/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/5084f03c-92b5-433a-b05a-01808f666607/12.jpg)
ডিজিটেল সংবাদ ,ঢকুৱাখনাঃ সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষাৰ ফলাফল শেহতীয়াভাৱে ঘোষণা কৰা হৈছে। সদ্যঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ এই NEET পৰীক্ষাত ঢকুৱাখনা মহকুমাৰ ৩গৰাকী কৃতিমান শিক্ষাৰ্থী উজ্জ্বলি উঠা পৰিলক্ষিত হৈছে। তেওঁলোক হ'ল পশ্চিম মাছখোৱা অঞ্চলৰ শৰাইপৰা গাঁৱৰ দেৱ কুমাৰ বৰা আৰু বৰ্ণালী বৰাৰ সন্তান আৰিয়ান বৰা (৫২৪), ২নং বাটমাৰী গাঁৱৰ নিত্যানন্দ শইকীয়া আৰু পূণ্যলতা শইকীয়াৰ পুত্ৰ বিষ্ণুপ্ৰসাদ শইকীয়া (৫৮১)আৰু বৰভেটি গাঁৱৰ নোমল সেনাপতি আৰু ভৱানী সেনাপতিৰ পুত্ৰ ক্ষীৰানন্দ সেনাপতি (৪৯৫)।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3d94439e-3318-443f-be3b-cbced069a4c7/48b20ef6-0df3-4581-be27-b731f894ae02.jpg)
"NEET" ৰ ২০২৪ বর্ষৰ এই মেধাত্ব প্ৰদৰ্শনেৰে প্ৰতিযোগিতামূলক পৰীক্ষাত উজ্বলি উঠা এই কৃতিমান শিক্ষাৰ্থীসকলৰ এনে সফলতাত আত্মীয় স্বজন, সংশ্লিষ্ট গাঁওবাসীৰ লগতে সমগ্ৰ ঢকুৱাখনাবাসী উৎফুল্লিত। শিক্ষাৰ্থীসকলৰ এনে প্ৰশংসনীয় সফলতাৰ বাবে অভিনন্দন জনাবলৈ শিক্ষাৰ্থীসকলৰ বাসগৃহত উপস্থিত হয় ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থা আৰু পশ্চিম মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a28fb52c-03b0-4b5e-92d5-f740d479f1af/cd9be7ef-ee85-440b-bb55-dd3c6fb99e70.jpg)
ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্ঞানদীপ বৰা, সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য আকাশ কোচ ,পশ্চিম মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য বৰুৱাৰ নেতৃত্বত ছাত্ৰ সন্থাৰ এটা দলে প্ৰতিভাধৰ ছাত্ৰসকলৰ ঘৰত উপস্থিত হৈ নতুন আৰু মৰ্যাদা সম্পন্ন শৈক্ষিক যাত্ৰাৰ বাবে অভিনন্দন জনাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a03b73c0-ecc1-4c0f-b1c9-e72fafcadc2b/01ef8535-1f9f-4cd2-87d4-7c8d60e041f0.jpg)
মেধাবী শিক্ষাৰ্থীসকলৰ নব্য বিদ্যায়তনিক যাত্ৰা অধিক স্বৰ্ণ উজ্জ্বল হোৱাৰ কামনাৰে শিক্ষাৰ্থীসকলৰ লগতে কষ্টসহিষ্ণু পিতৃ-মাতৃসকলকো চেলেং চাদৰেৰে সন্মানিত কৰে ছাত্ৰ সন্থাৰ নেতৃবৰ্গই। অনাগত সময়ৰ সমাজ জীৱনলৈ কৃতিমান ছাত্ৰসকলৰ কৰণীয়তা অধিক বুলি মন্তব্য কৰি ছাত্ৰ সন্থাই তিনিওগৰাকী কৃতিমানৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি শুভেচ্ছা জনাই ছাত্ৰ সন্থাই ।
Also Read: মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত ভাগ ল'ব বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে...