Advertisment

ঢকুৱাখনাত পৌৰপতি ৰাজীৱ দাসৰ ইচ্ছাই আইন

কোনো নিয়ম কানুনৰ প্ৰশ্ন নাই। ঢকুৱাখনা পৌৰ সভাত আঁচনি ৰূপায়ণৰ বেলিকা কেৱল পৌৰপতি ৰাজীৱ দাসৰ মন গলেই হ'ল। পৌৰ আইনৰ নীতি নিয়ম সকলো ধোঁৱা চাঙত তুলি এইগৰাকী পৌৰপতিয়ে ইচ্ছা কৰিলেই পৌৰ সভাৰ আইন হৈ পৰে।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত পৌৰপতি ৰাজীৱ দাসৰ ইচ্ছাই আইন

ঢকুৱাখনাত পৌৰপতি ৰাজীৱ দাসৰ ইচ্ছাই আইন

ডিজিটেল সংবাদ ঢকুৱাখনা: কোনো নিয়ম কানুনৰ প্ৰশ্ন নাই। ঢকুৱাখনা পৌৰ সভাত আঁচনি ৰূপায়ণৰ বেলিকা কেৱল পৌৰপতি ৰাজীৱ দাসৰ মন গলেই হ'ল। পৌৰ আইনৰ নীতি নিয়ম সকলো ধোঁৱা চাঙত তুলি এইগৰাকী পৌৰপতিয়ে ইচ্ছা কৰিলেই পৌৰ সভাৰ আইন হৈ পৰে।

Advertisment

বিগত কেইবা বছৰ ধৰি এনে অশুভ পৰম্পৰা সৃষ্টি কৰি সোৰোপা কাৰ্যবাহী বিষয়াৰ কৃপাদৃষ্টিত এনে অনিয়মক নিয়ম কৰাৰ পৰৱৰ্তী সময়ত পুনৰ এইগৰাকী পৌৰপতিৰ বিৰুদ্ধে উথাপিত হৈছে ময়মতালিৰে আঁচনি গ্ৰহণ, আবন্টন আৰু ৰূপায়ণৰ অভিযোগ। উত্থাপিত অভিযোগ অনুসৰি ঢকুৱাখনা দৈনিক বজাৰত এখন মাছৰ বিপনী নিৰ্মাণৰ বেলিকা এইগৰাকী পৌৰপতিয়ে আশ্ৰয় লৈছে ব্যাপক অনিয়মৰ।

পৌৰ সভাৰ কোনো ধৰণৰ বিধিগত প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈ, জিলা আয়ুক্তৰ অনুমোদন নোহোৱাকৈ, অতি ক্ৰুটিপূৰ্ণ ভাবে চৰকাৰী পুঁজি অপচয় কৰি দৈনিক মাছৰ বজাৰত মাছৰ বিপনী নিৰ্মাণ কৰিছে। কোন শিতানৰ, কিমান পুঁজি ব্যয় কৰা হ'ব এই আঁচনি ৰূপায়নত তাৰ স্থিৰ আৰু সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ নকৰাকৈ, এজন নিজৰ ঘনিষ্ঠ ঠিকাদাৰৰ জৰিয়তে দৈনিক বজাৰত  নিৰ্মান সম্পূৰ্ণ কৰিলে মুঠ ১০ খন মাছৰ স্থায়ী বিপনী।

পুঁজিৰ শিতান নিৰ্ধাৰণ নোহোৱাকৈ পৌৰপতি গৰাকীয়ে ঘনিষ্ঠ দাস উপাধিৰ এজন ঠিকাদাৰক কামৰ আবন্টন দি ইতিমধ্যে সম্পূৰ্ণ কৰিলে বজাৰ নিৰ্মাণৰ কাম। জনামতে এই বজাৰ নিৰ্মাণ, কামৰ আবন্টন সন্দৰ্ভত অন্য পাৰিষদবৰ্গ অজ্ঞ। 

এনেদৰে পৌৰসভাৰ অন্য পাৰিষদবৰ্গৰ অজ্ঞাতে এনেদৰে ময়মতালিৰে আঁচনি ৰূপায়ন কৰা প্ৰক্ৰিয়া অবৈধ গণ্য কৰি একাংশ ৱাৰ্ড কমিছনাৰে বিষয়টো উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰা বুলি জনা গ'ল। ইপিনে পূৰ্বৰ দৈনিক মাছৰ বজাৰৰ ২৬ খন গাদীৰ নৱনিৰ্মাণ কৰি ২৮ খনলৈ সম্প্ৰসাৰণ কৰাৰ পাছত বিক্রেতাসকলৰ বাবে মাছ মজুত ৰখা, পানী মজুত ৰখা, মাছ কৰ্তন কৰা, উচিষ্ট মজুত ৰখা আদিৰ বাবে প্ৰয়োজনীয় স্থানৰ ব্যাপক অভাৱে দেখা দিছিল।

পৰৱৰ্তী সময়ত সেই একেখন মাছৰ বজাৰতে আৰু ১০ খন মাছৰ গাদী নিৰ্মাণ কৰাত সীমাহীন অসুবিধাৰ সৃষ্টি হৈছে বিক্রেতাসকলৰ। এই সমস্যাৰ সন্দৰ্ভত পৌৰপতি আৰু কাৰ্যবাহী বিষয়াক ভুক্তভোগী ঢকুৱাখনা মৎস্য ব্যৱসায়ী সন্থাৰ সদস্যসকলে অৱগত কৰি পৃথক পৃথক স্থানত সুবিধা অনুসৰি গাদী নিৰ্মাণৰ আহ্বান জনাইছিল।

পিছে এনেবোৰ দাম্ভিক, বেপৰোৱা দায়িত্ববাহীৰ গা নলৰিল। যাৰ বাবে পূৰ্বৰ গাদীসমূহৰ লগতে নব নিৰ্মিত গাদী সমূহো পৰ্যাপ্ত স্থানৰ অভাৱত অতি ঠেক হৈ পৰাত ক্ৰেতা সকলো ভীষণ সমস্যাত ভূগিব লগীয়া হ'ব।

পৌৰসভাৰ পুঁজিলৈ লুলুপ দৃষ্টিৰে নীতি নিয়ম, ৰাইজৰ ওজৰ আপত্তিলৈ পিঠি দি চূড়ান্ত দৌৰাত্ম্য চলাই অহা এনেবোৰ অকমন্য দায়িত্ববাহীৰ প্ৰতি বিশেষ কৃপাদৃষ্টি আছে বিধায়ক নৱ দলে আৰু সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতাৰ। যাৰ বাবেই পৌৰসভাখন নীতি নিয়ম উলঙ্ঘনৰ ৰম্যভূমি হোৱাৰ পাছতো অন্ধমুনিৰ ভূমিকা পালি আহিছে এনেবোৰ পক্ষই।

পৰিণতিত নিয়মিত কৰ-কাতল আদায় দি বেহা চলাই অহা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগতে গ্ৰাহকসকলে ভূগিব লগা হয় অবৰ্ণনীয় সমস্যাৰ। উল্লেখযোগ্য যে এই আঁচনি নিৰ্মাণৰ কামৰ মানদণ্ডৰ সন্দৰ্ভতো ব্যাপক অভিযোগ উত্থাপিত হৈছে।

ঢকুৱাখনা দুৰ্নীতি