/asomiyapratidin/media/media_files/2025/03/05/9B44VQYM780CYBFIFJ1y.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাত কিছুমান প্ৰকল্প কেৱল চৰকাৰী পুঁজিৰ অপচয় কিম্বা লুণ্ঠনৰ বাবে গ্ৰহণ কৰা হয়। আঁচনি ৰূপায়ণৰ নামত আঁচনি গ্ৰহণ কৰি পৰৱৰ্তী সময়ত এনেবোৰ ব্যয়বহুল আঁচনি নিষ্কর্মা হৈ ৰাইজৰ বাবে বব নোৱাৰা বোজা হোৱা পৰিলক্ষিত হয়।
এনে এক আঁচনি হৈছে ঢকুৱাখনা সাংস্কৃতিক কেন্দ্ৰ। ঢকুৱাখনা নগৰৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পাছফালে এনে এটা চৰকাৰী সাংস্কৃতিক কেন্দ্ৰ আছে বুলি বিধায়ক, ঠিকাদাৰৰ বাহিৰে হয়তো অন্য কোনেও নাজানে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কেবিনেট মন্ত্ৰী হৈ থকা অৱস্থাত এই চৰকাৰী ভূমি আৱাদী হৈ পৰি থকা প্ৰত্যক্ষ কৰি বিধায়ক নৱ দলেয়ে নিজৰ বিভাগৰ পৰা প্ৰায় এক কোটিৰো অধিক টকা আবন্টন দি পৰৱৰ্তী সময়ত নিৰ্মাণ সম্পূৰ্ণ কৰিছিল এই ঢকুৱাখনা সাংস্কৃতিক কেন্দ্ৰটোৰ।
পৰৱৰ্তী সময়ত বিশাল ৰাজহুৱা সভা পাতি ২০২২ চনৰ ৩১ অক্টোবৰত সাংসদ প্ৰদান বৰুৱা, তদানীন্তন মহকুমাধিপতি অৰিন্দম বৰুৱা, জিলা সাংস্কৃতিক বিষয়া বিদ্যাধৰ দেউৰী আদিৰ উপস্থিতিত বিধায়ক দলেয়ে নিজে উদ্বোধন কৰে ৰাইজৰ ব্যৱহাৰৰ বাবে উৎসৰ্গা কৰি দিয়া হৈছিল। কিন্তু কেৱল নিৰ্মাণতে দায়িত্ব সামৰা বিধায়ক দলেৰ ৰাজনৈতিক ক্ষমতা নহ’ল এই কেন্দ্ৰটোত পৰ্য্যাপ্ত বিষয়া, কৰ্মচাৰী নিযুক্তি দি সমজিলাখনত এটা গুৰুত্বপূৰ্ণ বিভাগ স্থাপন কৰাৰ।
পৰিণতিত বিগত ২টা বছৰে এই ব্যয়বহুল কেন্দ্ৰটোত অপসংস্কৃতিৰ ৰম্যভূমিলৈ পতিত হৈছে। কেৱল কেন্দ্ৰটো নিৰ্মাণ কৰি চৰকাৰী পুঁজি উলিয়াই নিবলৈ খাপ পিটি ৰোৱা জনপ্ৰতিনিধিৰ গুৰুত্বহীন আচৰণৰ বাবেই উদ্বোধন পিছৰে পৰা পৰিত্যক্ত হৈ মৃত্যুৰ ক্ষণ গণিছে কেন্দ্ৰটোৱে।
কি জনপ্ৰতিনিধি, কি সমজিলা প্ৰশাসনৰ মুৰব্বী কাৰোৰে সময় নাই চৰকাৰী সম্পত্তিটোৰ সংৰক্ষণ আৰু সঠিক ব্যৱহাৰৰ। যাৰ বাবেই কোটি টকীয়া গৃহটো এতিয়া বনৰীয়া জীৱ জন্তুৰ লগতে এচাম অসৎ ব্যক্তিৰ অসামাজিক কাণ্ডৰ নিৰাপদ আশ্ৰয় থলীলৈ পৰিণত হৈছে।
ঘন হাবি জংঘলেৰে আৱৰি ধৰি পৰিত্যক্ত ভূত বাংলোলৈ পতিত সাংস্কৃতিক কেন্দ্ৰটিৰ এনে জৰাজীৰ্ণ অৱস্থালৈ গতি কৰাৰ অন্তৰালত এনেবোৰ বেপৰোৱা পক্ষকে জগৰীয়া কৰিছে ঢকুৱাখনাবাসীয়ে। অসমীয়া লোক সংস্কৃতিৰ বৰ ঘৰ ঢকুৱাখনাৰ অমূল্য লোক কৃষ্টিৰ সম্ভাৰ সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ কেন্দ্ৰ হিচাবে গঢ় দিয়াত এই কেন্দ্ৰটোৱে গুৰুত্ব দিব বুলি পতিয়ন গৈছিল ঢকুৱাখনাবাসী।
পিছে সেয়া নহল । এনেবোৰ বিষয়ৰ প্ৰতি তিলমানো গুৰুত্ব নিদিয়া এনেবোৰ চৰকাৰী পক্ষৰ কাণ্ডজ্ঞানহীন ভূমিকাৰ বাবে এদিনো ব্যৱহাৰ নোহোৱাকৈয়ে বিশাল ভৱনটো ক্ৰমাৎ নিঃশেষ হোৱাৰ পথত গতি কৰিছে।
চৰকাৰী আৱাদী মাটি দেখিলেই আঁচনি ৰূপায়ণৰ কুচকাৱাজ চলাই পৰিশেষত এনে আঁচনি বগাহাতীলৈ পৰিণত কৰাতহে গুৰুত্ব দিয়া ৰাজনীতিক আৰু প্ৰশাসনীয় আমোলাৰ এনে অশুভ মানসিকতাৰ বাবেই ঢকুৱাখনাবাসীয়ে এনেবোৰ পক্ষকে এক সমস্যা হিচাবে ভাবিবলৈ বাধ্য হৈছে।