ঢকুৱাখনাত চিলনী চোৰঃ দিন-দুপৰতে বৃদ্ধৰ পৰা লুটিলে ৩০হাজাৰ টকা...

ঢকুৱাখনাত চিলনী চোৰঃ দিন-দুপৰতে বৃদ্ধৰ পৰা লুটিলে ৩০হাজাৰ টকা...

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

ছয়গাঁৱত ৰে'লৰ খুন্দাত অচিনাক্ত মহিলাৰ মৃত্যু...

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা সদৰ থানাৰ নিলগতে দিন দুপৰতে এগৰাকী বৃদ্ধৰ পৰা দুৰ্বৃত্তই লুটি নিলে প্ৰায় ৩০হাজাৰ টকা। ঘটনাৰ বিৱৰণী মতে মৌখোৱা গাঁওৰ যতীন পাতিৰ(৬৫)নামৰ বৃদ্ধগৰাকীয়ে সোমবাৰে বিয়লি বেংকৰ পৰা প্ৰায় ৩০হাজাৰ টকা উলিয়াই আনি খোজেৰে ৰাজপথলৈ ওলাই আহিছিল গাড়ীৰ সন্ধানত।

Advertisment

এনেতে এক দুষ্টচক্ৰই বৃদ্ধগৰাকীৰ পিঠিত বোকা মাৰে। বৃদ্ধগৰাকীয়ে পিঠিৰ বোকা হাতেৰে মচিবলৈ ধনৰ বেগটোলৈ এখন দোকানৰ কাষত থিয় হওঁতেই টকা ভৰ্তি বেগটো লৈ উধাও হয় চিলনী চোৰৰ দলটো। জনা মতে বৃদ্ধগৰাকীৰ বেগত তেওঁৰ সমস্ত জৰুৰী নথিপত্ৰ আছিল। ঘটনাৰ আচম্বিকতাত ধনে মোনাই সকলো হেৰুৱাই দোকানৰ বাৰাণ্ডাতে সংজ্ঞাহীন হৈ পৰে বৃদ্ধ ব্যক্তিগৰাকী।

ঢকুৱাখনা নগৰৰ মাণিক বজাৰৰ সমীপতে সংঘটিত এই কাণ্ড দেখি একাংশ ৰাইজ আহি বৃদ্ধগৰাকীক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে ঢকুৱাখনা আৰক্ষীৰ সোপাধিলা ভূমিকাৰ বাবে এচাম উদণ্ড চোৰৰ দপদপনি দুগুণ বৃদ্ধি পাইছে নগৰখনত। ঢকুৱাখনা সদৰ আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে দৈনিক ঘৰৰ পৰা আৰু পথাৰৰ পৰা বহু পৰিমাণৰ পশুধনৰ চুৰি হৈছে । শেহতীয়াকৈ চিলনী চোৰৰ উপদ্ৰৱ বৃদ্ধিৰ বতৰাই অন্য এক আতংকই বিৰাজ কৰিছে ঢকুৱাখনাত। নিৰাপত্তাহীনতাত ভুগিছে নগৰবাসী।

Also Read: বোকাময়-বিষাক্ত পানীক লৈয়ো হেতাওপৰা ! ক'ত এই পৰিস্থিতি, পঢ়ক সবিশেষ...

dhakuakhana