/asomiyapratidin/media/media_files/2025/02/17/zXINzvD2hyL5PWLqEhy5.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা আৰক্ষীৰ তৎপৰতাৰ বাবে ঢকুৱাখনাৰ পৰা সন্ধানহীন হোৱা মেট্ৰিক পৰীক্ষাৰ্থী গৰাকী উদ্ধাৰ হ'ল । সোমবাৰে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈছিল সদৰ থানাৰ অন্তৰ্গত
দাংধৰা পঞ্চায়তৰ আলিমুৰ দাংধৰা গাঁৱৰ দিম্পি পাতিৰ ।
গাঁওখনৰ পৰমা পাতিৰ আৰু মন্দিৰা পাতিৰৰ কন্যা দিম্পি পাতিৰে পৰীক্ষা দিবলৈ যোৱাৰ পাছত পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ অজ্ঞাত স্থানলৈ ৰাওনা হয়। পৰৱৰ্তী সময়ত অভিভাৱকৰ জ্ঞাত হোৱাত ঢকুৱাখনা আৰক্ষীক অৱগত কৰে।
ঢকুৱাখনা সদৰ থানাৰ অ' চি প্রিয়ব্ৰত গগৈয়ে ক্ষীপ্ৰতাৰে অনুসন্ধান চলাই কিশোৰীগৰাকীৰ মোবাইল লোকেচন ট্ৰেক কৰি ডিব্ৰুগড়ত অৱস্থিতিৰ সম্ভেদ লাভ কৰে। অ' চি গগৈয়ে ডিব্ৰুগড় ৰে'ল ষ্টেচনত বিশেষ ব্যক্তিক নিয়োগ কৰি কিশোৰীগৰাকীৰ সন্ধান লাভ কৰাৰ পাছত ৰে'ল আৰক্ষীক যোগাযোগ কৰি কিশোৰীগৰাকীক আবদ্ধ কৰি ৰাখে।
পাছত আৰক্ষী বিষয়াগৰাকী ডিব্ৰুগড় ৰে'ল ষ্টেচনত উপস্থিত হৈ কিশোৰীগৰাকীক উদ্ধাৰ কৰি ঢকুৱাখনালৈ আনে । আৰক্ষীৰ শীর্ষ সূত্ৰই জনোৱা মতে কিশোৰীগৰাকী অকলে উদ্ধাৰ হৈছে আৰু অভিভাৱকক গতাই দিয়া হৈছে ।
ঢকুৱাখনা সদৰ থানাৰ অ' চি গগৈৰ তৎপৰতাৰ বাবে অজ্ঞাত স্থানলৈ বুলি ওলাই যোৱা কিশোৰীগৰাকী সোঁশৰীৰে উদ্ধাৰ হোৱাত আৰক্ষী বিষয়াগৰাকীৰ কৰ্মদক্ষতাৰ ঢকুৱাখনাবাসীয়ে শলাগ লৈছে ।