/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/wir5y6m6/d5c77f09-1041-48cc-ba6b-1ba96ede616c.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : অসম চৰকাৰে ৰাজ্যখনৰ মুঠ ৩৯ খন প্ৰশাসনিক গোটত সমজিলা হিচাপে ঘোষণা কৰিছে । লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাকো ৰাজ্য চৰকাৰে এই সমজিলাৰ স্বীকৃতি প্ৰদানৰ পাছত শুক্ৰবাৰে ঢকুৱাখনা সমজিলাৰ কামকাজ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় ।
এই সন্দৰ্ভত ঢকুৱাখনা সমজিলাৰ মুখ্য কাৰ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় এক উদ্বোধনী অনুষ্ঠান । নিৰ্ধাৰিত সময়তকৈ প্ৰায় ডেৰ ঘণ্টা পলমকৈ সম জিলা প্ৰশাসনৰ উদ্যোগত বিয়লি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সমজিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ মুখ্য দ্বাৰৰ ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/ho74j8iv/9def4a5d-ce47-4280-af9c-d8c884d917d8.jpg)
এই দ্বাৰ উন্মোচন অনুষ্ঠানত লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলে ,লখিমপুৰ জিলাৰ আয়ুক্ত লাচিত দাস, ঢকুৱাখনা সমজিলাৰ আয়ুক্ত কাৰ্ত্তিক কলিতাৰ লগতে অন্যান্য প্ৰশাসনীয় শীর্ষ বিষয়াবৰ্গ উপস্থিত থাকে । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আদৰণি বক্তব্য আগবঢ়াই লখিমপুৰ জিলাৰ আয়ুক্ত লাচিত দাসে ।
সভাত বিধায়ক নৱ দলেয়ে বক্তব্য আগবঢ়াই ৰাজ্য প্ৰশাসনৰ ৫১ তাৰো অধিক বিভাগৰ কাম এই সমজিলাতে সম্পন্ন হ'ব বুলি কৈ ঢকুৱাখনাই আজিৰ পৰা এক নতুন পৰিচয় লাভ কৰিলে বুলি কয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/ag833y95/46c9c759-2d4d-4f9a-88af-2565df2d3fa1.jpg)
সভাত উদ্বোধক ডাঃ ৰনোজ পেগুৱে পূৰ্বৰ ঢকুৱাখনা মহকুমা আজিৰ পৰা সমজিলা হ'ল বুলি কৈ প্ৰতিগৰাকী নাগৰিকক সংবিধানৰ প্ৰদত্ত নাগৰিক অধিকাৰ দিয়াই চৰকাৰৰ প্ৰধান আৰু প্ৰথম কৰ্তব্য হ'ব বুলি কয় । সাধাৰণ নহ'ব যদিও সংগ্ৰাম কৰি পূৰ্বৰ ব্যৱস্থা সলাব লাগিব বুলিও মন্তব্য কৰে ডাঃ পেগুৱে ।
সমগ্ৰ ৰাজ্যত ডিজিটেল ব্যৱস্থাৰে সামৰি লৈ নাগৰিকৰ অধিকাৰ যাতে খৰ্ব নহয় তাৰ এক চিষ্টেম গঢ়ি তুলিবলৈ চৰকাৰে এই প্ৰশাসনিক গোট সৃষ্টি কৰা বুলি মন্তব্য কৰে।জনাকীৰ্ণ সভাত অতিৰিক্ত জিলা আয়ুক্ত কুকিলা গগৈ, এম এ চিৰ অধ্যক্ষ সুনীল কুমাৰ পেগু ,অগপ নেতা মহেশ দলে, ৰাজ্যিক বিজেপি নেতা বসন্ত কুমাৰ শইকীয়া ,জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱাৰ লগতে সহস্ৰাধিক ৰাইজৰ উপস্থিতিত সাংসদ প্ৰদান বৰুৱাই চমু বক্তব্য আগবঢ়ায় ।
Also Read: ঢকুৱাখনা পৌৰ কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি