ঢকুৱাখনাত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ জিঅ’ টেগৰ নামত গেৰুৱাকৰণ...

চৰকাৰী আঁচনিক পৈত্রিক সম্পত্তি হিচাবে গণ্য কৰি ইয়াৰ নামত নিকৃষ্ট ৰাজনীতি কৰাৰ লগতে বিভাগীয় কামত বিজেপি কৰ্মীক নিয়োজিত কৰাৰ গুৰুতৰ ৰাজহুৱা অভিযোগে তোলপাৰ লগাইছে ঢকুৱাখনা।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত পি এম ৱাই গৃহৰ জিঅ’ টেগৰ নামত গেৰুৱাকৰণ...

ডিজিটেল সংবাদ, ঢকুৱাখনা:  চৰকাৰী আঁচনিক পৈত্রিক সম্পত্তি হিচাবে গণ্য কৰি এনেবোৰ আঁচনিৰ নামত নিকৃষ্ট ৰাজনীতি কৰাৰ এক গুৰুতৰ ৰাজহুৱা অভিযোগে তোলপাৰ লগাইছে ঢকুৱাখনা। সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক ক্ষণত গ্ৰামোন্নয়ন আঁচনি আবন্টন আৰু ৰূপায়ণৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া হিচাবে আৰম্ভ কৰা বিভাগীয় তৎপৰতাত দৃষ্টিকটু ভাবে একাংশ গেৰুৱা কৰ্মীক নিয়োজিত কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে।

Advertisment

ঢকুৱাখনা সমজিলাৰ ঢকুৱাখনা আৰু ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তত শেহতীয়াভাবে আৰম্ভ কৰা প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ নিৰ্বাচিত হিতাধিকাৰীসকলৰ ঘৰত জিঅ' টেগিঙৰ বেলিকা সমগ্ৰ প্ৰক্ৰিয়াটো গেৰুৱাকৰণ কৰা আৰু চৰকাৰী আঁচনিক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাৰ অভিযোগে সমজিলাখনৰ সৰ্বত্ৰতে ব্যাপক চৰ্চাৰ বিষয় হৈ ধৰা দিছে।

সংগৃহীত অভিযোগত প্ৰকাশ যে উন্নয়নখণ্ড দুটাৰ বিভিন্ন গাঁও পঞ্চায়তত গ্ৰামোন্নয়ন বিভাগৰ নিৰ্দেশনা মতে আৰম্ভ হৈছে জীৱিকা সখীসকলৰ জৰিয়তে পি এম ৱাই(জি) আঁচনিৰ তালিকাভুক্ত হিতাধিকাৰীসকলৰ ঘৰৰ জিঅ টেগিঙৰ প্ৰক্ৰিয়া। কিন্তু এই  বিধিগত প্ৰক্ৰিয়াত প্ৰত্যক্ষ ভাবে "সমাজসেৱক" হিচাবে একাংশ বিজেপি দলৰ সক্ৰিয় কৰ্মী,  সমাগত পঞ্চায়ত নিৰ্বাচনৰ সম্ভাব্য দলীয় প্ৰাৰ্থীত্ব প্রত্যাশীক নিয়োগ কৰাত সমগ্ৰ প্ৰক্ৰিয়াটো পক্ষপাতী আৰু ৰাজনৈতিক মুনাফা অর্জনৰ হাথিয়াৰ হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

খণ্ড দুটাৰ গ্ৰাম্য দৰিদ্ৰ পৰিয়ালসমূহৰ ঘৰত উপস্থিত হৈ বিধিগত নীতি নিৰ্দেশনা অনুসৰি স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ পৰিশুদ্ধ জৰীপ কৰি পৰৱৰ্তী সময়ত জীঅ টেগিং কৰাত জীৱিকা সখীসকলক নিয়োগ কৰাৰ সমান্তৰালভাৱে তথাকথিত সমাজকর্মী হিচাবে গেৰুৱা দলৰ নেতা কৰ্মী, প্ৰাৰ্থীত্ব প্রত্যাশীক জড়িত কৰাৰ বাবেই সমগ্ৰ পদ্ধতিতো ৰাজনীতিকৰণ হোৱা বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে।

যাৰ বাবে কেৱল গেৰুৱা দলৰ অনুগামী আৰু সমৰ্থক হলে যোগ্যতা নাথকিলেও, সম্পদশালী হলেও হিতাধিকাৰী হোৱাৰ যোগ্যতা প্ৰদান কৰা,  দৰিদ্ৰতাৰ যোগ্যতা থাকিলেও কেৱল বিৰোধী ৰাজনৈতিক মতাদৰ্শৰ হোৱাৰ বাবে বহু সংখ্যক দৰিদ্ৰ পৰিয়াল সামান্য অজুহাত দেখুৱাই বঞ্চিত কৰা বুলি বিভিন্নজনে অভিযোগ তুলিছে। এক কথাত সমাজকৰ্মীৰ ৰূপ লৈ এই চৰকাৰী কাৰ্য্যত জড়িত হোৱা সংশ্লিষ্ট ৱাৰ্ডসমূহৰ গেৰুৱা নেতা কৰ্মীসকলে প্ৰকাশ্যে দলীয় স্বাৰ্থত এই চৰকাৰী আঁচনিক ব্যৱহাৰ কৰাই নহয় নিৰ্বাচনী টোপ হিচাবেও ব্যৱহাৰ কৰাৰ অভিযোগ উনয়নখণ্ড দুটাৰ সৰ্বত্ৰতে উত্থাপন হৈছে।

একাংশ প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে দৰিদ্ৰ পৰিয়ালৰ ঘৰে ঘৰে সোমাই সমাগত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু জিকিলে অগ্ৰাধিকাৰ ভিত্তিত চৰকাৰী ঘৰ আবন্টন দিয়াৰো প্ৰলোভন দিয়া বুলি জনা গৈছে ইপিনে এই সমগ্ৰ প্ৰক্ৰিয়াটো দলীয় তথাকথিত সমাজকৰ্মীসকলৰ নিৰ্দেশনা মতে সম্পন্ন কৰাৰ বাবে উন্নয়ন খণ্ডসমূহৰ এছ আৰ এল এমৰ শীর্ষ বিষয়াসকলৰ অঘোষিত নিৰ্দেশ থকা বুলি জনা গৈছে।

যাৰ বাবেই উন্নয়ন খণ্ড দুটাৰ বিভিন্ন পঞ্চায়তৰ ৱাৰ্ডসমূহত নিয়োজিত গেৰুৱা "সমাজকৰ্মী" সকলেই সৰ্বেসৰ্বা হৈ উঠিছে। এক কথাত চৰকাৰী আঁচনিক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি তথাকথিত স্বচ্ছ,  নিকা আৰু সাৰ্বজনীন চৰকাৰী সেৱা প্ৰদানৰ  ৰজাঘৰীয়া ঘোষণাক কাৰ্যতঃ ঢকুৱাখনা সমজিলাত ধোঁৱা চাংত তুলিলে।

কেৱল সেয়ে নহয় ২০২৩-২০২৪ বর্ষৰ পি এম ৱাই গৃহ আঁচনিৰ আবন্টন প্ৰাপ্ত হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ একাংশ গেৰুৱা নেতা কৰ্মীয়ে স্বয়ম্ভূ গ্ৰামোন্নয়ন কৰ্মচাৰী হৈ বিতৰণ কৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফটো আৰু স্বাক্ষৰ যুক্ত চৰকাৰী গৃহ আবন্টন পত্ৰ আৰু শুভেচ্ছা বাণী।

চৰকাৰী দায়িত্বশীল বিষয়াৰ পৰা গেৰুৱা নেতা পালিনেতা পৰ্যন্ত জড়িত এনেবোৰ দুষ্কাৰ্য দেখি, শুনি, জানিও ভিজা মেকুৰীৰ ভূমিকা পালিছে সমজিলা আয়ুক্তই। সদৌ অসম কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰাজু ৰাজ বৰপাত্ৰ গোঁহাইযে উন্নয়ন খণ্ড দুটাত আৰম্ভ হোৱা এনে নিকৃষ্ট ৰাজনীতিকৰণক তীব্ৰ বিৰোধিতা কৰিছে।

শাসক গোষ্ঠীৰ অনুগামী নোহোৱাৰ বাবেই কৃষক মুক্তি, ৰাইজৰ দল,  কংগ্ৰেছ,  বাওঁপন্থী ৰাজনৈতিক দলৰ দৰিদ্ৰ সমৰ্থকসকলৰ ঘৰ বঞ্চিত কৰি জীঅ টেগিং ব্যৱস্থাক বিজেপিৰ পৈত্রিক সম্পত্তি গণ্য কৰা চৰকাৰী পদক্ষেপৰ বিৰুদ্ধে অচিৰেই ব্যাপক গণ প্ৰতিবাদ সাব্যস্ত কৰা হব বুলি সকীয়নী দিছে। এই সন্দৰ্ভত কৃষক মুক্তিৰ শীর্ষ নেতাগৰাকীয়ে বিধায়ক নৱ দলেক অৱগত কৰি তৎকালে এনে বৈষম্যমূলক কাৰ্য বন্ধ নকৰিলে দৰিদ্ৰ পৰিয়ালৰ জীৱনকলৈ নির্লজ হেতালি খেলা সমজিলা প্ৰশাসন,  খণ্ড উন্নয়ন বিষয়া আৰু বিধায়কৰ হঠকাৰী কাৰ্যৰ বিৰুদ্ধে অচিৰেই ৰাজহুৱা প্ৰতিবাদ হব বুলি সংবাদ মাধ্যমক স্পষ্টভাৱে জনাইছে।

ঢকুৱাখনাত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ জিঅ’ টেগৰ নামত গেৰুৱাকৰণ...

ঢকুৱাখনা চৰকাৰী আঁচনি