/asomiyapratidin/media/media_files/2025/02/20/H0UDP7SD5RkJv6hfKqtM.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্য কপাই যোৱা ঢকুৱাখনাৰ বহু চৰ্চিত চিন্ন মুণ্ডৰ পৰিচয় নিশ্চিত হ’ল। ডি এন এৰ প্ৰতিবেদনত স্পষ্ট হ’ল ঢকুৱাখনাত উদ্ধাৰ হোৱা সেই চিন্ন মুণ্ড আছিল মিস্ত্ৰী জাহাংগীৰ হুছেইনৰে।
উল্লেখ্য যে, ঢকুৱাখনাৰ জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈৰ হত্যাকাণ্ডৰ ঘটনাই নাটকীয়ভাৱে ৰূপ সলাইছিল। সুনীল গগৈৰ বুলি সন্দেহ কৰা মুণ্ডবিহীন অৰ্ধ জ্বলিত মৃতদেহ আনকি পৰিয়ালৰ লোকে হিন্দু ধৰ্মীয় নীতি অনুসৰিয়েই দাহ কৰিছিল।
ঠিকাদাৰ সুনীল গগৈৰ এই হত্যাকাণ্ডৰ খবৰে প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ মাজতে পোহৰলৈ আহিছিল দৰাচলতে দাহ কৰা সেই মৃতদেহ সুনীল গগৈৰ নাছিলেই। সেয়া আছিল সুনীল গগৈৰ অধীনত কাম কৰা মিস্ত্ৰী জাহাংগীৰ হুছেইনৰ।
পৰৱৰ্তী সময়ত এই ঘটনাই সমগ্ৰ ৰাজ্য জুৰি নানান প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এই সমগ্ৰ ঘটনাক লৈ উচ্চ পৰ্যায়ৰ তদন্ত চলি থাকোঁতেই মাছমৰীয়াৰ জালত উদ্ধাৰ হৈছিল এটা চিন্ন মুণ্ড। এই মুণ্ডটো অৱশ্যে সেই সময়তেই সুনীল গগৈৰ নহয় বুলি স্পষ্ট কৰিছিল সুনীল গগৈৰ পত্নীয়ে।
তাৰ পাছতেই ইয়াৰ ডি এন এ পৰীক্ষাৰ বাবে চি আই ডিয়ে নমুনা হায়দৰাবাদৰ ফৰেনচিকলৈ প্ৰেৰণ কৰিছিল। সেই ফৰেনচিক প্ৰতিবেদনতো স্পষ্ট হৈছে যে, সেই চিন্ন মুণ্ড সুনীল গগৈৰ নহয়। সেয়া জাহাংগীৰ হুছেইনৰে মুণ্ড।
ঢকুৱাখনাৰ এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাত যোৱা সময়ছোৱাত নাটকীয়ভাৱে বহু পট পৰিবৰ্তন হৈছে। আৰক্ষীয়ে নিৰুদ্দেশ হৈ থকা সুনীল গগৈ জীৱিত অৱস্থাত আছে বুলি দাবী কৰাৰ লগতে আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰা বুলি দাবী কৰিছে যদিও এতিয়াও তেওঁৰ কোনো সন্ধান উলিয়াব পৰা নাই।