অৱশেষত উদ্ধাৰ হ'ল ত্ৰৈলোক্য সোণোৱালৰ মৃতদেহ...

ঢকুৱাখনাৰ কেঁকুৰী চেলাজান ঘাটত নিখোজ হোৱা ত্ৰৈলোক্য সোণোৱালৰ মৃতদেহ দেওবাৰে উদ্ধাৰ কৰা হয়...

author-image
Asomiya Pratidin
New Update
অৱশেষত উদ্ধাৰ হ'ল ত্ৰৈলোক্য সোণোৱালৰ মৃতদেহ...

ডিজিটেল সংবাদ, ঢকুৱাখনা : অৱশেষত উদ্ধাৰ হ'ল ঢকুৱাখনাৰ কেঁকুৰী চেলাজান ঘাটত নিখোজ হোৱা ত্ৰৈলোক্য সোণোৱালৰ মৃতদেহ। ঢকুৱাখনা কেন্দ্ৰৰ এছ ডি আৰ এফ বাহিনীৰ দুদিন ধৰি নিৰন্তৰ সন্ধান অভিযানৰ পাছত ২৪ ঘণ্টাৰ মূৰত ঢকুৱাখনা মহকুমা আৰু মাজুলী জিলাৰ সংগম স্থলৰ খেৰকটা নদীৰ তিনি সুঁতিৰ পানী যুৱলীৰ পৰা যুৱকজনৰ নশ্বৰ দেহ উদ্ধাৰ কৰা হয়।

Traloikya Sonowal
Traloikya Sonowal

তিনিসুঁতি সমীপৰ স্থানীয় ৰাইজে দেওবাৰে দুপৰীয়া মৃতদেহটো ওপঙি থকা প্ৰত্যক্ষ কৰি আৰক্ষী আৰু কেঁকুৰীৰ আত্মীয়ক খবৰ দিয়ে। পৰৱৰ্তী সময়ত মৃতদেহটো শনিবাৰে চেলাজান ঘাটত ডুব যোৱা ত্ৰৈলোক্য সোণোৱালৰ বুলি আত্মীয়ই চিনাক্ত কৰে। আৰু ইয়াৰ পিছতে সোনাৰী চাপৰি আৰক্ষীয়ে মৃতদেহতো চমজি লৈ ঘটনাস্থলীৰ পৰা আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

কেইমাহ মানৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে এতিয়া সমগ্ৰ কেঁকুৰী-চেলাজান কছাৰী গাঁৱত শোকৰ ছাঁ পৰে। ৰাইজৰ ক্ষোভ ঘাটটোত এখন স্থায়ী দলং নিৰ্মাণৰ বাবে বছৰ বছৰ ধৰি ৰাইজে দাবী জনাই অহা স্বত্তেও বিধায়ক নৱ দলে আৰু সাংসদ প্ৰদান বৰুৱাই নূন্যতম গুৰুত্ব নিদিয়াৰ বাবেই এনে দুৰ্ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে। এনেবোৰ অবিবেচকী জনপ্ৰতিনিধিৰ এনে দায়িত্বহীনতাৰ পোতক ভুক্তভোগী ৰাইজে গণতান্ত্ৰিক ভাৱে ল'ব বুলি সকীয়াই দিছে ।

Also Read: ব্যতিক্ৰমী পৰম্পৰাৰে বটদ্ৰৱা শলগুৰি সত্ৰত বিহু উদযাপন...

sdrf Assam police