বিশৃংখল আৰু বিতৰ্কিত কাৰ্যকলাপেৰে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ঢকুৱাখনা সদৰ থানা...

ঢকুৱাখনা আৰক্ষী থানাত বিষয়াৰ ইচ্ছাই আইন !
বিশৃংখল আৰু বিতৰ্কিত কাৰ্যকলাপেৰে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ঢকুৱাখনা সদৰ থানা...
Published on
Updated on

ডিজিটেল সংবাদ ,ঢকুৱাখনা : চৰম বিশৃংখল আৰু বিতৰ্কিত কাৰুকার্যৰে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ আহিছে ঢকুৱাখনা সদৰ থানা। ১৮৫৭ চনতে স্থাপিত ঐতিহ্যমণ্ডিত থানাখনে ঢকুৱাখনাবাসীৰ আস্থা বিশ্বাস অক্ষুন্ন ৰখাত ব্যৰ্থ হৈ আহিছে বুলি সচেতন ৰাইজে অভিযোগ তুলিছে।

অভিযোগ অনুসৰি একাংশ বিষয়াৰ অদক্ষ আৰু পক্ষপাতদুষ্ট ভূমিকাৰ বাবে আৰক্ষী আৰু জনতাৰ সুসম্পৰ্ক পদপিষ্ট হৈ আহিছে। কেতিয়াবা যদি থানাত দাখিল কৰা গোচৰীয়াৰ এজাহাৰ হেৰাই, কেতিয়াবা আকৌ পদকীয়াৰ ঘৰলৈ যাবলৈ "খা খৰছ" যাচিব লগা হয়।

কেতিয়াবা যদি চোৰাং বনজ সম্পদ ভৰ্তি বাহন আটক কৰাৰ পাছত নিশাৰ ভিতৰতে অন্তৰ্ধান হয়, কেতিয়াবা আকৌ দুর্ঘটনাগ্ৰস্ত বাহন পুৱতি নিশাই নিৰাপদ স্থানলৈ গতি লয়। সৰ্বসাধাৰণ ৰাইজৰ বাবে দুৰ্বোধ্য ঢকুৱাখনাৰ এই আৰক্ষী বিভাগটোৰ মহিমা।

শেহতীয়াকৈ এখন দুর্ঘটনাগ্ৰস্ত ব্যক্তিগত বাহন আৰক্ষীয়ে উদ্ধাৰ কৰি অনাৰ পাছত পুৱতি নিশাই উধাও হোৱাৰ অভিযোগ উত্থাপিত হৈছে। তাৎপৰ্যপূৰ্ণ বিষয় হ'ল গাড়ীখন দুর্ঘটনাতপতিত হোৱাৰ কিছু সময়ৰ পূৰ্বে একে পথত এখন বাইকত প্ৰচণ্ড খুন্দা মাৰি পলায়ন কৰিছিল এখন বাহন।

উল্লেখ্য যে ৩১ আগষ্টৰ সন্ধিয়া চিচি টেকেলিফুটা লোকনিৰ্মান পথত সংঘটিত হৈছিল এই ঘটনা। উত্থাপিত অভিযোগ মতে ৩১ আগষ্টৰ সন্ধিয়া বকুলগুৰি অংশত এখন ব্যক্তিগত বাহনে এজন বাইক চালক ৰাহুল দলেক খুন্দিয়াই পলায়ন কৰিছিল। পৰৱৰ্তী সময়ত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি ব্যক্তিজনক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়া সময়তে মৃত্যু হৈছিল।

ইপিনে কিছুসময়ৰ পাছত লোকনিৰ্মান পথটোৰ মাতমৰা অংশত তীব্ৰ বেগত যোৱা এখন গাড়ী দুর্ঘটনাত পতিত হয় । অত্যাধিক সুৰাপান কৰি অনিয়ন্ত্ৰিত গতিত গাড়ীখন চলোৱা বাবেই "টাটা নেক্সন" গাড়ীখন দুর্ঘটনাত পতিত হয় বুলি জনা গৈছে। বাইক চালকজনক খুন্দিয়াই আহত কৰা গাড়ীখনৰ ৰঙৰ সৈতে পথৰ দাঁতিত বাগৰি পৰা গাড়ীখনৰ ৰঙৰ সাদৃশ্য থকা বুলি প্ৰত্যক্ষদৰ্শীয়ে ভাষ্য প্ৰদান কৰে। তেনে সময়তে সন্দেহৰ আৱৰ্তত থকা "নেক্সন" বাহনখন আৰক্ষীয়ে থানালৈ অনাৰ পাছতো মোকোলাই দি ঘৰলৈ নিয়াৰ সুব্যৱস্থা কৰি দিয়ে।

পথ দুর্ঘটনাত এজন নিৰীহ ব্যক্তিৰ মৃত্যু হোৱাৰ সময়তে গাড়ীৰ বৰণৰ সাদৃশ্য থকা তথা ঘটনাৰ সময়ৰ সাদৃশ্য থকা গাড়ীখন কি যুক্তিত পুৱতি নিশা প্ৰায় ৩ বজাত থানাৰ পৰা মোকোলাই দিয়া হ'ল সেয়া এক "৩০ হাজাৰ টকীয়া" প্ৰশ্ন হৈ জনদৃষ্টিত ধৰা দিছে। সংগৃহীত তথ্য মতে উক্ত দুটা ঘটনা সংঘটিত হোৱা দুয়োটা স্থানত ক্ষীপ্ৰতাৰে উপস্থিত হৈ সমগ্ৰ ঘটনা পৰিদৰ্শন কৰিছিল থানাখনৰ উপ পৰিদৰ্শক অংকুৰ শইকীয়াই।

উপপৰিদর্শক শইকীয়াৰ তদাৰকীতে দুৰ্ঘটনাতপতিত নেক্সন গাড়ীখন এক্সেভেটৰ লগাই উদ্ধাৰ কৰি থানালৈ আনিছিল। তাৰ পৰৱৰ্তী সময়তে আৰম্ভ হৈছিল শেষ নিশাৰ খেল !

এগৰাকী সেনা জোৱানৰ উদণ্ড মাতাল পুত্ৰক বকুলগুৰিৰ পথ দুর্ঘটনাত পতিত হৈ অপমৃত্যুক সাৱটি লোৱা ঘটনাৰ তদন্তৰ আওঁতাৰ পৰা সুৰক্ষিত কৰিবলৈ নিশাৰ ভিতৰতে ৰচনা কৰা হ'ল নাটক। আশঙ্কা কৰা মতে চলিল দৰদাম তথা বুজাবুজিৰ অংক !

শেষত নিজে দুর্ঘটনা সংঘটিত কৰাৰ আইনী সুৰুঙা উলিয়াই দিনৰ পোহৰ দেখাৰ পূৰ্বে বিশেষ গাড়ীখন ঘৰলৈ লৈ যাবলৈ পৰামৰ্শ দিয়া হ'ল । সম্পন্ন কৰা নহ'ল কোনো বিধিগত প্ৰক্ৰিয়া ।

এই স্পৰ্শকাতৰ ঘটনা সন্দৰ্ভত শনিবাৰে মাজনিশা "ত্ৰিপাক্ষিক" বুজাবুজিৰ ভিত্তিত অনিয়মকেই নিয়ম কৰা হ'ল ঠিকেই । কিন্তু এজন নিৰীহ বাইক চালকৰ অকাল মৃত্যু ঘটনাৰ ন্যায় প্ৰাপ্তিৰ পথো চিৰদিনলৈ ৰুদ্ধ হৈ পৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটিছে ।

জনসম্পৰ্ক ৰক্ষা আৰু জন নিৰাপত্তাৰ দিশটো পদপিষ্ট কৰাত উঠি বহি লগা ঢকুৱাখনা সদৰ থানাৰ একাংশ অদক্ষ অযোগ্য আৰক্ষীৰ বাবেই প্ৰায়ে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহাৰ পাছতো নিৰ্বিকাৰ লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক মিহিৰজিত গায়ন। পৰিণতিত আৰক্ষীৰ প্ৰতি সাধাৰণ নাগৰিকৰ বিতৃষ্ণা জন্মাৰ বিপৰীতে থানাত এচাম মধ্যভোগীৰ অবাধ দপদপনি চলিব ধৰিছে দিনে নিশাই ।

বিশৃংখল আৰু বিতৰ্কিত কাৰ্যকলাপেৰে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ঢকুৱাখনা সদৰ থানা...
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ বৈঠক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in