অমানৱীয় : নৱজাতকক হত্যা কৰি নিজ মাতৃয়ে পেলাই গ'ল ৰাজপথত...

ধেমাজিৰ খঙ্গীয়া চাপৰিত পাষাণ মাতৃৰ দুষ্কাৰ্য । নৱ জাতকক হত্যা কৰি  পেলালে ৰাজপথত!

author-image
Asomiya Pratidin
New Update
অমানৱীয় : নৱজাতকক হত্যা কৰি নিজ মাতৃয়ে পেলাই গ'ল ৰাজপথত...

ডিজিটেল সংবাদ, ঢকুৱাখনা : সভ্য সমাজক লজ্জানত কৰা এক বৰ্বৰ কাণ্ডই কঁপাইছে ধেমাজি জিলাৰ এক গ্রামাঞ্চল। মাতৃত্বৰ পবিত্ৰ সম্পৰ্কক পদপিষ্ট কৰা জীৱ শ্রেষ্ঠৰ এই নিকৃষ্ট আৰু জঘন্য কাণ্ড সংঘটিত হৈছে ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত খঙিয়া চাপৰি গাঁৱত।

Advertisment

গাঁৱখনৰ মইনাপৰাৰ পৰা খঙীয়া চাপৰি গাঁও সংযোগী ৰাজপথত বুধবাৰে পুৱা উদ্ধাৰ হয় এটি ক্ষত বিক্ষত নৱজাতকৰ ৰক্তাক্ত মৃতদেহ। গাঁওখনৰ পথচাৰী ৰাইজে উক্ত পথৰ দাঁতিত প্ৰায় ৫ মহীয়া নৱজাতকৰ ৰক্তাক্ত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে । এই সন্দৰ্ভত গাঁৱবাসী অৱগত হোৱাত ধেমাজি সদৰ আৰক্ষী থানাত জনোৱাত ধেমাজি সদৰ থানাৰ আৰক্ষী আহি নৱজাতকৰ মৃতদেহতো উদ্ধাৰ কৰি নিজৰ জিম্মালৈ নিয়ে।

ইপিনে গাঁৱখনৰ সুনাম পদপিষ্ট কৰা এই অমানৱীয় কাণ্ড সংঘটিত কৰা পাষাণ হৃদয়ৰ মাতৃৰ সন্ধানত অভিযান চলাই গাঁৱখনৰ মহিলা আৰু গাঁওৰক্ষী বাহিনীয়ে । পুৱাৰ পৰা দুপৰীয়া পৰ্যন্ত নিৰন্তৰ সন্ধান চলাই অৱশেষত এই বৰ্বৰ কাণ্ড গাঁৱখনৰ নিকুল তাঁতীৰ পত্নী, তিনি সন্তানৰ মাতৃ মঞ্জু গগৈ তাঁতীয়ে সংঘটিত কৰাৰ কথা পোহৰলৈ আহে ।

মঙ্গলবাৰৰ নিশা এগৰাকী পথচাৰীয়ে মহিলা এগৰাকীক উক্ত স্থানত বহি থকা দেখি যোৱা ঘটনাৰ আলম লৈ অঞ্চলবাসী ৰাইজে চলোৱা সন্ধানৰ অন্তত এইগৰাকী বৰ্বৰ মহিলাৰ দ্বাৰা এই অমানৱীয় ঘটনা সংঘটিত কৰা ঘটনা পোহৰলৈ আহে। অভিযুক্ত মহিলা গৰাকীক গাঁৱখনৰ মহিলা সকলে চলোৱা জেৰাৰ অন্তত এই হৃদয় বিদাৰক ঘটনা সংঘটিত কৰা বুলি অৱশেষত স্বীকাৰ কৰে।

নিজৰ অনাকাংক্ষিত মাতৃত্বৰ বোজা আঁতৰাবলৈ মাতৃত্বৰ নামত কলংক এইগৰাকী মহিলাই এনে অবিবেচকী কাণ্ড সংঘটিত কৰে। বাস্তৱিকতে নিজৰ অবৈধ মাতৃত্বৰ বোজা আঁতৰাবলৈ অপৈণত সন্তানটিক জন্ম দি হত্যা কৰি এনেদৰে ৰাজপথত যোৱা নিশাই পেলাই গ'ল নে মৃত সন্তান জন্ম দি এনেকৈ পেলাই থৈ গ'ল সেয়া আৰক্ষীৰ সঠিক তদন্তৰ পাছতহে পোহৰলৈ আহিব।

Also Read: ৰাইজে কি কয়? অভিলেখতেই বিহু শেষ নহয়...

Assam police