ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনাত ভাড়াঘৰৰ মালিকৰ অকথ্য নিৰ্যাতনৰ বলি হ'বলগা হ'ল এগৰাকী ভাড়াতীয়া আৱাসী ছাত্ৰী। নিশা শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই ৰুমৰ পৰা বাহিৰ কৰি দিলে উদণ্ড মালিকে।
ঢকুৱাখনা নগৰৰ কাঠৰবাৰী গাঁৱত মানিক গগৈৰ ঘৰত শুকুৰবাৰে নিশা সংঘটিত হৈছে এই অমানৱীয় কাণ্ড। ভাড়াঘৰৰ মালিক দীপা গগৈৰ শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা ছাত্ৰীগৰাকীয়ে জনোৱা মতে
ঢকুৱাখনা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ ছাত্ৰীগৰাকীয়ে কেই মাহ মানৰ পূৰ্বে কাঠৰবাৰী গাঁওৰ মাণিক গগৈ আৰু দীপা গগৈৰ ভাড়া ঘৰত ভাড়াতীয়া হিচাবে আশ্ৰয় লৈছিল।
শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫-৩০ বজাত ৰুমত থকা বান্ধবীৰ সৈতে ঢকুৱাখনা গ্ৰন্থমেলা চাবলৈ মালিক পক্ষৰ অনুমতি বিচাৰিছিল। কিন্তু মালিক পক্ষই অনুমতি নিদিয়াত ৰুমলৈ যোৱাৰ পাছত ঘৰলৈ ফোন কৰি ব্যক্তিগত কথা পাতি থকাৰ পাছতেই আৰম্ভ হয় মালিক পত্নী দীপা গগৈৰ অকথ্য গালি গালাজ। চুলিত ধৰি চলাই অবৰ্ণনীয় অত্যাচাৰ।
পৰৱৰ্তী সময়ত প্ৰায় দুঘণ্টা ধৰি চলোৱা এই অত্যাচাৰ সন্দৰ্ভত সংবাদমাধ্যমলৈ ফোন যোগে অভিযোগ দিয়াৰ পাছত ঢকুৱাখনা সদৰ থানাৰ অৱগত কৰা হয় । ভাড়াঘৰটোৰ ৰুমত তলা ওলমাই দীপা গগৈয়ে প্ৰায় দুঘণ্টা বাহিৰত ৰাখি গেটৰ তলা বন্ধ কৰি চলোৱা মানসিক অত্যাচাৰৰ প্ৰত্যক্ষ দর্শী হয় ৰাইজ, ছাত্ৰ সংগঠন আৰু সংবাদ মাধ্যমে।
এনে সময়তে ঢকুৱাখনা সদৰ থানাৰ সহকাৰী উপ-পৰিদৰ্শক মাণিক দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দল ভাড়াঘৰটোত উপস্থিত হয় নিশাই। ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাৰ নেতৃবৰ্গ, ঢকুৱাখনা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত আৰক্ষীৰ দলটোৱে নিৰ্যাতনৰ বলি হোৱা ছাত্ৰীগৰাকীক এগৰাকী সতীৰ্থসহ উদ্ধাৰ কৰি থানালৈ আনে।
লগতে সদৰ থানালৈ অভিযুক্ত মালিক দম্পত্তিক আৰক্ষীযে অনাৰ পাছত ঘটনাৰ খবৰ পাই থানাত নির্যাতিতা ছাত্ৰীগৰাকীৰ অভিভাৱক উপস্থিত হয়। ঢকুৱাখনা থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে ছাত্ৰীগৰাকীৰ অভিভাৱকে।
কিন্তু পাছত দোষীয়ে ভুল স্বীকাৰ কৰাৰ পাছত গোচৰ প্ৰত্যাহাৰ কৰা হয়। এগৰাকী নিৰীহ ছাত্ৰীৰ ওপৰত মালিক পক্ষই চলোৱা এনে অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ সন্দৰ্ভত ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দি ঢকুৱাখনা সমজিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ তদন্তৰে এনে অত্যাচাৰী ভাড়াঘৰৰ মালিক ৰূপী দীপা গগৈসহ অন্যসকলক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।