Advertisment

নাৱেৰে গৈ টিঙে টিঙে চুলাই বিনষ্ট কৰিলে ঢকুৱাখনা আবকাৰী বিভাগে

ইংৰাজী বছৰৰ অন্তিম মুহূৰ্তত গ্ৰাহকৰ বাবে প্ৰস্তুত কৰা টিঙে টিঙে চুলাই মদ বিনষ্ট কৰিলে ঢকুৱাখনা আবকাৰী বিভাগে। বহু দুৰ্গম পথ অতিক্ৰম কৰি,নাৱেৰে গৈ ঢকুৱাখনা আবকাৰী চক্ৰৰ এটা দলে এই উচ্ছেদ অভিযান চলাই ।

author-image
Asomiya Pratidin
New Update
নাৱেৰে গৈ টিঙে টিঙে চুলাই বিনষ্ট কৰিলে ঢকুৱাখনা আবকাৰী বিভাগে

ডিজিটেল সংবাদ ঢকুৱাখনাঃ ইংৰাজী বছৰৰ অন্তিম মুহূৰ্তত গ্ৰাহকৰ বাবে প্ৰস্তুত কৰা টিঙে টিঙে চুলাই মদ বিনষ্ট কৰিলে ঢকুৱাখনা আবকাৰী বিভাগে। বহু দুৰ্গম পথ অতিক্ৰম কৰি,নাৱেৰে গৈ ঢকুৱাখনা আবকাৰী চক্ৰৰ এটা দলে এই উচ্ছেদ অভিযান চলাই ।

Advertisment

চক্ৰ বিষয়া পৰাগ চেতিয়াৰ নেতৃত্বত যোৱা এটা আবকাৰী বিভাগৰ দলে ধেনুখণা, চিৰিং গাঁও, ধেনুখণা চাপৰি গাঁও ,কঁঠাল পৰা, ঘাৰমৰা, গন্ধিয়া আদি গাঁৱত সোমবাৰে চলাই এই উচ্ছেদ অভিযান। হাবিৰ মাজত, বাৰীৰ ভিতৰত, গাঁতৰ ভিতৰত লুকুৱাই ৰখা বৃহৎ পৰিমাণৰ চুলাই মদ আৰু পাজ উদ্ধাৰ কৰি থলীতে বিনষ্ট কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে প্ৰায় ৪৮০ লিটাৰ চুলাই প্ৰস্তুত কৰা পাজ, ২৫ লিটাৰ চুলাই, ৫ টা চুলাই প্ৰস্তুত কৰা সঁজুলি জব্দ কৰে আৰু সকলো থলীতে বিনস্ত কৰে। নৱবৰ্ষৰ আগে পাছে নিষিদ্ধ চুলাই পান কৰি যাতে কোনো অনাকাংক্ষিত পৰিস্থিতিৰ সূত্ৰপাত নহয় তাৰ বাবে আবকাৰী বিভাগে গ্ৰহণ কৰা এই পদক্ষেপক সচেতন মহলে শলাগ লৈছে ।

ঢকুৱাখনা আবকাৰী বিভাগ