/asomiyapratidin/media/media_files/2025/05/02/ijVNh9TK3NPUeeEXnnf4.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা সমজিলাত পঞ্চায়ত নিৰ্বাচন বিভিন্ন ক্ৰুটি বিচ্যুতিৰ মাজত সম্পন্ন হয় । পুৱা নিৰ্ধাৰিত সময়সূচী অনুসৰি ২৪৫ টা ভোট কেন্দ্ৰত বেলট পেপাৰ যোগে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়।
এই ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে ৭৬৪ নং বগৰিগুৰি প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয় আতংকময় পৰিবেশ । পৰিণতিত আধাতে বন্ধ ৰাখিব লগা হয় ভোট গ্ৰহণ পৰ্ব।
জনামতে খেৰকটা পঞ্চায়তৰ ৫ নং বগৰিগুৰি ৱাৰ্ডত অৱস্থিত ভোট কেন্দ্ৰটোত স্বাভাৱিক ভাবে হৈ থকা ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ মাজতে (বিজেপি দলৰ সমৰ্থিত) নিৰ্দলীয় প্ৰাৰ্থী বিজেশ পেগুৱে ভোট কেন্দ্ৰৰ ভিতৰত সঘনাই প্ৰৱেশ কৰি ভোটাৰক প্ৰভাৱিত কৰা বুলি অভিযোগ উত্থাপিত হয় ।
তাৰোপৰি এইগৰাকী প্ৰাৰ্থীয়ে কেন্দ্ৰটোত ২০ টা ভোট বক্র পথেৰে অন্য ব্যক্তিয়ে প্ৰদান কৰা বুলি দাবী কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক অভিযোগ দিয়ে । ইয়াৰ পৰিপ্ৰেক্ষিতত নিয়োজিত নিৰ্বাচনী বিষয়াই বিধিগত পদ্ধতিৰে নিৰীক্ষণ কৰি দুগৰাকী ভোটাৰৰহে এনে হোৱাতো প্ৰমাণিত কৰে ।
এই স্পৰ্শকাতৰ বিষয়কলৈ প্ৰাৰ্থী গৰাকীয়ে দুপৰীয়া প্ৰায় ১২-৩০ বজাৰ পৰা অনাহকত সূত্ৰপাত ঘটোৱা জটিল পৰিস্থিতিৰ বাবে কেন্দ্ৰটোৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া বন্ধ হৈ পৰাত একাংশ ভোটাৰৰ মাজত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। ভোটদানৰ পৰা চক্ৰান্তমূলক ভাবে অন্য ভোটাৰ সকলক বঞ্চিত কৰাৰ বাবে ভোটাৰ সকল ক্ষুব্ধ হৈ পৰে।
প্ৰাৰ্থী গৰাকীৰ এনে আচৰণত ক্ষুব্ধ বঞ্চিত ভোটাৰসকলে প্ৰতিবাদ কৰাৰ সময়তে পেগুৰ নেতৃত্বত একাংশ ব্যক্তিয়ে ভোট কেন্দ্ৰটোৰ ভিতৰত সুদীর্ঘ সময় ধৰি তাণ্ডৱ চলাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰি এগৰাকী পুলিং এজেন্টক শাৰীৰিক ভাবে প্ৰহাৰ কৰাবলৈ উদ্যত হোৱা বুলি জনায়। এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সময়ত সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতা আৰু অন্য দায়িত্বশীল বিষয়া সকল ভোট কেন্দ্ৰত উপস্থিত হৈ ভোটগ্ৰহন পৰ্ব বন্ধ কৰিবলগীয়া হয়।
জনামতে কেন্দ্ৰটোৰ মুঠ ৮০৯ টা ভোটৰ ভিতৰত মাত্ৰ ৩৪৯ টা ভোটহে গ্ৰহণ কৰিবলৈ সক্ষম হয় নিৰ্বাচনী দলটোৱে। বাকী ভোটাৰসকলে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ নাপালে বুলি কৈ বঞ্চিত ভোটাৰ সকলৰ লগতে স্থানীয় ৰাইজে প্ৰাৰ্থী গৰাকীৰ এনে অভব্য উদণ্ড আচৰণ বাবে নিজকে লজ্জিত অনুভৱ কৰা বুলি কয় ।
ৰাইজ ,সংগঠনৰ লগতে বঞ্চিত ভোটাৰ সকলে এই কেন্দ্ৰটোত পুনৰ ভোট গ্ৰহণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। উল্লেখযোগ্য যে ভোটকেন্দ্ৰৰ ভিতৰত সঘনাই প্ৰৱেশ কৰি স্বচ্ছ নিকা ভোট গ্ৰহণত বাধা দিয়া, ভোট কেন্দ্ৰত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰা এইগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰশাসনে তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰিছে।
তাৰোপৰি প্ৰশাসনে এজেন্টক যোগান ধৰা ভোটাৰ তালিকাৰ সৈতে নিৰ্বাচনী বিষয়াই লৈ যোৱা ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰৰ সাদৃশ্য নথকা বুলিও ৰাইজ আৰু একাংশ এজেন্টে অভিযোগ উথাপন কৰিছে। আধাতে বন্ধ হোৱা ভোটকেন্দ্ৰটোৰ বেলট বাকচ নিজৰ জিম্মাত লৈ যোৱা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অদ্যপি প্ৰকাশ কৰা নাই যদিও পুনৰ ভোট গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে। এই স্পর্শকাতৰ বিষয় সন্দৰ্ভত প্ৰশাসনৰ সঠিক তদন্তৰ পাছত প্ৰকৃত তথ্য পোহৰলৈ আহিব।