Advertisment

ঢকুৱাখনাত সমষ্টি যুৱ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা...

পঞ্চায়ত, পৰিষদিয় আৰু বিধানসভা নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা আৰম্ভ হৈছে ঢকুৱাখনাত। তাৰেই অংশ হিচাবে দেওবাৰে সমষ্টিটোত যুৱ কংগ্ৰেছৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত সমষ্টি যুৱ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা...

ডিজিটেল সংবাদ ঢকুৱাখনাঃ ৰাজ্যখনত অনুষ্ঠিতব্য পঞ্চায়ত নিৰ্বাচনৰ লগতে পৰিষদিয় আৰু বিধানসভা নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা আৰম্ভ হৈছে ঢকুৱাখনাত। প্ৰধানকৈ প্ৰধান বিৰোধী ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভাতৃ সংগঠন যুৱ কংগ্ৰেছৰ উদ্যোগত ব্যাপক সাংগঠনিক তৎপৰতা ইতিমধ্যে আৰম্ভ হৈছে ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিত ।

Advertisment

ৰাজ্যখনত অনুষ্ঠিতব্য পঞ্চায়ত নিৰ্বাচনৰ লগতে পৰিষদিয় আৰু বিধানসভা নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা আৰম্ভ হৈছে ঢকুৱাখনাত।ঢকুৱাখনাৰ ৰাজীৱ ভৱন প্ৰাঙ্গনত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে ঢকুৱাখনা বিধানসভা সমষ্টি যুৱ কংগ্ৰেছ সমিতিৰ সভাপতি লক্ষ্যনাথ ঙাতেয়ে ।  

অসম প্ৰদেশ যুৱ কংগ্ৰেছ সমিতিৰ উপ-সভাপতি আনন্দ নৰহ, অসম প্ৰদেশ যুৱ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক দীপাংকৰ দাস, লখিমপুৰ জিলা যুৱ কংগ্ৰেছ সমিতিৰ সভাপতি মৌচুম লাহন, লখিমপুৰ জিলা যুৱ কংগ্ৰেছ সমিতিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক প্ৰেমধৰ মিলি, ঢকুৱাখনা বিধানসভা সমষ্টি যুৱ কংগ্ৰেছৰ নৱনিযুক্ত বিষয়ববীয়াসকলো উপস্থিত থাকে। 

ঢকুৱাখনা আৰু ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ বিষয়ববীয়াসকল, দুয়োটা ব্লকৰ অধীনৰ মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি-সম্পাদকসকলৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে ঢকুৱাখনা আৰু ঘিলামৰা ব্লক কংগ্ৰেছ সমিতিৰ সভাপতিদ্বয়, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ কাৰ্যকৰী সদস্যদ্বয়, লখিমপুৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক, ঢকুৱাখনা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা কাৰ্যকৰী সভানেত্ৰীসকল উপস্থিত থাকে। 

ৰাজ্যখনৰ লগতে সমষ্টিটোত সমাগত পঞ্চায়ত নিৰ্বাচন, মিচিং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন তথা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত যুৱ কংগ্ৰেছৰ সৈনিকসকলৰ কৰণীয় আৰু দলৰ বুনিয়াদ সবল কৰাত যুৱ শক্তিৰ ভূমিকা সন্দৰ্ভত বিশ্লেষণ কৰি বক্তব্য আগবঢ়াই দলৰ শীর্ষ নেতৃত্বই। দলক জনমুখী কৰি তোলাত আত্মোৎস্বৰ্গী মনোভাৱেৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনোৱাৰ লগতে নেতৃত্বই গেৰুৱা দলৰ জনবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে জন সজাগতা সৃষ্টিত আত্মনিয়োগৰো আহ্বান জনায়।

জনাকীৰ্ণ সভাতেই ঢকুৱাখনা বিধানসভা সমষ্টি যুৱ কংগ্ৰেছ সমিতিৰ নৱনিযুক্ত বিষয়ববীয়াসকলক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। সভাতেই অসম জাতীয় পৰিষদৰ ধেমাজি জিলাৰ আহ্বায়ক তথা হাৰ্হি আঞ্চলিকৰ সম্পাদক ৰাজীৱ কোঁচে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ উপৰিও প্ৰাক্তন কংগ্ৰেছী যুৱনেতা অপু শইকীয়াই পুনৰ কংগ্ৰেছ দলৰ সক্ৰিয় ৰাজনীতিলৈ  উভতি অহাত উষ্ণ আদৰণি জনোৱা হয়।

ঢকুৱাখনা যুৱ কংগ্ৰেছ