুৱাই আদি বহু কেইগৰাকী বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

বিয়লি সেৱা বাহিনীৰ সাধাৰণ পৰিষদৰ সভা সঞ্চালনা কৰে জিলা সভাপতি পূৰ্ণানন্দ গগৈয়ে। সন্ধিয়ালৈ বন্তি প্ৰজ্বলন ,অৰ্পন আৰু নাম প্ৰসংগৰে প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি মৰা হয়। সংঘৰ ঢকুৱাখনা জিলা শাখাৰ ৩৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি ৰাম মোহন গগৈ আৰু সম্পাদক প্ৰাঞ্জল প্ৰতীম ফুকনে জনোৱা মতে কেউটা দিনৰ কাৰ্যসূচীত বহু গুৰুত্বপূৰ্ণ শিতান থকা বুলি জানিবলৈ দি অন্তিম দিনা ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব ।

মুকলি সভাত প্ৰাক্তন পদাধিকাৰ ড০ কমলা কান্ত গগৈ, নিৰ্দিষ্ট বক্তা হিচাবে সংঘৰ সাহিত্য শাখাৰ প্ৰাক্তন সভাপতি ড০ মৃণাল কুমাৰ বৰুৱা,শিশু বক্তা চিয়াধৃতি গগৈকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক মূলৰ লগতে জিলা আৰু আঞ্চলিক শাখাৰ বিষয়ববীয়া, প্ৰশাসনিক বিষয়া ,শিক্ষাব্ৰতী ৰাইজে অংশগ্ৰহণ কৰিব।তাৰোপৰি অধিবেশনৰ মুখপত্ৰ "মাধৱ কথামৃত" উন্মোচন কৰিব মাজুলীৰ সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ পঞ্জীয়ক ড০ বিনোদ বৰাই।

লগতে "জাতি জনগোষ্ঠীৰ সমন্বয় সাধনত শ্ৰীমন্ত শংকৰদেৱ সংঘ" শীৰ্ষক এক মনোজ্ঞ আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। অন্তিম দিনা সন্ধিয়া ঢকুৱাখনা আঞ্চলিক শাখাৰ শিল্পীসকলে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত "কোটোৰা খেলা"  আৰু শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত "ৰাম বিজয়" নাট দুখন মঞ্চস্থ কৰিব । আদৰণি সমিতিয়ে কেউটা দিনৰ কাৰ্যসূচীত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ভক্তপ্ৰাণ ৰাইজ, গুৰুজনাৰ আদৰ্শপুষ্ট আই বাপ বান্ধৱৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

ঢকুৱাখনা শ্ৰীমন্ত শংকৰদেৱ শংঘ