JEE MAIN (Phase-1)ত ঢকুৱাখনাৰ দুই কৃতিমানৰ সফলতাঃ সৰ্বোচ্চ নম্বৰ লাভ...

সদ্য ঘোষিত JEE MAIN (Phase-1)ত অৱতীৰ্ণ হৈ ঢকুৱাখনাৰ দুই মেধাবী কৃতিমান ক্ৰমে অভিষেক শইকীয়া আৰু ঈশান বল্লভ সূতে সুখ্যাতিৰে সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ শৈক্ষিক সম্ভ্রমৰ সমুজ্জল প্ৰতীক হৈ উজ্বলিল দুই কৃতিমান। সদ্য ঘোষিত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ "জইন্ত এণ্ট্ৰেন্স টেষ্ট ২০২৫ " (মেইন) ফেজ -১ (JEE) ত অৱতীৰ্ণ হৈ ঢকুৱাখনাৰ দুই মেধাবী কৃতিমান ক্ৰমে অভিষেক শইকীয়া আৰু ঈশান বল্লভ সূতে সুখ্যাতিৰে সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ।

Advertisment

সংগৃহীত তথ্য মতে ডিব্ৰুগড়ৰ ড০ ৰাধাকৃষ্ণন স্কুল অব আৰ্টচ, চাইন্স আৰু কমাৰ্চত অধ্যয়নৰত দুই মেধাবী শিক্ষাৰ্থীযে সদ্য ঘোষিত ফলাফলৰ জৰিয়তে বিশেষ কৃতিত্ব অর্জনেৰে ঢকুৱাখনাৰ শৈক্ষিক ইতিহাসত নিজৰ নাম সমুজ্জ্বল কৰিবলৈ সক্ষম হৈছে। ঢকুৱাখনা কমাৰগাঁও নিবাসী কৰ্মোদ্যমী যুৱক দ্বীপেন শইকীয়া আৰু ৰুণু কোঁচৰ পুত্ৰ অভিষেক শইকীয়াই এই চূড়ান্ত পৰীক্ষাত ৯৮.৬৬ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে।

এগৰাকী কম্পিউটাৰ ইঞ্জিনীয়াৰৰ ছাত্ৰ হোৱাৰ সপোন পুহি ৰখা কৃতিমান অভিষেকে ডিব্ৰুগড়ৰ ড০ ৰাধাকৃষ্ণন স্কুল অব আৰ্টচ, চাইন্স আৰু কমাৰ্চৰ পৰা চলিত বর্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব।

ইপিনে ঢকুৱাখনা নগৰৰ ঘাহি গাঁওৰ বাসিন্দা শংকৰদেৱ শিশু নিকেতনৰ সদ্য প্ৰয়াত প্ৰধানাচাৰ্য বনমালী সূতৰ মেধাবী পুত্ৰ ঈশান বল্লভ সূতেও এই পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হৈছে। ঈশান বল্লভে এই চূড়ান্ত পৰীক্ষাত ৯৪.০২ শতাংশ নম্বৰ লাভ কৰি অধ্যয়নৰত শিক্ষানুষ্ঠান ড০ ৰাধাকৃষ্ণন স্কুল অব আৰ্টচ, চাইন্স আৰু কমাৰ্চৰ লগতে ঢকুৱাখনালৈ অনাবিল গৌৰৱৰ সম্ভাৰ কঢ়িয়াই আনিছে ।

ঈশান বল্লভেও চলিত বর্ষত অনুষ্ঠিত হ'ব লগা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব। প্ৰচুৰ অধ্যয়নশীল, বিনয়ী আৰু দূৰদৰ্শী দুই কৃতিমানৰ এনে ইস্পিত সাফল্যত আনন্দ উল্লাসৰ বন্যা প্ৰবাহিত হৈছে বিদ্যালয়খনৰ লগতে গৃহভূমিত ।

সীমাহীন অব্যক্ত মানসিক বোজাৰ মাজতো একাগ্ৰতাৰে অধ্যয়নৰ নিৰন্তৰ ধাৰা অব্যাহত ৰাখি এনে বিৰল বিদ্যায়তনিক সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হোৱা দুই কৃতিমানলৈ অযুত অভিনন্দন জনাইছে ঢকুৱাখনাৰ শিক্ষাসদী সমাজে। সমুজ্জ্বল ভৱিষ্যত সম্পন্ন দুই ছাত্ৰৰ সমাগত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ঢকুৱাখনাৰ ৰাইজ সংগঠনে।

উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ এইখন উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিকাৰী ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ পৰা এই সৰ্বভাৰতীয় পৰীক্ষাত মুঠ ২০গৰাকী শিক্ষাৰ্থীয়ে উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ।

ঢকুৱাখনা