Advertisment

গুৰুজনাৰ অতুল্য সৃষ্টিৰে বিধৌত ঢকুৱাখনাৰ ৰুক্ম নাথ গগৈ সমন্বয় ক্ষেত্ৰ

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ সৃষ্টিৰাজীৰ প্ৰচাৰ আৰু মাৰ্গ দৰ্শন প্ৰসাৰৰ উত্তৰ পূৱ ভাৰতৰ একক আধ্যাত্মিক বৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ।

author-image
Asomiya Pratidin
New Update
গুৰুজনাৰ অতুল্য সৃষ্টিৰে বিধৌত ঢকুৱাখনাৰ ৰুক্ম নাথ গগৈ সমন্বয় ক্ষেত্ৰ

ডিজিটেল সংবাদ ঢকুৱাখনাঃ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ সৃষ্টিৰাজীৰ প্ৰচাৰ আৰু মাৰ্গ দৰ্শন প্ৰসাৰৰ উত্তৰ পূৱ ভাৰতৰ একক আধ্যাত্মিক বৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। সংঘৰ বলিষ্ঠ আৰু একনিষ্ঠ সংগী অনুষ্ঠান ঢকুৱাখনা জিলা শাখাৰ ৩৪ সংখ্যক বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে।

Advertisment

সংঘৰ মাধৱ প্ৰাথমিক শাখা, ভকতা পুখুৰী আশ্ৰম ১নং হিলৈদাৰী গাঁৱৰসমূহ ভক্ত প্ৰাণ ৰাইজৰ আতিথ্যত ৰুক্ম নাথ গগৈ সমন্বয় ক্ষেত্ৰত অহা ১৭ ,১৮ আৰু ১৯ জানুৱাৰীত তিনিদিনীযা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অধিবেশন। তাৰেই পৰিপ্ৰেক্ষিতত শাখাৰ সমূহ ভকত,আই বাপ সমস্তৰ অন্তহীন ব্যস্ততা ।

মুখে হৰি নাম লৈ যদি কোনোৱে পকা মিঠৈ,লাড়ু,পিঠা বনাইছে, কোনোৱে আকৌ গুৰুজনাৰ অমূল্য সৃষ্টি ভাওনা আৰু বৰগীতৰ নিৰন্তৰ অনুশীলনত ব্যস্ত। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ ৩৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি ৰাম মোহন গগৈ আৰু সম্পাদক প্ৰাঞ্জল প্ৰতীম ফুকনে জনোৱা মতে নাম প্ৰসংগ, গছপুলি ৰোপণ, মুখ্য তোৰণ উন্মোচন, মূল মণ্ডপ আৰু মূল মঞ্চ উন্মোচন ,শিশু আৰু আই মাতৃ সন্মিলন আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব।

কেউটা দিনৰ কাৰ্যসূচীত বহু গুৰুত্বপূৰ্ণ শিতান থকা বুলি জানিবলৈ দি অন্তিম দিনা ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হব । মুকলি সভাত প্ৰাক্তন পদাধিকাৰ ডঃ কমলা কান্ত গগৈ, নিৰ্দিষ্ট বক্তা হিচাবে সংঘৰ সাহিত্য শাখাৰ প্ৰাক্তন সভাপতি ড০ মৃণাল কুমাৰ বৰুৱা, শিশু বক্তা চিয়াধৃতি গগৈকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক মূলৰ লগতে জিলা আৰু আঞ্চলিক শাখাৰ বিষয়ববীয়া, প্ৰশাসনিক বিষয়া, শিক্ষাব্ৰতী ৰাইজে অংশগ্ৰহণ কৰিব।

তাৰোপৰি অধিবেশনৰ মুখপত্ৰ "মাধৱ কথামৃত" উন্মোচন কৰিব মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ বিনোদ বৰাই। লগতে "জাতি জনগোষ্ঠীৰ সমন্বয় সাধনত শ্ৰীমন্ত শংকৰদেৱ সংঘ" শীৰ্ষক এক মনোজ্ঞ আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। অন্তিমদিনা সন্ধিয়া ঢকুৱাখনা আঞ্চলিক শাখাৰ শিল্পীসকলে শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত "কোটোৰা খেলা"  আৰু শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত "ৰাম বিজয়" নাট দুখন মঞ্চস্থ কৰিব। আদৰণি সমিতিয়ে কেউটা দিনৰ কাৰ্যসূচীত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে ভক্তপ্ৰাণ ৰাইজ, গুৰুজনাৰ আদৰ্শপুষ্ট আই বাপ বান্ধৱৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

ঢকুৱাখনা শ্ৰীমন্ত শংকৰদেৱ সংঘ