ঢকুৱাখনা কংগ্ৰেছৰ সহযোগত ঘৰে ঘৰে সোমাইছে প্ৰাৰ্থীত্ব প্ৰত্যাশী ডঃ সুৰজিত দলে

সাংগঠনিক শক্তি বৃদ্ধিত মনোনিবেশ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা কংগ্ৰেছৰ সহযোগত ঘৰে ঘৰে সোমাইছে প্ৰাৰ্থীত্ব প্ৰত্যাশী ডঃ সুৰজিত দলে

ঢকুৱাখনা কংগ্ৰেছৰ সহযোগত ঘৰে ঘৰে সোমাইছে প্ৰাৰ্থীত্ব প্ৰত্যাশী ডঃ সুৰজিত দলে

ডিজিটেল সংবাদ ঢকুৱাখনা: গেৰুৱা দলৰ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সুযোগ লৈ ক্ৰমাৎ বিৰোধী ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ঢকুৱাখনা বিধানসভা সমষ্টিত নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰি দিছে। ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ লগতে লখিমপুৰ জিলা কংগ্ৰেছ আৰু মণ্ডল কংগ্ৰেছৰ একাংশ নেতা কৰ্মীৰ সহযোগিতাত দললৈ আগমন ঘটা শিক্ষাবিদ, এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিত দলেয়ে সমষ্টিটোৰ জ্যেষ্ঠ কংগ্ৰেছীসকলৰ ঘৰে ঘৰে সোমাই দলীয় সাংগঠনিক শক্তি বৃদ্ধিত নামি পৰিছে ।

লখিমপুৰ জিলা কংগ্ৰেছৰ সম্পাদক তছিল শইকীয়া, অনুসূচীত জনজাতি কোষৰ জিলা অধ্যক্ষ কোষৰ ৰমেন মিলি, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক ৰাজীৱ খান, ব্লক কংগ্ৰেছৰ উপ সভাপতি ভাৰতী হাজৰিকা, উপ সভাপতি কুসুম বৰুৱা, ব্লক সদস্য বিজয় দলে,  যুৱ কংগ্ৰেছৰ জাইল সিং আদিৰ সহযোগত বুধবাৰে কেঁকুৰী পমুৱা, একেন দীঘলী আদি গাঁৱত উপস্থিত হৈ দলীয় কৰ্মীসকলৰে মতবিনিময় কৰে।

Also Read: আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব নিযুত মইনা আঁচনিঃ ৰাজ্যৰ ১০ লাখ ছাত্ৰীয়ে লাভ কৰিব সুবিধা...

ঢকুৱাখনা কংগ্ৰেছ