/asomiyapratidin/media/media_files/2025/05/14/z07XcnJxEmC1lnVhG3il.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা সমজিলাৰ পূব ঢকুৱাখনা অঞ্চলৰ এগৰাকী বয়স্ক ব্যক্তি সন্ধানহীন হৈ আছে। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত অভয়পুৰ নাহৰণি গাঁৱৰ চেনিৰাম লাগাছুৰ পুত্ৰ ৰূপেশ্বৰ লাগাছু (৫৪) নামৰ ব্যক্তি গৰাকী মংঙলবাৰে পুৱা প্ৰায় ৮ বজাত সমীপৰ কচেক বিলত মাছ ধৰিবলৈ পাতি থোৱা চেপা চাবলৈ গৈ তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছে।
আত্মীয় স্বজনে মঙলবাৰৰ পৰাই পৰিয়ালবৰ্গৰ লগতে ইষ্ট কুটুম্বৰ ঘৰত অশেষ সন্ধান চলায়ো অদ্যপি কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। প্ৰায় ৫ ফুট ৮ ইঞ্চি ফুট ওখ ঘৰুৱা সাজেৰে স্বাভাৱিক ভাবেই ওলাই যোৱা ব্যক্তি গৰাকীৰ সন্ধানহীনতাৰ বাতৰিয়ে সমগ্ৰ পূব ঢকুৱাখনা অঞ্চলবাসীক চিন্তিত কৰি তুলিছে।
ব্যক্তিগৰাকীৰ দুৰ্ভগীয়া পত্নী ছবি লাগাছুৱে যদি কোনো ব্যক্তিয়ে সন্ধানহীন ব্যক্তিগৰাকীৰ সন্ধান পাই তেন্তে মোবাইল নম্বৰ 6901344063 অথবা সমীপৰ আৰক্ষী থানাত যোগাযোগ কৰাৰ আহ্বান জনাইছে ।