ঢকুৱাখনাৰ ঘৰে ঘৰে চলিছে "ডাবুল ইঞ্জিনৰ গেৰাণ্টি"

ঢকুৱাখনাৰ ঘৰে ঘৰে চলিছে "ডাবুল ইঞ্জিনৰ গেৰাণ্টি"

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাৰ ঘৰে ঘৰে চলিছে "ডাবুল ইঞ্জিনৰ গেৰাণ্টি"

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সমাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্রতৰ হোৱাৰ সময়তে ঢকুৱাখনাত ভোটাৰৰ ঘৰে ঘৰে চলিছে গেৰুৱা চৰকাৰৰ ডাবুল ইঞ্জিনৰ গেৰাণ্টি।

Advertisment

ঢকুৱাখনাৰ বিভিন্ন গ্ৰামাঞ্চলৰ মহিলা ভোটাৰ ৰাইজৰ ঘৰে ঘৰে সোমাই এচাম গেৰুৱা দলৰ নেতা কৰ্মীৰ নেতৃত্বত তীব্ৰ গতিত চলাই অহা হৈছে এই ইঞ্জিন। ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ সমিতিয়ে  আৰ্থ সামাজিক জৰীপ-১ কৰাৰ নামত ৰেচন কাৰ্ড বিশিষ্ট প্ৰতি পৰিয়াললৈ অৰুনোদই আঁচনিৰ এক পপত্ৰ  প্ৰদান কাৰ্যসূচী চলাই আহিছে একাংশ গেৰুৱা কৰ্মকর্তাৰ জৰিয়তে।

গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত বিশেষ বিশেষ ব্যক্তিৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি এই প-পত্ৰ বিতৰণ কৰি অহা হৈছে। উত্থাপিত অভিযোগ অনুসৰি শুকুৰবাৰে দুপৰীয়া মাজ জালভাৰী গাঁওৰ জনৈক প্ৰদীপ দত্তৰ বাস গৃহত মুকলি ভাবে এই পপত্ৰ বিতৰণ কৰি অহা হৈছে । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্বলিত এই প্ৰপত্ৰ বিতৰণৰ জৰিয়তে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। 

নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে এনেদৰে সমীপৰ গাঁওৰ মহিলা সকলক মাতি আনি শাসক ৰাজনীতিকৰ ফটো সম্বলিত পপত্ৰ বিতৰণ কৰি ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ কৌশল অবলম্বন কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। তদ্রুপভাৱে শুকুৰবাৰে জীয়ামৰীয়া গাঁওৰ কনক কোচৰ ঘৰটো  এই প্ৰপত্ৰ বিতৰণ পৰ্ব দ্ৰুত গতিত চলাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। শুকুৰবাৰে গাঁওৰ অৰুণোদয় আঁচনি লাভ নকৰা মহিলাসকলক মাতি আনি এই প্ৰপত্ৰ প্ৰদান কৰি পুনৰ মোডী চৰকাৰ গঠনৰ বাবে ভোট প্ৰদানৰ আহ্বান জনায় বুলি ৰাইজে জানিবলৈ দিছে।

অহা ১৯ এপ্ৰিল প্ৰপত্ৰ দাখিলৰ অন্তিম দিন আৰু ৩০এপ্ৰিলৰ ভিতৰত প্ৰাপ্য ধন একাউন্টত সোমাই যাব বুলিও ঢকুৱাখনাৰ বিভিন্ন গাঁওৰ মহিলা সকলক প্ৰলোভিত কৰি এনেদৰে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰে চলাই অহা নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত সন্দৰ্ভত ৰহস্যজনক ভাবে নিচ্ছুপ জিলা নিৰ্বাচনী বিভাগ। বিপৰীতে একাংশ বঞ্চিত মহিলাই অৰুণোদয় আঁচনি লাভৰ আশাত হেতা ওপৰা লগাই প্ৰপত্ৰ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। অঞ্চল বিশেষে এই কৌশলী প্ৰক্ৰিয়াৰে ভোটাৰৰ মাজত অৰ্থ বিতৰণ কৰাৰো অভিযোগ একাংশ ৰাইজৰ মুখে মুখে উচ্চাৰিত হৈছে। অনাগত সময়ত ইয়াক লৈ পৰিস্থিতি জটিল হোৱাৰো আশংকা কৰা হৈছে ।এইক্ষেত্ৰত নিৰ্বাচনী বিষয়াৰ জৰুৰী হস্তক্ষেপ কামনা কৰা হৈছে ।

Also Read: ছাৰ্ভিচ বন্দুকেৰে আত্মহনন CRPF জোৱানৰ

dhakuakhana