ঢকুৱাখনাৰ "জানমণি ৱাইন বাৰ"ত চুৰিকাণ্ড!

মহানগৰীৰ বিভিন্ন স্থানৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত চলা চোৰৰ উপদ্ৰপে অতিষ্ঠ কৰিছে সাধাৰণ ৰাইজক

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাৰ "জানমণি ৱাইন বাৰ"ত চুৰিকাণ্ড!

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যত দিনক দিনে উপদ্ৰপ বাঢ়িছে চোৰৰ। মহানগৰীৰ বিভিন্ন স্থানৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত চলা চোৰৰ উপদ্ৰপে অতিষ্ঠ কৰিছে সাধাৰণ ৰাইজক। আৰু তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে ঢকুৱাখনাত।

Advertisment

ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত ঢকুৱাখনা-ঘিলামৰা লোকনিৰ্মান পথৰ ঘটাপৰা অংশত অৱস্থিত "জানমণি ৱাইন বাৰ" যোৱা নিশা চোৰে চলাই চাফাই অভিযান । নির্জনতাৰ সুযোগ লৈ চোৰে বাৰখনৰ ছাতাৰৰ তলা ভাঙি বহু পৰিমানৰ বিলাতী সুৰা লুট কৰি নিয়াৰ লগতে কেচ বক্সৰ পৰা নগদ  ৩৫ হাজাৰ টকা লৈ উধাও হয় । চোৰে বাৰখনৰ চিচি টিভিৰ কেমেৰা আৰু ডি ভি আৰ বক্স ভাঙি নিয়াৰ লগতে বহু সা সামগ্রী বিনষ্ট কৰি যায়।

দেওবাৰে পুৱা ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি অৱগত কৰাত স্বতাধিকাৰী জীতেন চুতীয়াই ঢকুৱাখনা আৰক্ষী থানাত গোচৰ তৰে। চুতীয়াই জনোৱা মতে প্ৰায় ২'৫ লাখ টকা মূল্যৰ বিলাতী সুৰা গাড়ীৰে লৈ উধাও হয়  চোৰৰ দলটোৱে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Also Read: হুৰা হুৰে দাম বৃদ্ধি! বজাৰৰ অভাৱ পূৰণ কৰিব পাৰিবনে অসমীয়া শিপিনীয়ে...