ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষার্থীক চুলি কাটি মানসিক শাস্তি প্ৰধান শিক্ষকৰ

ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৫ গৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে অনাহকত চুলি কাটি অমানৱীয় মানসিক শাস্তি বিহাৰ ঘটনা সংঘটিত হৈছে।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষার্থীক চুলি কাটি মানসিক শাস্তি প্ৰধান শিক্ষকৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা: এখন ঐতিহ্য মণ্ডিত শিক্ষানুষ্ঠান । ঢকুৱাখনাৰ শৈক্ষিক সম্ভ্ৰম স্বৰূপ ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এক অমানৱীয় কাণ্ড। পূৰ্বে ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয় আৰু সম্প্ৰতি উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱা এইখন বিদ্যালয়ৰ ৫ গৰাকী সপ্তম শ্ৰেণীৰ নাবালক ছাত্ৰক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে অনাহকত চুলি কাটি অমানৱীয় মানসিক শাস্তি বিহাৰ ঘটনা পোহৰলৈ আহিছে ।

Advertisment

সংগৃহীত তথ্য মতে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নৰেন্দ্ৰ শইকীয়াই যোৱা ২৭ ফেব্ৰুৱাৰীত বিদ্যালয় প্ৰাতঃ সভা অনুষ্ঠিত হোৱাৰ সময়ত সকলোৰে সন্মুখত থিয় কৰাই  ছাত্ৰ কেইজনৰ চুলি কাটি  শাস্তি প্ৰদান কৰে । বিষয়টো অভিভাৱকৰ পাছদিনা দৃষ্টি গোচৰ হোৱাত একাংশ অভিভাৱকে বিষয়টো ঢকুৱাখনাৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক সৌৰভ ফুকন আৰু লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক লিখিত অভিযোগ দাখিল কৰে।

তাৰোপৰি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জিতেন পেগুকো অৱগত কৰি এনে মানসিক শাস্তিৰ সন্দৰ্ভত উচিত বিচাৰ কৰাৰ আহ্বান জনায়। পৰৱৰ্তী সময়ত যোৱা ৮ মাৰ্চত বিদ্যালয়ত অনুষ্ঠিত হোৱা এছ এম চিৰ সভাত বিষয়টো আলোচনা কৰিছিল ।

কিন্তু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীয়ে তাক প্ৰকাশ্যে অস্বীকাৰ কৰে। পাছত অভিভাৱকৰ হেঁচাৰ পৰিপ্ৰেক্ষিতত পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতাক লিখিতভাবে অৱগত কৰে এগৰাকী অবিভাৱকৰ উপস্থিতিত ।

কিন্তু শিক্ষা বিষয়া, সমজিলা আয়ুক্ত সকলোকে লিখিত অভিযোগ দাখিল কৰাৰ পাছতো নিৰ্বোধ কিশোৰ ছাত্ৰক বিহা এনে দৃষ্টিকটু শাস্তি প্ৰদানকাৰীৰ ওপৰত কোনো পক্ষই গ্ৰহণ নকৰিলে একো অনুশাসনমূলক ব্যৱস্থা। বৰঞ্চ ৰক্ষণাবেক্ষণহে দিয়াতহে উঠি পৰি লাগে ।

প্ৰাথমিক অৱস্থাত বিদ্যালয়ৰ আভ্যন্তৰীণ বিষয় হিচাবে বিষয়টো গণ্য কৰি অভিভাৱক আৰু প্ৰশাসনৰ মাজত সীমাবদ্ধ কৰি ৰখা হৈছিল। কিন্তু ডি আই, চি ডি চি, আই এচ কোনোৱে গুৰুত্ব নিদি বিষয়টো গাপ দিবলৈহে ৰহস্যজনক ভাবে চেষ্টা কৰাত আজি সংবাদ মাধ্যমক অৱগত কৰে অভিভাৱক আৰু পৰিচালনা সমিতিযে ।

তাৎপৰ্যপূৰ্ণ দিশ হ'ল ঢকুৱাখনাৰ শৈক্ষিক ইতিহাসৰ সমুজ্জল ভোটা তৰা স্বৰূপ এইখন বিদ্যালয়ত আভ্যন্তৰীণ বিবাদে ভয়ানক ৰূপত গা কৰি উঠাৰ অভিযোগ আহিছে। ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ মাজত সু-সম্পৰ্কৰ অভাৱ আৰু অসহযোগিতাৰ বাৱে সুস্থ শৈক্ষিক পৰিৱেশ বিঘ্নিত হোৱা বুলি একাংশ অভিভাৱকে মত প্ৰকাশ কৰিছে।

ইয়াৰোপৰি ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ গৰিমা মৰ্যদা সুৰক্ষিত কৰাত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকী ব্যৰ্থ হোৱাৰো অভিযোগ উঠিছে । যোৱা বর্ষৰ নৱেম্বৰ মাহৰ পৰা এই আভ্যন্তৰীণ বিসম্বাদৰ সূত্ৰপাত ঘটাৰ পাছৰে পৰা বিদ্যালয় পৰিয়ালৰ মাজত সমন্বয়হীনতা প্ৰকট হৈ উঠা বুলি জনা গৈছে।

নামজ্বলা বিদ্যালয়খনৰ এনে পশ্চাদগামী শৈক্ষিক পৰিবেশ সন্দৰ্ভত অৱগত হোৱা চি আৰ চি চি শৰৎ দাসে এনে দুৰৱস্থা নিৰ্মুলৰ চেষ্টা চলাইছিল যদিও তেওঁৰ ওপৰতো মিছা অভিযোগ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৰাকীয়ে উত্থাপন কৰা বুলি জনা গ'ল ।  

বিদ্যালয়খনৰ সুস্থ শৈক্ষিক পৰিচালনাত দেখা দিয়া কাৰক সমূহ বিদ্যালয়ৰ মজিয়াত ডাঙি ধৰি, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৰাকীৰ ক্ৰুটিপূৰ্ণ দিশ সমূহ উদঙাই দিয়াৰ বাবেই পৰিচালনা সমিতিৰ সভাপতি জিতেন পেগু আৰু চি আৰ চি চি শৰৎ দাসৰ ওপৰত পৰিকল্পিত অভিযোগ উত্থাপনেৰে উৰ্ধতন কৰ্তৃপক্ষক গোচৰ দি মানসিক শাস্তি ভোগাই অহা বুলি অভিভাবক একাংশই জনালে  ।

ব্ৰিটিছৰ আমোলতে প্ৰতিষ্ঠা হোৱা এইখন গৰিমা মণ্ডিত বিদ্যালয়ৰ ভিতৰছোৱাত উদ্ভৱ হোৱা এনে অনাহুত অনাকাংক্ষিত পৰিস্থিতিৰ নিৰ্মূল, স্থায়ী নিৰসন কৰাত গুৰুত্ব নাই শিক্ষা বিষয়াৰ । বিদ্যালয়খনৰ বিত্তীয় ক্ষমতাৰ দায়িত্বপ্ৰাপ্ত শিক্ষা বিষয়াগৰাকীৰ কাৰ্যালয়ৰ সমীপৰে এইখন বিদ্যালয়ত মাহ মাহ ধৰি অব্যাহত থকা আভ্যন্তৰীণ সংঘাত আৰু শেহতীয়া শাস্তিৰ ঘটনাৰ সন্দৰ্ভত মুক বধিৰৰ ভূমিকা পালি বহি আছে এইজন দায়িত্বহীন বিষয়া ।

ইপিনে এই সন্দৰ্ভত নৰেন্দ্ৰ শইকীয়াৰ এনে উন্নাসিক আচৰণৰ বিৰুদ্ধে ঢকুৱাখনা সদৰ থানাত অনুসূচীত জাতি পৰিষদৰ ঢকুৱাখনা জিলা সমিতিয়ে এক গোচৰ ৰুজু কৰিছে । পৰিষদৰ সভাপতি ললিত দাসে এক গোচৰ ৰুজু কৰিছে । ঢকুৱাখনাবাসী ৰাইজে ঢকুৱাখনাৰ স্বাভিমানত আঘাট সনা এই কাৰ্যৰ সন্দৰ্ভত নিৰপেক্ষ তদন্তৰ দাবী কৰিছে।

ঢকুৱাখনা