ঢকুৱাখনা কাণ্ডঃ তৃতীয় দিনাও ব্যৰ্থ সুনীলৰ ছিন্ন মুণ্ড উদ্ধাৰত

ঢকুৱাখনা কাণ্ডঃ তৃতীয় দিনাও ব্যৰ্থ সুনীলৰ ছিন্ন মুণ্ড উদ্ধাৰত

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা কাণ্ডঃ তৃতীয় দিনাও ব্যৰ্থ সুনীলৰ ছিন্ন মুণ্ড উদ্ধাৰত

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ক্ৰমাৎ জটিলতাৰ দিশে ধাৱমান ঢকুৱাখনাৰ বিনয়ী ঠিকাদাৰ সুনীল গগৈৰ বৰ্বৰ হত্যাকাণ্ডৰ তদন্ত । অসম আৰক্ষীক ব্যতিব্যস্ত কৰি সুনীল গগৈৰ ঘাটক হত্যাকাৰীয়ে জনাইছে জটিল প্ৰত্যাহ্বান। ঢকুৱাখনাৰ লোমহৰ্ষক হৃদয় বিদাৰক সুনীল গগৈৰ নাৰকীয় হত্যাকাণ্ডৰ তিনিটা দিন উকলিল। এই তিনিটা দিনৰ ভিতৰত হতাশজনকভাৱে অসম আৰক্ষী সক্ষম হোৱা নাই সুনীলৰ ছিন্ন মুণ্ড উদ্ধাৰত।

Advertisment

অসম আৰক্ষীয়ে হত্যাকাণ্ডস্থলী আৱদ্ধ কৰি দিনে নিশাই তন্ন তন্নকৈ সন্ধান কৰিছে ছিন্ন মুণ্ডৰ। এক আঁঠু পানীত নামি আৰক্ষীযে বোকা পানী একাকাৰ কৰিছে মুণ্ডৰ সন্ধানত। পিছে প্ৰতি দিনেই ব্যৰ্থ হৈছে উদ্ধাৰকাৰী আৰক্ষীৰ দল। মঙলবাৰে সমীপৱৰ্তী অঞ্চলৰ দুটা জলাশয়ৰ পানী সিঁচি সন্ধান চলাই ব্যৰ্থ হোৱাৰ পাছত বুধবাৰে অন্য এটা পুখুৰীত পাম্প লগাই এই চেষ্টা অব্যাহত ৰাখিছে। কিন্তু সুফল লাভ কৰা নাই ।

ইপিনে বুধবাৰে বিয়লি হত্যাকাণ্ড সংঘটিত হোৱা এলেকাত থকা অৱশিষ্ট ভস্মীভূত সামগ্ৰী সকলো সংগ্ৰহ কৰি আৰক্ষীয়ে তদন্তৰ বাবে পুনৰ ফৰেনচিক গৱেষণাগাৰলৈ নিছে। বুধবাৰে ঘটনাস্থলীত লখিমপুৰ জিলা আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজন বিয়লি উপস্থিত হৈ পৰিস্থিতি তদাৰক কৰে। আনহাতে মৃতক সুনীল গগৈৰ পত্নী আৰু পুত্ৰক লখিমপুৰলৈ তদন্তৰ বাবে নিয়া হৈছিল।

হত্যাকাৰীক চিনাক্ত কৰাৰ সমান্তৰালভাৱে এই জঘন্য হত্যাকাণ্ডৰ সতে জড়িতসকলক চিনাক্ত কৰাত তদন্তকাৰী আৰক্ষী ব্ৰতী হোৱাৰ পাছতো তিনিদিনে কোনো তথ্য পোহৰলৈ নহাত আশাহত মৃতকৰ আত্মীয় স্বজন আৰু ন্যায়কামী ৰাইজ। ইপিনে মৃতকক প্ৰাণৰ ভাবুকি দিয়া জনস্বাস্থ্য বিভাগৰ ঠিকাদাৰ আৰু বিভাগটোৰ এজন ঠিকাদাৰ ৰূপী কৰ্মচাৰীক তদন্তৰ আওতালৈ অনাৰ দাবী উথাপিত হৈছে ।

Also Read: ঢকুৱাখনাত বিশ্ব পৰিৱেশ দিৱস উদযাপন...

sunil gogoi murder case dhakuakhana