ৰাজ্যত পঞ্চায়তে পঞ্চায়তে অৰুণোদয় আঁচনিৰ নামত অঘোষিত প্ৰতিযোগিতা...

মুখ্যমন্ত্ৰীৰ সকীয়নীলৈ নকৰে কেৰেপ। ঢকুৱাখনা উন্নয়ন খণ্ডত উৎকোচ লৈয়ো নিদিয়ে অৰুনোদই আঁচনিৰ সুবিধা...

author-image
Asomiya Pratidin
New Update
ৰাজ্যত পঞ্চায়তে পঞ্চায়তে অৰুণোদয় আঁচনিৰ নামত অঘোষিত প্ৰতিযোগিতা...

ডিজিটেল সংবাদ, ঢকুৱাখনা : লখিমপুৰ জিলাৰ ভিতৰত এখন কুখ্যাতিপূৰ্ণ  আৰু সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত উন্নয়ন খণ্ড হিচাবে জনমানসত প্ৰতিষ্ঠিত হৈছে ঢকুৱাখনা উন্নয়ন খণ্ড। সীমাহীন ভ্ৰূষ্টাচাৰ, দুৰ্নীতি অনিয়মৰ ভূস্বৰ্গ স্বৰূপ হৈ পৰা এইখন উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্তৰ অদক্ষ আৰু দুৰ্বল পৰিচালনাৰ বাবে এতিয়া চৰকাৰী আঁচনিৰ নামত চলে নিৰ্লজ বেহা ।

Advertisment

গ্ৰাম্য দৰিদ্ৰ নাগৰিকৰ সৰ্বাংগীন উন্নয়ন বিকাশৰ বাবে চৰকাৰীভাবে আবন্তিত পুঁজিৰ নামত দৰিদ্ৰ ৰাইজক কেঁকুৰা চেঁপা দি উৎকোচ সংগ্ৰহ কৰি শেহতীয়াভাবে পুনৰ জনৰোষৰ পাত্ৰ হ'বলগীয়া হৈছে উন্নয়নখণ্ডটো। খণ্ডটোৰ অন্তৰ্গত পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ মাজ জালভাৰীত নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি তৰুণ শইকীয়াই আঁচনি বিক্ৰী কৰাৰ এক নিকৃষ্ট দুষ্কাৰ্য চলোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে ।

পঞ্চায়তখনৰ মাজ জালভাৰী গাঁৱৰ দৰিদ্ৰ মহিলা সকলে বিধিগত ভাবে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল। এই আঁচনি লাভৰ বাবে প্ৰযোজ্য সকলো নথিপত্ৰ জমা দি চৰকাৰী আঁচনিৰ আশা পালিছিল। কিন্তু চৰকাৰী পঞ্চায়ত আঁচনি মাত্ৰেই পৈত্রিক সম্পত্তি গণ্য কৰা প্ৰতিনিধি তৰুণ শইকীয়াই এই আঁচনি লাভ কৰিবলৈ খৰছ অৰ্থাৎ উৎকোচ দিয়াটো বাধ্যতামূলক বুলি কৈ দৰিদ্ৰ আবেদনকাৰী সকলৰ একাংশৰ পৰা ২০০ টকা পৰ্যন্ত অবৈধ ভাৱে সংগ্ৰহ কৰি আঁচনি প্ৰদানৰ নিশ্চয়তা দিয়ে।

ঘোচখোৰ শইকীয়াই আঁচনি প্ৰদানৰ নামত বৃহৎ পৰিমাণৰ উৎকোচ সংগ্ৰহ কৰিলে ঠিকেই। কিন্তু আঁচনিহে দিব নোৱাৰিলে অৰ্থলোভী চৰিত্ৰৰ প্ৰতিনিধি জনে। দৰিদ্ৰ ৰাইজে এই সন্দৰ্ভত কাৰ্যালয়ত খবৰ কৰি বঞ্চিত হোৱাতো প্ৰতীয়মান হোৱাত বৃহস্পতি বাৰে বিয়লি সাব্যস্ত কৰে ৰাজহুৱা প্ৰতিবাদ । বৃহত্তৰ গাঁওখনৰ প্ৰবঞ্চিত মহিলা সকলে একত্ৰিত হৈ ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰামোন্নয়ন বিভাগৰ লগতে অর্থলোভী প্ৰতিনিধি গৰাকীৰ বিৰুদ্ধে পঞ্জীভূত ক্ষোভ উজাৰে ।

পঞ্চায়ত সভাপতি দুলাল দত্ত হায় হায়, অৰ্থলোভী, ঘোচখোৰ তৰুণ শইকীয়া মূর্দাবাদ , আমাক আমাৰ অৰুণোদয় দিয়ক, যোগ্য দৰিদ্ৰ মহিলাক অৰুণোদয় দিয়ক, ঢকুৱাখনা উন্নয়ন খণ্ডৰ দুৰ্নীতি তদন্ত কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰা শতাধিক বৃদ্ধা, মহিলাই পঞ্চায়ত প্ৰতিনিধিৰ ধনৱন্ত আত্মীয় স্বজনক এই আঁচনি উপৰ্যুপৰি প্ৰদান কৰি প্ৰকৃত দৰিদ্ৰ উপাৰ্জনহীন আবেদনকাৰীক বঞ্চিত কৰা বুলি ৰাজহুৱা অভিযোগ উত্থাপন কৰে ।

বহু সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰি ক্ষুব্ধ বঞ্চিত মহিলা সকলে আঁচনি প্ৰদানৰ নামত প্ৰতিনিধিয়ে সংগ্ৰহ কৰা কমিচনৰ ধন উভতাই দিয়াৰো দাবী জনাই ধনী, আঢ্যৱন্ত সকলৰ পৰিৱৰ্তে দৰিদ্ৰ, নিঃস্ব পৰিয়াল সমূহক এই আঁচনি প্ৰদানৰ দাবী জনাই উপায়ুক্তৰ হস্তক্ষেপ কামনা কৰে । যিসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰামোন্নয়ন আঁচনিৰ নামত ফুটা কঢ়ি এটা উৎকোচ ললেও জেললৈ পঠোৱাৰ সকীয়নী দিছিল সেই সময়তে শাসক দলৰে  প্ৰতিনিধিয়ে তালৈ কেৰেপ নকৰি এনে অবৈধ ধন সংগ্ৰহত নামি পৰাটোৱে সুকীয়া তাৎপৰ্য বহন কৰিছে ।

Also Read: ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে অসম সাহিত্য সভাৰ বিশেষ আহ্বান...

dhakuakhana GOVT OF ASSAM