ঢকুৱাখনাৰ ঘিলামৰাত ঢোলবাদন আৰু বিহু নাচৰ আখৰা শিবিৰ...

লোক কৃষ্টি সংস্কৃতিৰ ঢকুৱাখনাৰ ঘিলামৰাত ঢোলবাদন আৰু বিহুনাচৰ এলানি প্ৰণালীবদ্ধ আখৰা শিবিৰৰ শুভাৰম্ভ কৰা হয়।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাৰ ঘিলামৰাত ঢোলবাদন আৰু বিহু নাচৰ আখৰা শিবিৰ...

ডিজিটেল সংবাদ, ঢকুৱাখনা: ফাগুনে মেলানি মগাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে হেঁপাহৰ ৰঙালীৰ প্ৰস্তুতি। ৰঙালীৰ প্ৰস্তুতিৰে ইতিমধ্যেই বিহুৰ আখৰা দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। তেনে প্ৰস্তুতিত ব্যস্ত হোৱাৰ জু-যা চলাইছে ঢকুৱাখনাবাসীয়ে।

Advertisment

লোককৃষ্টি-সংস্কৃতিৰ বৰঘৰ স্বৰূপ ঢকুৱাখনা মহকুমাৰ ঘিলামৰাত বৃহস্পতিবাৰে ঢোলবাদন আৰু বিহুনাচৰ এলানি প্ৰণালীবদ্ধ আখৰা শিবিৰৰ শুভাৰম্ভ কৰা হয়। পশ্চিম ঘিলামৰা বিহু উৰুৱা সন্মিলন আৰু ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ যৌথ উদ্যোগত এই লোককৃষ্টিৰ আখৰা শিবিৰ আয়োজন কৰা হৈছে। এই উপলক্ষে পশ্চিম ঘিলামৰা ৰাজহুৱা ভৱন আৰু ক্ৰীড়াঙ্গন প্ৰাংগণত এক আনুষ্ঠানিক সভা অনুষ্ঠিত হয় ।

বৃহত্তৰ অঞ্চলটোৰ সংস্কৃতিপ্ৰেমী ৰাইজ, ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ বিষয়ববীয়া, পশ্চিম ঘিলামৰা বিহু উৰুৱা সন্মিলন আৰু সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়া উপস্থিত থকা এই আখৰা শিবিৰৰ শুভ উদ্বোধন কৰে  সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি প্ৰবীণ বৰুৱাই।

বৃহত্তৰ ঘিলামৰাৰ অৰ্ধশতাধিক বিহুৱা-বিহুৱতীয়ে জাতীয় সাজপাৰ পৰিধান কৰি, লোকবাদ্যলৈ জীপাল হৈ পৰে উক্ত বিহুতলি। বাকৰিত আখৰা শিবিৰৰ উদ্বোধক প্ৰবীণ বৰুৱা, উদ্যোগক্তা ক্ৰমে যোগানন্দ গগৈ, জয়ন্ত দাস, বিমল গগৈ, দুলাল দাস, দেৱজিত বুঢ়াগোহাঁই আদিয়ে প্ৰশিক্ষণ আৰু কৰ্মশালাখলিৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত আখৰা শিবিৰৰ আয়োজক সমিতিৰ বিষয়ববিয়া ক্ৰমে বলিচন গগৈ , দিলীপ বৰা, শিৱ বৰুৱা, গৌৰৱ জ্যোতি বৰুৱাকে প্ৰমুখ্য কৰি কেইবাজনো কৰ্মকর্তা উপস্থিত থাকে।

উল্লেখ্য যে, অনুষ্ঠানত অংশগ্ৰহণকাৰী যুৱক-যুৱতী সকলক ঢোল বাদন আৰু বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰে ক্ৰমে যদুমনি গোঁহাই, বসন্ত বৰুৱা, কুশল বৰুৱা, উমেশ বৰা, মন্টু বুঢ়াগোহাঁই,পূৰ্ণিমা ফুকন, বৰষা বৰগোঁহাই আদিয়ে । অহা ৩০ মাৰ্চলৈ অব্যাহত থাকিব লগা এই শিবিৰ।

Also Read: 10 Historical places in Assam: অসমৰ ঐতিহাসিক ঠাইসমূহ

dhakuakhana