/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/31d67b3d-2fa6-4712-9425-776d2ffa20fe/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাৰ সমাজ জীৱনৰ এগৰাকী অগ্ৰণী সমাজ হিতৈষী মহিলা, অৱসৰপ্ৰাপ্ত জিলা কৃতি শিক্ষয়িত্ৰী বঁটা প্ৰাপক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী আত্মোৎসৰ্গি সেৱক প্ৰতিভা গগৈৰ দেহাৱসান ঘটে। ঢকুৱাখনাৰ হিলৈদাৰী গাঁও নিবাসী প্ৰয়াত শিক্ষাবিদ মুক্তানাথ গগৈৰ পত্নী প্ৰতিভা গগৈ কিছুদিন ধৰি স্বগৃহত ৰোগাক্ৰান্ত হৈ থকাৰ পাছত মঙলবাৰে পুৱা প্ৰায় ৯-৩৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত গগৈৰ বয়স আছিল প্ৰায় ৮৩ বছৰ।
ঢকুৱাখনা বালিকা মজলীয়া অভ্যসন বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী হিচাবে যোগদান কৰি ২০০১ চনত প্ৰধান শিক্ষয়িত্ৰী হিচাবে অৱসৰ গ্ৰহণ কৰা গগৈয়ে ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়াই যোৱা বৰেণ্য অৱদানৰ বাবে ২০০১চনত লখিমপুৰ জিলা ভিত্তিক কৃতি শিক্ষয়িত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক আৰু ঢকুৱাখনা জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আই মাতৃ কল্যাণ সমিতিৰ কেইবাটাও কাৰ্যকালৰ সভানেত্ৰী হিচাবে গুৰু দায়িত্ব সফলতাৰে পালন কৰি যোৱা গগৈয়ে মহকুমা মহিলা সমিতি আৰু বিভিন্ন সামাজিক সংগঠনৰ সতে আমৃত্যু জড়িত হৈ আছিল।
ধৰ্মপ্ৰাণ বৰ্ষীয়ান মহিলাগৰাকীৰ বিয়োগৰ খবৰে ঢকুৱাখনা মহকুমাবাসীক শোকাচন্ন কৰি তুলিছে। অগণন শুভাকাংক্ষী ৰাইজে সমাজমুখী মহিলা গৰাকীৰ বাসগৃহত উপস্থিত হৈ নশ্বৰ দেহত অন্তিম পুষ্প মাল্য প্ৰদান কৰি বৈকুণ্ঠগামী বিদেহ আত্মাৰ স্বৰ্গসুখ প্ৰাপ্তি কামনা কৰে। প্ৰবীণ শিক্ষাব্ৰতী গগৈৰ বিয়োগত ঢকুৱাখনা বালিকা মজলীয়া অভ্যসন বিদ্যালয়ৰ প্ৰধান শিক্ষক লীলা কান্ত দাস আৰু বিদ্যালয়ৰ সমূহ পৰিয়াল, শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ ঢকুৱাখনা জিলা সমিতি, জ্যেষ্ঠ নাগৰিক সমাজ, মহকুমা মহিলা সমিতি, হিলৈদাৰী গাঁও মহিলা সমিতি আদি বিভিন্ন সংগঠনে গভীৰ শোক ব্যক্ত কৰি বিদেহ পুন্যাত্মাৰ চিৰশান্তি কামনা কৰি শোকাহত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।
Also Read: কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ...