সন্মুখত নিৰ্বাচন, ঢকুৱাখনাত দুভাগত বিভক্ত কংগ্ৰেছঃ এফালে সভাপতিৰ দায়িত্ব গ্ৰহণ, আনফালে সমূহীয়া পদত্যাগ

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নিৰ্দেশ মতে নবনিযুক্ত ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি সত্য চমুৱাই বৃহস্পতিবাৰে সভাপতিৰ কাৰ্যভাৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে।

author-image
Tushar Pratim
New Update
সন্মুখত নিৰ্বাচন, ঢকুৱাখনাত দুভাগত বিভক্ত কংগ্ৰেছঃ এফালে সভাপতিৰ দায়িত্ব গ্ৰহণ, আনফালে সমূহীয়া পদত্যাগ

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নিৰ্দেশ মতে নবনিযুক্ত ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি সত্য চমুৱাই বৃহস্পতিবাৰে সভাপতিৰ কাৰ্যভাৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্য্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত এক জনাকীৰ্ণ দলীয় সভাত চমুৱাই ব্লক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে।

Advertisment

এই সন্দৰ্ভত ৰাজীৱ ভৱনত অনুষ্ঠিত কাৰ্যভাৰ গ্ৰহণ সভাত সভাপতিত্ব কৰে লখিমপুৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কুশল খনিকৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ মুখপাত্ৰ তথা দলৰ শিক্ষক কোষৰ উপ-সভাপতি ড০ সুৰজিত দলে,  জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাকেশ পেগু , প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু উন্নয়ন বিভাগৰ সম্পাদক ৰাজীৱ খান, জ্যেষ্ঠ কংগ্ৰেছী ৰমেন মিলি, বিজয় দত্ত, মীনাক্ষী গগৈ, ৰাজু ৰাণী বৰুৱা দাস,  পূব ঢকুৱাখনা মণ্ডল মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰানু মিলি,  ডাংধৰা মণ্ডল মহিলা কংগ্ৰেছৰ সভানেত্ৰী বিশ্ব ৰূপা দলে, প্ৰবীণ কংগ্ৰেছী ভূপেন পেগু, জগত ফুকন, যোগানন্দ গোঁহাই কুশ গোঁহাই, পশ্চিম ঢকুৱাখনা মণ্ডল মহিলা কংগ্ৰেছৰ সভানেত্ৰী বিনা কুম্বাং, ঢকুৱাখনা ব্লকৰ এছ টি কোষৰ দেৱৰাম মিলি, ঢকুৱাখনা ব্লকৰ এছ চি কোষৰ অধ্যক্ষ বগেন দাস, যুৱ কংগ্ৰেছৰ মণ্ডল সভাপতি নকুল দাস, যুৱ কংগ্ৰেছৰ ডাংধৰা মণ্ডল সভাপতি জ্যোতিপ্ৰসাদ পাতিৰ, মাতমৰা মণ্ডল মহিলা কংগ্ৰেছৰ সভানেত্ৰী দীপিকা বৰপাত্ৰকে প্ৰমুখ্য কৰি নবীন প্ৰবীণ শ শ দলীয় নেতা কৰ্মী উপস্থিত থাকে অনুষ্ঠানত।

দলৰ তৃণমূল জ্যেষ্ঠ আৰু নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা কৰ্মী সকলো উপস্থিত থকা সভাত নৱনিযুক্ত ব্লক সভাপতি চমুৱাক আদৰি আনে ৰাজীৱ ভৱনৰ সন্মুখৰ পৰা। নৱনিযুক্ত সভাপতি চমুৱাকলৈ উৎসাহী দলৰ নেতা কৰ্মীসকলে বিভিন্ন শ্লোগান দি চমুৱাক গামোচা, জনগোষ্ঠীয় বস্ত্ৰৰে উষ্ণ সম্বৰ্ধনা জনাই।

জ্যেষ্ঠ দলীয় নেতা ৰাকেশ পেগুৱে আঁতধৰা সভাত প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া ড০ সুৰজিত দলে, ৰাকেশ পেগুকে ধৰি বহুজনে শুভেচ্ছামূলক বক্তব্য আগবঢ়াই। দলৰ গুৰুত্বপূৰ্ণ সময়ত গুৰুত্বপূৰ্ণ পদৰ দায়িত্ব গ্ৰহণ কৰি চমু বক্তব্য আগবঢ়াই  ব্লক সভাপতি সত্য চমুৱাই।

সন্মুখত যিমানেই প্ৰত্যাহ্বান, প্ৰলোভন কিম্বা সকীয়নী নাহক  তাক সততাৰে, নীতিনিষ্ঠতাৰে আৰু ৰাইজৰ অদম্য সমৰ্থনেৰে প্ৰতিহত কৰি যোৱাত সভাপতি হিচাবে অগ্ৰণী ভূমিকা পালন কৰিব বুলি কৈ চমুৱাই দলৰ প্ৰতিগৰাকী তৃণমূলৰ পৰা জিলা কংগ্ৰেছৰ নিষ্ঠাবান সহযোগিতা কামনা কৰে। ইপিনে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত ব্লক সভাপতি পদৰ পৰা অপসাৰিত হোৱা তৰুণ চেতিয়া আৰু ১২ গৰাকী মণ্ডল সভাপতিয়ে এনে সিদ্ধান্তৰ প্ৰতিবাদ কৰি বৃহস্পতিবাৰে সমূহীয়া ভাবে পদত্যাগ কৰে ।

ঢকুৱাখনা বালি গাওঁৰ ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী ইনামণি বৰুৱাৰ বাসগৃহত এক সংবাদমেল অনুষ্ঠিত কৰি দলীয় নেতৃত্বৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ উজাৰে । প্ৰদেশ কংগ্ৰেছৰ সদস্য লালিত্য দাস, কেশেন চেতিয়াও উপস্থিত থকা সংবাদমেলত পদচ্যুত হোৱা তৰুণ চেতিয়াই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আচম্বিতে ব্লক কংগ্ৰেছৰ সভাপতিৰ পদত সত্য চমুৱাক নিযুক্তি দিয়াত স্তম্ভিত হয়।

চেতিয়াই কয়, কালিলৈকে দলৰ মণ্ডল সভাপতিসকলৰ সৈতে পঞ্চায়ত প্ৰাৰ্থী সন্দৰ্ভত সাংগঠনিক আলোচনাত ব্যস্ত থকাৰ সময়তে মাত্ৰ আঢ়ৈ বছৰ কাৰ্যকালৰ ভিতৰতে কালি সভাপতি সলনি কৰাত ক্ষোভ প্ৰকশ কৰে। তেওঁ ব্লকৰ অন্তৰ্গত সমূহ দলীয় কৰ্মীক ভুল নুবুজিবলৈ আহ্বান জনায় কয় এনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাই সংবাদমেলত উপস্থিত সকলো মণ্ডল সভাপতি আৰু দুগৰাকী প্ৰদেশ কংগ্ৰেছৰ সদস্যই দলৰ সকলো পদ দায়িত্বৰ পৰা অব্যাহতি লৈ পদত্যাগ কৰে বুলি কৈ আগত পঞ্চায়ত নিৰ্বাচনত নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। 

চেতিয়াই কয় ব্লক সভাপতি পদটো কাৰো পৈত্রিক সম্পত্তি নহয় ।কিন্তু এনেদৰে কোনো কাৰণ নেদেখোৱাকৈ হঠাৎ সভাপতি সলনি কৰা কাৰ্য্যত আমি দুঃখিত। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সদস্যদ্বয় ক্ৰমে লালিত্য দাস আৰু কেশেন চেতিয়ায়ো পদত্যাগ কৰাৰ কথা ঘোষণা কৰি কংগ্ৰেছ দলৰ এগৰাকী সৈনিক হিচাবে থাকি যাব বুলি দৃঢ়তাৰে জনাই এই ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ উচিত তদন্তৰ আহ্বান জনায়।

প্ৰাক নিৰ্বাচনী কালত এফালে ব্লক সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ আৰু অন্যফালে সমূহীয়া পদত্যাগৰ ঘটনাই ঢকুৱাখনা কংগ্ৰেছত উলম্ব বিভাজন অনাৰেই ইংগিত বহন কৰিছে। 

ঢকুৱাখনা কংগ্ৰেছ