ডিজিটেল সংবাদ ঢকুৱাখনাঃ আত্মপ্ৰতিষ্ঠা আৰু স্বাৱলম্বনৰ বাবে নালাগে বৃহৎ পৰিমাণৰ আমানত ধন। এটা প্ৰগতিশীল মন থাকিলে, উৎসৰ্গিত চিন্তা চেতনা থাকিলে আৰু মন মগজুত কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ থাকিলে ইস্পিত উপাৰ্জন সহজতে সম্ভৱ হৈ পৰে।
এনে এক আদৰ্শনীয় দৃষ্টান্ত দাঙি ধৰি আহিছে ঢকুৱাখনাৰ কেইগৰাকীমান উদ্যমী মহিলাই । নিজস্ব শ্ৰম আৰু আত্মপ্ৰতিষ্ঠাৰ নিৰলস সাধনাৰ জৰিয়তে উপাৰ্জনৰ সেন্দুৰীয়া পথেৰে অগ্ৰসৰ হৈছে এইসকল কৰ্মোদ্যমী মহিলা ।
ঢকুৱাখনাৰ ভগামুখ গাঁৱৰ ১০ গৰাকী মহিলাৰ মনত উদয় হৈছিল ঘৰতে থাকি, ঘৰৰ পৰাই এক থলুৱা ক্ষুদ্ৰ ব্যৱসায় স্থাপনৰ। সেই উদ্দেশ্যেৰে গাঁওখনৰ প্ৰত্যয়ী মহিলা ক্ৰমে নিৰু হাজৰিকা ,গায়ত্ৰী হাজৰিকা, স্মৃতি দত্ত,পৰিস্মৃতা তামুলী ,ৰিভা হাজৰিকা ,বিনীতা হাজৰিকা,জোনালী হাজৰিকা, মণিকা হাজৰিকা,হিৰণ্য দত্ত ,সাধনা কোঁচ আদিয়ে সন্মিলিত হৈ গঠন কৰিলে "গৌৰী এণ্টাৰপ্ৰাইজ" নামৰ এটা ক্ষুদ্ৰ ব্যৱসায়িক আত্মসহায়ক গোট।
প্ৰাত্যহিক কৰ্মব্যস্ততাৰ মাজতে ঘৰুৱা উৎপাদিত ফল, চাউল, তেল, সূতাৰে প্ৰথমাৱস্থাত প্ৰস্তুত কৰা সুস্বাদু পিঠা, পনা ,আচাৰৰ লগতে গামোচা ,চাদৰ আদিও প্ৰস্তুত কৰি গ্ৰাহকৰ চাহিদা পুৰুৱাত নিমগ্ন হৈছিল এইসকল মহিলা। নিভাঁজ আৰু পৰিশুদ্ধ উৎপাদনৰ বাবে গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কম সময়তে সক্ষম হোৱা এই "গৌৰী এণ্টাৰপ্ৰাইজ"ৰ বাবে এয়াই আছিল প্ৰগতিৰ এক সোপান । উপাৰ্জনৰ এক নতুন গতি ।
গ্ৰাহকৰ ৰুচি আৰু চাহিদাৰ প্ৰতি সন্মান জনাই সঞ্চিত সীমিত পুঁজিৰে যথাসময়ত সামগ্ৰীৰ যোগান ধৰি আৰম্ভ কৰা এই ক্ষুদ্ৰ ব্যৱসায়ৰ সতে জড়িত উদ্যমী মহিলা সকলে এতিয়া পাছলৈ উভতি চোৱাৰ অৱকাশ নোহোৱা হৈছে । নিজস্ব পৈণত আৰু বিশুদ্ধ উৎপাদনী সামগ্ৰীৰ জৰিয়তে গ্ৰাহকৰ আস্থা ,বিশ্বাস আৰু প্ৰত্যয় বুটলিবলৈ সক্ষম হোৱা এই গোটক উৎসাহিত কৰিবলৈ আগুৱাই আহিল অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ।
উৎপাদনকাৰী গোটটোৰ আদৰ্শনীয় পদক্ষেপ আৰু ব্যৱসায়িক সফলতা প্ৰত্যক্ষ কৰি চি এল এফৰ পৰা প্ৰথমে ২০ হাজাৰ টকা আৰু পৰৱৰ্তী সময়ত ঢকুৱাখনা উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা আগবঢ়োৱা হল প্ৰায় এক লাখ টকাৰ ঋণ। চৰকাৰী ভাবে লাভ কৰা এই ঋণৰ পুঁজিৰে দুগুণ উৎসাহেৰে আৰম্ভ হল ঘৰুৱা , ৰাজহুৱা আৰু ব্যৱসায়ীক ভাবে সঘনাই ব্যৱহার্য সামগ্ৰীৰ উৎপাদন প্ৰক্ৰিয়া।
প্ৰতিগৰাকী উদ্যোগী মহিলাই ঘৰুৱা ব্যস্ততাৰ মাজতেই সময় উলিয়াই সূতা কাটি, কাপোৰ বৈ প্ৰস্তুত কৰি উলিয়াইছে নিভাঁজ মুগা বস্ত্ৰ সম্ভাৰ,পাট কাপোৰ, মেখেলা ,চাদৰ ,গামোচা,মুগা গামোচা, টছৰ গামোচাকে প্ৰমুখ্য কৰি অজস্ৰ বস্ত্ৰ সম্ভাৰ। ক্ষুদ্ৰ উদ্যোগটোৰ জৰিয়তে উৎপাদিত বিভিন্ন ধৰনৰ কাপোৰ, ভিন্ন ধৰনৰ সুস্বাদু খাদ্য সামগ্ৰী প্ৰস্তুত আৰু বিক্ৰী কৰি বছৰি প্ৰায় ৫ লাখকৈ টকা গড়ে উপাৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি জনাইছে কৰ্মঠ মহিলা সকলে।
কেৱল ঢকুৱাখনাৰে নহয় ৰাজ্যখনৰ বিভিন্ন স্থানত এইসকল উদ্যোগী কষ্টসহিষ্ণু কৰ্মপটু মহিলাৰ উৎপাদনে এখন সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হোৱা বুলিও জানিব পৰা গল ।অনলাইন যোগেও গ্ৰাহকৰ প্ৰয়োজনীয়তা অনুসৰি সামগ্ৰীৰ যোগান ধৰি নিজস্ব ব্যবসায়ৰ পৰিধি বৃদ্ধি কৰা গৌৰী এণ্টাপ্ৰাইজৰ এনে সফলতাই নিশ্চিত ভাবে উদ্যোগী মহিলা সকললৈ আশাৰ বাৰ্তা কঢ়িয়াই আনিছে।
ঘৰুৱা কৰ্মব্যস্ততাৰ মাজতো আজৰি সময়ক নিজৰ কৰণীৰে উপাৰ্জনৰ সম্বললৈ ৰূপান্তৰ ঘটোৱা গৌৰী এণ্টাৰপ্ৰাইজৰ এনে আশাব্যঞ্জক আৰু ঈর্ষণীয় সফলতাত সন্তুষ্ট অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ঢকুৱাখনা শাখা।