/asomiyapratidin/media/media_files/2025/05/11/qXGClNn4COsM1asCyNzo.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনাঃ ঢকুৱাখনা সম জিলাৰ ৪খন জিলা পৰিষদৰ ভিতৰত উত্তৰ ঢকুৱাখনা মাতমৰা জিলা পৰিষদত কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে পোষ্টেল বেলটৰ গণনাত ৮৯ টা ভোট লাভ কৰি অগ্ৰগতি লাভ কৰিছে। ঘিলামৰা জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে মুঠ পোষ্টেল ভোটৰ ৬৬ টাৰ ভিতৰত ৩৬ টা ভোট লাভ কৰে।
পশ্চিম ঢকুৱাখনা জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে সৰ্বমুঠ ১০৪ টা ভোটৰ ভিতৰত ৫৪ টা আৰু সোৱণশিৰী জিলা পৰিষদত ৭৮ টা ভোটৰ ভিতৰত বিজেপি দলৰ প্ৰাৰ্থীয়ে ৪০ টা ভোট লাভ কৰি অগ্ৰগতি লাভ কৰিছে। ঢকুৱাখনাৰ গন্ধীয়া গাওঁ পঞ্চায়তৰ ৮নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিশিতা পেগুৱে জয় লাভ কৰিছে।
/asomiyapratidin/media/media_files/2025/05/11/k6UkHqtB42TEEZDTPTuk.jpeg)
আনহাতে ঢকুৱাখনাৰ গন্ধিয়া গাঁও পঞ্চায়তৰ ৩নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য জুৰি কোঁচ গগৈও বিজয়ী হৈছে। তেওঁ সৰ্বমুঠ ২৯৩ টা ভোটৰ ভিতৰত ২২০ টা ভোট লাভ কৰি জয়ী হবলৈ সক্ষম হৈছে।