/asomiyapratidin/media/media_files/2025/05/02/Sfo1vNXd0jXVmyoqfOq7.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ এটা ভোটকেন্দ্ৰত উদ্ভৱ হৈছে উত্তপ্ত পৰিস্থিতি। ঢকুৱাখনা সমজিলাৰ পশ্চিম ঢকুৱাখনা জিলা পৰিষদৰ ১০নং খজুৱা মিলি প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত নিয়োজিত পোলিং বিষয়াই বৃদ্ধ ভোটাৰৰ হৈ এটা বিশেষ দলৰ প্ৰাৰ্থীক ভোট দান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
উত্থাপিত অভিযোগ অনুসৰি ৮০৯ টা ভোট বিশিষ্ট ভোটকেন্দ্ৰটোত নিয়োজিত পোলিং বিষয়া ভদ্ৰ কান্ত দলেয়ে এগৰাকী বৃদ্ধ ভোটাৰ অভিটি মিলিৰ ভোট এটা বিশেষ ৰাজনৈতিক দলৰ প্ৰাৰ্থীক ভোটাৰ গৰাকীৰ একান্ত অনিচ্ছা স্বত্তেও প্ৰদান কৰি ভোট দান কৰে। বিষয়টো সন্দৰ্ভত বৃদ্ধা ভোটাৰৰ আত্মীয়ই প্ৰত্যক্ষ কৰি নিৰ্বাচনী বিষয়াগৰাকীৰ এনে পক্ষপাতী আচৰণৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
পাছত কম দৃষ্টি সম্পন্ন বৃদ্ধাগৰাকীৰ আত্মীয়ই এনে অবিবেচকী কাণ্ড মানি নোলোৱাৰ সিদ্ধান্ত দোহাৰী ভোটকেন্দ্ৰৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সূত্ৰপাত কৰে। নিৰ্বাচনী বিষয়াগৰাকীৰ এনে পক্ষপাতী কাণ্ডত সোচ্চাৰ হৈ উপস্থিত ভোটাৰে এক অনাকাংক্ষিত পৰিস্থিতিৰ সূত্ৰপাত ঘটোৱাত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়।
বহু সময় ধৰি উত্তাল পৰিস্থিতিৰ উদ্ভৱ হৈ থকাৰ পাছত ৰাইজৰ অভিযোগৰ ভিত্তিত ভোটকেন্দ্ৰটোত উপস্থিত হৈ আৰক্ষীয়ে অভিযুক্ত ভদ্রকান্ত দলে নামৰ পোলিং বিষয়াজনক নিজৰ জিম্মাত লৈ যায়। অৱশ্যে সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণাধীন।