ডিজিটেল সংবাদ ঢকুৱাখনা: নিজ শ্ৰমেৰে প্ৰাণ প্ৰতিষ্ঠা কৰি জাকত জিলিকা শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰা শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনাৰ এটি সুবিধাভোগী চক্ৰৰ পৰিকল্পিত নিৰ্মম চক্ৰান্তৰ বলি হ’ল বনমালি সূত! নিকেতনৰ প্ৰধানাচাৰ্যগৰাকীক মুৰব্বী আসনৰ পৰা পদচ্যুত কৰি এগৰাকী বিশেষ আচাৰ্যাক অধিষ্ঠিত কৰি মুনাফা লাভৰ নিকৃষ্ট অংকৰ বাবেই পৰিকল্পিত ভাবে হত্যা কৰা হ’ল স্বল্পভাষী বনমালি সূতক! প্ৰধানাচাৰ্যগৰাকীয়ে তেওঁৰ বিৰুদ্ধে আৰম্ভ হোৱা গভীৰ চক্ৰান্তৰ উমান পাইছিল মৃত্যুৰ পূৰ্বে। সেই কথা প্ৰকাশ কৰিছিল অনুগতক।
"অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ অনুসন্ধান কালত এনে কিছু পতিয়নযোগ্য তথ্য পোহৰলৈ আহিছে। বিশেষভাবে মৃত্যুৰ পূৰ্বে প্ৰধানাচাৰ্যগৰাকীয়ে এগৰাকী অনুগতলৈ ফোন কৰি এই চক্ৰান্তৰ বিষয়ে স্পষ্টভাৱে ব্যক্ত কৰিছিল। উপলব্ধ টেলিফোনিক বার্তালাপত প্ৰধানাচাৰ্যগৰাকীয়ে বিদ্যালয়খনৰ সহকৰ্মীৰ প্ৰতি বিশেষ দৰদ আৰু সম্পৰ্ক থকা বুলি এটা বিশেষ চক্ৰই চলোৱা অপপ্ৰচাৰ এক অভিসন্ধি বুলি কৈ এনে অভিযোগৰ প্ৰমাণ দিলে একে দিনাই প্ৰধানাচাৰ্য পদৰ পৰা অব্যাহতি লম বুলি প্ৰত্যাহ্বানসূচক মন্তব্য কৰিছিল।
তাৰোপৰি বিদ্যালয়ৰ ভিতৰৰ আৰু বাহিৰৰ এটা চক্ৰই তেওঁক অপসাৰণ কৰি উক্ত পদত বিদ্যালয়ৰে আচাৰ্যা দেৱযানী চমুৱাক অধিষ্ঠিত কৰাৰ ষড়যন্ত্ৰ কৰি থকা বুলিও স্পষ্টকৈ কৈছিল। যাৰ বাবেই সূতৰ ওপৰত "অবৈধ সম্পৰ্ক"ৰ এটা স্পৰ্শকাতৰ ইছ্যু জাপি দি ৰাজহুৱা সভা আহ্বান, পত্ৰিকা ছপা কৰি বিতৰণ কৰাত নামি পৰিছিল চক্ৰটো।
তাৰেই অন্যতম অংশ হিচাবে চক্ৰটোৱে ঢকুৱাখনা ৰাজপথৰ দাঁতিত বেনাৰ লগাই, শিক্ষাৰ্থীসকলৰ হাতত প্ৰধানাচাৰ্যৰ অবৈধ সম্পৰ্কৰ বাৰ্তা সম্বলিত পত্ৰিকা গুজি দি বন্যউল্লাসত মত্ত হৈছিল। এই সুবিধাভোগী চক্ৰটোৱে সমগ্ৰ বিষয়টো বিদ্যালয়ৰ উৰ্ধতন কৰ্তৃপক্ষৰ লগতে পৰিচালনা সমিতিৰ বিচাৰৰ প্ৰতি গুৰুত্ব নিদি সাৰ্বজনীন কৰি ৰাজহুৱা সমৰ্থন বুটলিবলৈ ৰাজহুৱাকৈ আলোচনাৰ বাবে ২৮ ডিচেম্বৰত সভা আহ্বান কৰিছিল বিদ্যালয়ৰ প্ৰেক্ষাগৃহত।
কিন্তু নিজৰ তেজেৰে গঢ় দিয়া জ্ঞানৰ মন্দিৰত নিজৰেই দুঃচৰিত্ৰ, অপবাদ পৰ্যালোচনাৰ পৰিকল্পিত সভাত উপস্থিত হোৱাৰ নৈতিক সাহস গোটাব নোৱাৰি সভাৰ এদিন পূৰ্বে আত্মহননৰ পথ বাছি ল’লে প্ৰতিস্থাপক আচাৰ্য সূতে। অত্যন্ত অমায়িক আৰু মৃদুভাষী সূতৰ ওপৰত জাপি দিয়া এই পৰিকল্পিত অপবাদ, সামাজিক গ্লানি আৰু আত্মসন্মান হানিকৰ অভিযোগৰ বাবে ভোক, পিয়াঁহ পাহৰি গৈ ভোগী অহা অকথ্য, অব্যক্ত মানসিক চাপৰ বাবেই প্ৰায় ২০ দিন কৰ্তব্যৰ পৰা ছুটিলৈ ঘৰতে আছিল।
কিন্তু ঘৰটো মিছা অপবাদৰ কলংকৰ বোজাত দিনে নিশাই পীড়া ভোগী থকা সূতে অন্তিম সিদ্ধান্ত গ্ৰহণ কৰি চক্ৰান্তকাৰীৰ লক্ষ্য প্ৰাপ্তিৰ পথ প্ৰশস্ত কৰি গ’ল বুলি সূতৰ অনুৰাগীসকলে মুকলি মন্তব্য কৰিছে। ইপিনে সূতৰ এই অপমৃত্যুৰ বাবে ৰাজহুৱা সভা আহ্বানকাৰী ১৮ গৰাকী আহ্বায়কক জগৰীয়া কৰিছে সূতৰ বাসভূমিৰ ভাস্কৰ নাট্য মন্দিৰ কৃষ্টি ভৱন পৰিচালনা সমিতি আৰু গাঁওবাসী ন্যায়কামী ৰাইজে।
শুকুৰবাৰে সন্ধিয়া ভাস্কৰ নাট্য মন্দিৰ কৃষ্টি ভৱনৰ পৰিচালনা সমিতিৰ সভাপতি দিগন্ত তামুলী, সহকাৰী সম্পাদক মানস হাজৰিকা আৰু সমূহ গাঁওবাসীয়ে স্বাক্ষৰ কৰি এক এজাহাৰ দাখিল কৰিছে ঢকুৱাখনা সদৰ থানাত। এজাহাৰত মূল অভিযুক্ত হিচাবে যোগেশ বৰুৱা (ধনকণ)ক অভিহিত কৰে।
তাৰোপৰি এজাহাৰত সহ অভিযুক্ত হিচাবে অন্য ১৭গৰাকী ব্যক্তিৰ নাম সন্নিবিষ্ট কৰিছে। এজাহাৰত এনেবোৰ ব্যক্তিয়ে সামাজিক ভাৱে অপদস্থ কৰাৰ কৌশলেৰে ৰাজহুৱা সভা আহ্বান কৰি মানসিক নিৰ্যাতন ভোগোৱা আৰু "সভাত উপস্থিত নাথাকিলে কথা বেয়া হ’ব"বুলি ঘৰত আহি দাবী ধমকি দি যোৱাৰ বাবে এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে ।
এজাহাৰৰ সৈতে মূল অভিযুক্ত যোগেশ বৰুৱাই ৰাজহুৱা স্থানত ৰাজহুৱা সভা আহ্বানৰ বেনাৰ স্থাপন কৰা, নিকেতনৰ শিক্ষাৰ্থীসকলৰ মাজত পত্ৰ বিতৰণৰ প্ৰামানিক তথ্য ফটো, ভিডিঅ দাখিল কৰি এগৰাকী সৎ, কৰ্তব্যপৰায়ন, স্বনামধন্য শিক্ষাগুৰুক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা ভয়ংকৰ অভিসন্ধিৰ প্ৰধান নায়ক যোগেশ বৰুৱাসহ অন্যসকলক কঠোৰ আইনগত শাস্তি প্ৰদানৰ দাবী জনায়।