/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/74c40ac8-6df6-403f-af20-6bd29b159e7d/479.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্য কঁপোৱা ঢকুৱাখনাৰ হত্যাকাণ্ডৰ বধ্যভূমিত মানৱতা সহমৰ্মিতা কিম্বা আত্মীয়তাবোধৰ অৱক্ষয় যে ঘটা নাই তাকেই যেন প্ৰতীয়মান কৰি দেখুৱালে এখন গাঁৱৰ ৰাইজে। যিখন গাঁৱত যোৱা ১ জুনৰ নিশা জঘন্য পৈশাচিক বৰ্বৰ হত্যাকাণ্ড সংঘটিত হৈছিল । এগৰাকী খাটিখোৱা ৰাজমিস্ত্ৰীক নিৰ্মমভাৱে হত্যা কৰি জ্বলাই দিয়া হৈছিল । শিৰচ্ছেদ কৰি লৈ যোৱা হৈছিল মুণ্ড ।
ইমানেই নহয় নিখোজ হৈ পৰিছিল গাঁৱখনৰ এগৰাকী সৰলমনা ঠিকাদাৰ । এতিয়া সেইখন গাঁৱতে সোমবাৰে ৰাজহুৱা সভা আহ্বান কৰি অকাল মৃত্যুক সাৱটি লোৱা ৰাজমিস্ত্ৰীগৰাকীৰ পবিত্ৰ আত্মাৰ সদগতি কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয় । পেটৰ তাড়নাত শ্ৰমিক হিচাপে কৰ্মসংস্থাপনৰ বাবে আহি অকাল মৃত্যুক সাৱটি লোৱা মৃতকৰ পৰিয়ালবৰ্গলৈ সমবেদনাও জনোৱা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3423ccf9-064c-4a75-bb3d-8d562220b6b3/a315a3f9-fc84-4995-9c40-ea42e9063a94.jpg)
ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত সাপতীয়া চেতিয়া গাঁৱত সংঘটিত হোৱা জঘন্য হত্যাকাণ্ড সন্দৰ্ভত সাপতীয়া চেতিয়া গাঁও উন্নয়ন সমিতিৰ উদ্যোগত হৰি মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত ৰাজহুৱা সভাই সোমবাৰে এই মানৱ দৰদী পদক্ষেপ গ্ৰহণ কৰে। গাঁৱখনৰ বয়োজ্যেষ্ঠ নাগৰিক নৃপেন চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত মৃত জাহাঙ্গীৰ হুছেইনৰ মৃত্যুত সমজুৱা শোক প্ৰকাশ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয় ।
বিদেহ আত্মাৰ সদগতি কামনাৰে প্ৰাৰ্থনা জনাই এটি শোক প্ৰস্তাৱো গ্ৰহণ কৰা হয়। উন্নয়ন সমিতিৰ গৰিষ্ঠসংখ্যক বিষয়ববীয়া , বিশিষ্ট নাগৰিক ,গঞা উপস্থিত থকা সভাতেই গাঁৱখনৰ শান্তি সম্প্ৰীতিৰ অতুল্য বাতাৱৰণত কালিমা সনা এই বৰ্বৰ হত্যাকাণ্ডৰ তদন্ত আৰু অগ্ৰগতি সন্দৰ্ভত বিস্তৃত পৰ্য্যালোচনা কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/67e1f1bf-d08e-43be-88a5-b6de6917aee2/d987c349-816a-4a64-b527-a13163b0e216.jpg)
সভাতেই এই নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে অসম আৰক্ষীয়ে ঘোষণা কৰা সুনীল গগৈক অসমৰ স্মাৰ্ট আৰক্ষীয়ে ২৪ দিন পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰা , জীৱিত অথবা মৃত তাৰ সঠিক অৱস্থিতি নিৰ্ণয় কৰিব নোৱাৰা , মৃতকৰ চেদিত মুণ্ড উদ্ধাৰ কৰি পৰিয়ালক গতাই দিব নোৱাৰা নির্লজ ব্যৰ্থতাক ন্যায়কামী ৰাইজে একেমুখে গৰিহণা দিয়ে । সভাত উপস্থিত বহু কেইগৰাকী গঞাই এই পাশবিক হত্যাকাণ্ডৰ জড়িত সকলক চিনাক্ত কৰি দৃষ্টান্তমূলক আইনগত শাস্তিৰে দণ্ডিত কৰাৰ সপক্ষে মতামত আগবঢ়ায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7464f0d6-e7bb-4dff-9e70-7f06d62f2fc4/a36a8671-8f3b-486e-af83-7eb3d7951a9e.jpg)
তাৰোপৰি এই নিৰ্মম হত্যাকাণ্ড সন্দৰ্ভত পঞ্জীভূত গোচৰৰ তদন্ত পক্ৰিয়া অধিক ক্ষীপ্ৰতাৰ আৰু নিৰপেক্ষ কৰিবলৈ ৰাজহুৱা সভাই দাবী জনায়। জনাকীৰ্ণ সভাতেই পঞ্জীভূত গোচৰৰ তদন্তৰ নামত ইতিপূৰ্বে অসম আৰক্ষীয়ে ঘোষণা কৰা পলাতক আচামী সুনীল গগৈৰ আত্মীয়ক অযথা মানসিক নিৰ্যাতন চলোৱা, স্বামীহাৰা, পিতৃহাৰা হোৱাৰ পাছতো অব্যক্ত বেদনা বুকুত বান্ধি ভোকে লঘোনে দৈনিক ঢকুৱাখনা থানালৈ অহা যোৱা কৰিব লগীয়া হোৱা বিষয়টো গুৰুত্বসহকাৰে আলোচনা কৰে ।
ৰাজহুৱা সভাই পলাতক সুনীলৰ শোকাচন্ন পত্নী, পুত্ৰ ,ভতিজা আদিক তদন্তৰ নামত দিনৰ দিনটো থানাত ভোকে লঘোনে বহুৱাই অযথা মানসিক হাৰাশাস্তি নকৰিবলৈ আহ্বান জনায় প্ৰস্তাৱ গ্ৰহণ কৰে। সভাই এই জঘন্য হত্যাকাণ্ডৰ প্ৰধান কাৰক হিচাবে সৰ্বত্ৰতে চৰ্চিত ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক হত্যাকাণ্ডৰ সামূহিক তদন্তৰ আঁওতালৈ আনিবলৈ প্ৰশাসনৰ হস্তক্ষেপ দাবী জনাই অন্য এটা প্ৰস্তাব গ্ৰহণ কৰা হয় ।
Also Read: ভাল খবৰ আহিল : টীম ইণ্ডিয়াত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ