পশ্চিম ঢকুৱাখনাৰ কষ্টসহিষ্ণু ব্যৱসায়ী উত্তম কোচৰ ৰহস্যজনক বিয়োগ

ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম ঢকুৱাখনাৰ এগৰাকী কষ্টসহিষ্ণু, মাৰ্জিত আচৰণৰ প্ৰতিষ্ঠিত ব্যৱসায়ী উত্তম কোচ আৰু নাই। তেওঁৰ মৃত্যুত অঞ্চলটোত পৰিছে শোকৰ ছাঁ।

author-image
Tushar Pratim
New Update
পশ্চিম ঢকুৱাখনাৰ কষ্টসহিষ্ণু ব্যৱসায়ী উত্তম কোঁচৰ ৰহস্যজনক বিয়োগ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম ঢকুৱাখনাৰ এগৰাকী কষ্টসহিষ্ণু, মাৰ্জিত আচৰণৰ প্ৰতিষ্ঠিত ব্যৱসায়ী উত্তম কোচ আৰু নাই। ভোৰতাল চুক গাঁৱৰ প্ৰায় ৬২ বছৰ বয়সীয়া এইগৰাকী নীৰৱ আৰু নিৰহংকাৰী ব্যৱসায়ীৰ শনিবাৰে আকস্মিক বিয়োগ ঘটে।

Advertisment

জানিব পৰা মতে শনিবাৰে নিজা বাসগৃহত অসুস্থ হোৱা অতি নিঃস্ব জীৱন যাপন কৰা এইগৰাকী ব্যৱসায়িক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ আত্মীয়ই নিয়ে যদিও শেষ নিশ্বাস ত্যাগ কৰে কোচে। নিজৰ একান্ত পৰিশ্ৰম আৰু নিৰলস অধ্যাৱসায়ৰ বলত অতি নিঃস্ব অৱস্থাৰ পৰা এগৰাকী প্ৰতিষ্ঠিত আৰু প্ৰতিপত্তিশীল ব্যৱসায়ী হিচাবে আত্মপ্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা কোচৰ এনে আকস্মিক বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।  

তাৎপৰ্যপূৰ্ণ দিশ হ’ল প্ৰয়াত কোচৰ ঘৰত থকা পত্নী আৰু পুত্ৰই এই মৃত্যু স্বাভাৱিক আৰু হৃদৰোগজনীত কাৰণ বুলি ক’ব খুজিলেও বাস্তৱিকতে এয়া এক অস্বাভাৱিক আৰু গৃহ কন্দলৰ নিৰ্মম পৰিণতি বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে পাৰ্শ্বৱতী অঞ্চলত। প্ৰধানতঃ শুকুৰবাৰে ঘৰত কেৱল পত্নীসহ থকা কোচ আৰু এগৰাকী সমীপতে বাস কৰা পুত্ৰৰ সৈতে পাৰিবাৰিক কন্দলৰ নিৰ্মম পৰিণতিত এই মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে মুকলি চর্চা চলিছে পাৰ্শ্বৱতী এলেকাত।

এনে অভিযোগৰ সন্দৰ্ভত ঢকুৱাখনা আৰক্ষী অৱগত হোৱাত উজনি জালভাৰী গাঁওৰক্ষী সমিতি আৰু সুঁতিমুখ গাঁওৰক্ষী বাহিনীৰ জৰিয়তে প্ৰাথমিক তথ্য সংগ্ৰহ কৰে। পৰৱৰ্তী সময়ত লাট গাঁও প্ৰধানো উপস্থিত হয় কোচৰ বাসগৃহত। 

এনেবোৰ পক্ষৰ প্ৰাথমিক খতিয়ানৰ ভিত্তিত ঢকুৱাখনা সদৰ থানাৰ আৰক্ষী মৃতকৰ ঘৰত উপস্থিত হয় আৰু নিকট আত্মীয়ৰ এই সন্দৰ্ভত প্ৰাথমিক সাক্ষ্য গ্ৰহণ কৰে। মৃতকৰ পুত্ৰ, পত্নীয়ে এয়া এক স্বাভাৱিক মৃত্যু বুলি দাবী কৰিলেও পৰৱৰ্তী সময়ত মৃতকৰ ঘৰত ঢকুৱাখনা সমজিলা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশ তথা ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত মৃতকৰ ‘চুৰতশাল’ কৰাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। 

সংগৃহীত সমীপৱৰ্তী ৰাইজৰ ভাষ্য মতে সুদীৰ্ঘ দিন ধৰি নিজ গাঁৱৰ সমাজৰ পৰা এঘৰীয়া হৈ থকা এই পৰিয়ালটোৰ লগত মৃতকৰ আত্মীয় স্বজনৰ সৈতেও ঘনিষ্ঠতা আৰু সুসম্পৰ্ক নাছিল। নাম প্ৰকাশত অনিচ্ছুক একাংশ ৰাইজে এয়া এক গাৰ্হস্থ্য সংঘাত বুলি মুকলি মত ব্যক্ত কৰিছে।

অদ্যপি অন্ধকাৰত থকা খাটি খোৱা, অমায়িক কোচৰ মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পাছতহে পোহৰলৈ আহিব। 

ঢকুৱাখনা