/asomiyapratidin/media/media_files/2025/06/10/eFbN6KnEsQhNTn89iwWu.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ নাট্য জগতৰ অন্যতম এক অগ্ৰণী অনুষ্ঠান ঢকুৱাখনা নাট্য বিদ্যালয়, চমুকৈ "ঢনাবি"। গৃহ ৰাজ্যৰ লগতে বহিঃ ৰাজ্যতো মননশীল নাটক মঞ্চায়ন ,যুৱ প্ৰজন্মক নাট্যাভিনয়ৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণ, লোক কৃষ্টি সংস্কৃতিৰ চর্চাৰ এক বাটকটীয়া অনুষ্ঠান এই ঢকুৱাখনা নাট্য বিদ্যালয়ৰ এটা স্থায়ী অভাৱ পূৰণৰ পথ প্ৰশস্ত হ'ল।
২০১০ চনতে প্ৰাণ প্ৰতিষ্ঠা হোৱা এই সামাজিক সাংস্কৃতিক অনুষ্ঠানটোৰ এটা নিগাজি কাৰ্য্যালয়ৰ আৰু এটা আখৰা ঘৰৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে। "আনটাইড" শিতানৰ প্ৰায় ১০ লাখ টকা ব্যয়ৰে মহঘুলী চাপৰিৰ ফাটবিহু বাকৰিৰ সমীপত নিৰ্মিত এইটো স্থায়ী কাৰ্য্যালয়ৰ গৃহ উন্মোচন অহা ১৯ জুনত সম্পন্ন হ'ব।
"ঢনাবি"ৰ সভাপতি পৰা প্ৰবীণ শিক্ষাবিদ পূৰ্ণানন্দ গগৈ ,সম্পাদক গণেশ চমুৱা আৰু তথ্য আৰু প্ৰচাৰ সম্পাদক কমিন শইকীয়া আদিৰ আশাসুধীয়া প্ৰচেষ্টাত পূৰ্ণতাৰ মুখ দেখা এই নিগাজি কাৰ্য্যালয়ৰ সৈতে সংলগ্ন কৰা হৈছে এটা আখৰা গৃহ আৰু এটা অতিথিৰ কোঠা। "ঢনাবি"ৰ প্ৰচাৰ সম্পাদক কমিন শইকীয়াই জনোৱা মতে "ঢনাবি"ৰ ষষ্ঠ দশ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি এই গৃহ উন্মোচন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
বিধায়ক নৱ দলেৰ জৰিয়তে সম্পন্ন হব লগা এই গৃহ উন্মোচন কাৰ্যসূচীত বহু কেইগৰাকী নাট্য সাধক , নাট্য সংস্কৃতিপ্ৰেমীৰ সমাগম ঘটিব। এই উদ্বোধনী অনুষ্ঠানৰ সৈতে ৰজিতা খুৱাই ঢকুৱাখনা সমজিলাৰ ভিত্তিত বিদ্যাৰ্থী সকলৰ মাজত আয়োজন কৰা হৈছে চিত্ৰাংকণ , ভাওনা বচন নিক্ষেপন ,একক অভিনয় আৰু বানান লিখন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। সন্ধিয়ালৈ প্ৰদৰ্শন কৰা হব "প্ৰদ্যুন্ন পৰ্ব" শীৰ্ষক ভাওনা ।য'ত নাট্য বিদ্যালয়ৰ প্ৰবীণ নবীন ভাৱৰীয়া সকলে অংশ গ্ৰহণ কৰিব।
দুদিনীয়াকৈ আয়োজন কৰা এই উদ্বোধনী অনুষ্ঠানৰ দ্বিতীয় দিনা ২০ জুনত নব নিৰ্মিত কাৰ্য্যালয়ত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হ'ব। দ্বিতীয় দিনাৰ কাৰ্যসূচীত কবিতা আবৃত্তি , বিষ্ণু প্ৰসাদ ৰাভা সংগীতৰ ওপৰত নৃত্য প্ৰতিযোগিতা আৰু মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়ালৈ হেমন্ত কুমাৰ ফুকনৰ ৰচনা পৰিচালনাৰে এখন উপভোগ্য সামাজিক নাট " টাই ছিও" মঞ্চস্থ কৰা হ'ব।
তাৰোপৰি গ্ৰন্থ অধ্যয়নৰ জগতখনৰ আলোকময় যাত্ৰাৰ এগৰাকী,সুহৃদ পাঠক সংগী সৃষ্টিৰ লক্ষ্যৰে প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা গ্ৰন্থ লটাৰী খেলখনো ২০জুনত অনুষ্ঠিত হ'ব। এই লটাৰী প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাবে নগদ ১০ হাজাৰ টকা মূল্যৰ অসমীয়া ভাষাৰ গ্ৰন্থ, দ্বিতীয় পুৰস্কাৰ হিচাবে ৮ হাজাৰ টকাৰ গ্ৰন্থ পুৰস্কাৰ সহ মুঠ ২৫ গৰাকী সৌভাগ্যবান বিজেতা ব্যক্তিক গ্ৰন্থ সম্ভাৰেৰে পুৰস্কৃত কৰা হ'ব।
দুয়োটা দিনৰ পবিত্ৰ অনুষ্ঠান সমূহত ঢকুৱাখনাবাসী সংস্কৃতি , নাট্য সাহিত্য প্ৰেমীৰ সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰি নিমন্ত্ৰনি শৰাই আগবঢ়াইছে নাট্য বিদ্যালয় পৰিয়ালে ।