ঢকুৱাখনাত হৃদয়বিদাৰক ঘটনাঃ পিতৃৰ শ্ৰাদ্ধৰ দিনাই জ্বলিল পুত্ৰৰ চিতা...

এক হৃদয়বিদাৰক ঘটনাই শোকাছন্ন কৰিছে ঢকুৱাখনা। স্বৰ্গগামী পিতৃৰ আত্মাৰ শান্তিৰ বাবে শ্ৰাদ্ধৰ আয়োজন কৰি পিতৃৰ পথেৰেই পথিক হ'ব লগা হ'ল ঢকুৱাখনা মহেমাৰী গাঁওৰ এজন পুত্ৰ ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত হৃদয়বিদাৰক ঘটনাঃ পিতৃৰ শ্ৰাদ্ধৰ দিনাই জ্বলিল পুত্ৰৰ চিতা...

ডিজিটেল সংবাদ, ঢকুৱাখনা: এক হৃদয়বিদাৰক ঘটনাই শোকাছন্ন কৰি তুলিছে ঢকুৱাখনা। স্বৰ্গগামী পিতৃৰ আত্মাৰ শান্তিৰ বাবে নিজে শ্ৰাদ্ধৰ আয়োজন কৰি অৱশেষত পিতৃৰ পথেৰেই পথিক হ'ব লগা হ'ল ঢকুৱাখনা মহেমাৰী গাঁওৰ এজন পুত্ৰ ।

Advertisment

ঢকুৱাখনা মহেমাৰী গাঁৱৰ প্ৰয়াত অনিল গগৈৰ মৃত্যু তিথি উপলক্ষত তেওঁৰ পুত্ৰ শিৰোমণি গগৈয়ে বুধবাৰে অশেষ কষ্টেৰে আয়োজন কৰিছিল বছেৰেকীয়া শ্ৰাদ্ধৰ । গাঁৱৰ, সমাজৰ ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি প্ৰয়াত পিতৃৰ পবিত্ৰ শ্ৰাদ্ধ ভাগিৰ আয়োজন কৰি থকাৰ মাজতে মঙলবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰে প্ৰায় ২৭ বছৰীয়া শিৰোমণি গগৈ ।

আত্মীয় স্বজনৰ সহযোগিতাত তেওঁক চিকিৎসালয়লৈ নিছিল যদিও নিয়াৰ পথত মৰ্মান্তিক মৃত্যুক আঁকোৱালি লয় যুৱকজনে। ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাষিকৰ ছাত্ৰ, অতি অমায়িক শিৰোমণি গগৈৰ এনে আকস্মিক বিয়োগত শোকৰ বন্যা বৈছে জন্মভূমি মহেমাৰী গাঁৱৰ লগতে শিক্ষানুষ্ঠানখনত ।  

পিতৃৰ বছেৰেকীয়া শ্ৰাদ্ধৰ আয়োজন কৰি নিজেই পৰলোকলৈ গতি কৰা শিৰোমণি গগৈৰ হৃদয় বিদাৰক ঘটনাত ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় অধ্যক্ষ ড০ প্ৰদীপ বৰা, বি.এড মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ লগতে প্রশিক্ষাৰ্থী সমাজ, ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাকে আদি কৰি ঢকুৱাখনাৰ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ স্বৰ্গসুখ প্ৰাপ্তি কামনা কৰিছে ।

মৃত্যুৰ সময়ত মাতৃ নিভা গগৈসহ অজস্ৰ ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি যায় প্ৰয়াত শিৰোমণি গগৈয়ে। স্থানীয় ৰাইজে সৰবৰহী যুৱকজনৰ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধাঞ্জলি জনাই শেষকৃত্য সম্পন্ন কৰে।

ঢকুৱাখনা