/asomiyapratidin/media/media_files/2025/05/22/SJy1vpF60JX2XP2tiGDD.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: একালৰ প্ৰভূত সাংগঠনিক ভেঁটি বিশিষ্ট ঢকুৱাখনা বিধান সভা সমষ্টিত এচাম ছদ্মবেশী অগপ নেতৃত্বৰ বেপৰোৱা মনোভাৱৰ বাবে ক্ৰমাৎ পূৰ্বৰ সবল ভেঁটি দুৰ্বল হোৱা পৰিলক্ষিত হৈছে। আঞ্চলিকতাবাদ আৰু আঞ্চলিক ৰাজনীতিৰ মজবুত খোপনি থকা ঢকুৱাখনা বিধানসভা সমষ্টিত অগপ দলটোৰ বুনিয়াদ ক্ৰমাৎ দুৰ্বল হৈ পৰাৰ বাবে দলটোৰ স্থানীয় নেতৃত্বৰ বেপৰোৱা স্থিতি বহু সময়ত জগৰীয়া হৈ আহিছে।
এই ক্ষেত্ৰত ঢকুৱাখনা বিধানসভা সমষ্টি সমিতিৰ সভাপতি মহেশ দলেৰ অহেতুক গেৰুৱা বিধায়ক নৱ দলে প্ৰীতি স্থিতি আৰু দৰদী ভূমিকাক লৈ প্ৰায়ে আঞ্চলিক দলটোৰ মাজত চর্চাৰ বিষয় হৈ আহিছে। মিত্ৰ জোঁটৰ অংশীদাৰ হোৱাৰ পাছতো আঞ্চলিক দলটোৰ প্ৰতি গেৰুৱা বিধায়কৰ গুৰুত্বহীনতা, মিত্ৰজোঁটৰ মৰ্যদাৰে ৰাজনৈতিক প্ৰাপ্য প্ৰদানৰ ক্ষেত্ৰত আঞ্চলিক দলটোৰ প্ৰতি বিগত এটা দশক ধৰি প্ৰদৰ্শন কৰি অহা উদাসীন ভূমিকা আদি দেখি জানি শুনিও নিৰ্বাক ভূমিকা পালন কৰি অহা সভাপতি দলেৰ দুৰ্বল ভূমিকাৰ বিৰুদ্ধে সোচ্চাৰ হৈ আহিছিল দলৰে নিষ্ঠাবান নেতা কৰ্মীসকল।
প্ৰথমে পৌৰ সভা আৰু শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনৰ আসন অগপ দলক এৰি দিয়াৰ ক্ষেত্ৰত চূড়ান্ত প্ৰতাৰণা কৰি গেৰুৱা দলটোৰ মজিয়াত অগপ দলটোক গুৰুত্বহীন কৰি তোলা স্বত্তেও নিৰ্বাক ভূমিকা লোৱা সভাপতি দলে আৰু সমিতিখনৰ বিৰুদ্ধে ৰাজ্যিক কাৰ্য নিৰ্বাহকলৈ লিখিত অভিযোগ প্ৰেৰণ কৰিছিল দলটোৰ নিষ্ঠাবান নেতা কৰ্মী একাংশই। সভাপতি দলেৰ ওপৰত মুকলি অভিযোগ তুলি দলৰে কৰ্মকর্তাই উত্থাপন কৰা গুৰুতৰ অভিযোগৰ সন্দৰ্ভত অনুষ্ঠিত দলীয় সভাত বিষয়টো মুকলি আলোচনা হয়।
ঢকুৱাখনা বিধানসভা সমষ্টি সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত গৰিষ্ঠ সংখ্যক নেতৃত্বৰ উপস্থিতিত সভাপতিগৰাকীৰ দলীয় সক্ৰিয়তাকলৈ মুকলি সমালোচনা কৰা হয়। পৰৱৰ্তী সময়ত সভাপতি দলেয়ে সভাত নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি আনুষ্ঠানিকভাৱে পদত্যাগ কৰে।
এইসন্দৰ্ভত সভাত গৃহীত বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণৰ পাছতে লখিমপুৰ জিলা অগপ সমিতিয়ে এক জাননী যোগে ঢকুৱাখনা বিধানসভা সমষ্টি সমিতিখন ভংগ কৰি দিয়ে। জিলা অগপৰ সভাপতি দীপক বৰদলৈৰ এক জাননী যোগে ঢকুৱাখনা সমষ্টিৰ সমিতিখন ভংগ কৰাৰ সমান্তৰাল ভাবে অহা ৩০দিনৰ ভিতৰত এখন শক্তিশালী বিধান পৰিষদ গঠন কৰিবলৈ ১১জনীয়া আহ্বায়ক সমিতি গঠন কৰি দিয়ে।
কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ত্ৰয় ক্ৰমে দুলাল দত্তক মুখ্য আহ্বায়ক আৰু হৰিচন্দ্ৰ বৰুৱা, প্ৰাঞ্জল দিহিঙীয়া, সমুজ্জল চেতিয়া, সুৰেন চাংমাই, মিনাৰাম পেগু, প্ৰণৱ বসুমতাৰী, শুভদ্ৰা দাস, হৰেন দত্ত, ৰাজেন্দ্ৰ প্ৰসাদ গগৈ আৰু পৰমা পাতিৰক আহ্বায়ক হিচাবে নিৰ্বাচিত কৰি যোৱা ২০ মে'ত জাৰি কৰা জাননীৰ জৰিয়তে অহা ৩০দিনৰ ভিতৰত এখন সাধাৰণ সভা আহ্বান কৰি এখন শক্তিশালী স্থায়ী বিধান সভা সমষ্টি সমিতি গঠনৰ দায়িত্ব দিছে।
সমষ্টিটোত বহু প্ৰত্যাহ্বান নেওচি আঞ্চলিকতাবাদৰ পতাকা খামুচি ধৰি অহা নীতিনিষ্ঠ কৰ্মীসকলৰ আশা আগন্তুক সময়ত গঠন হ’ব লগা শক্তিশালী পূৰ্ণাংগ সমিতিখনে গেৰুৱা দলৰ বিধায়ক, নেতাৰ শ্ৰুতলিপিৰ পৰিবৰ্তে নিজ দলৰ তৃণমূলৰ পৰা সমষ্টি সমিতিৰ নেতা কৰ্মীৰ নিঃস্বাৰ্থ পৰামৰ্শৰ ভিত্তিত আঞ্চলিক দলটোক অনাগত সময়ত জনমুখী কৰি আগুৱাই নিয়াত গুৰুত্ব দিব।