দুৰাৰোগ্য ৰোগত আক্ৰান্ত ঢকুৱাখানাৰ এজন যুৱক

এটি ৩বছৰীয়া কণমানিৰ সৈতে ৰঙীন সংসাৰ থকা যুৱকজনৰ জীয়াই থকাৰ হেপাঁহ পূৰণৰ বাবে শয্যাশায়ী অৱস্থাৰ পৰাই গুণগ্ৰাহী ৰাইজ সংগঠনৰ পৰা আৰ্থিক সহযোগিতা কামনা কৰিছে।
দুৰাৰোগ্য ৰোগত আক্ৰান্ত ঢকুৱাখানাৰ এজন যুৱক

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ এগৰাকী নিঃস্ব যুৱক । শ্ৰমজীৱী পৰিয়ালৰ একমাত্ৰ কষ্টসহিষ্ণু যুৱকজনৰ কষ্টোপাৰ্জনৰ ওপৰতে পৰিয়ালটোৰ ভাত কাপোৰৰ বিষয়টো সম্পৃক্ত আছিল। কি দিন কি নিশা সকলো একাকাৰ কৰি বৰ্হি ৰাজ্য কেৰেলাত শ্ৰমিক হিচাবে কাম কৰি আৰ্জিত পুঁজিৰে ভৰুণ ঘৰখন চলাই আহিছিল । এতিয়া এই দুৰন্ত কৰ্মঠ যুৱকৰ শৰীৰ অবশ ।

বিগত প্রায় এটা বছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ নিথৰ হৈ পৰি ৰৈছে শেতেলিত। পৰিয়ালটোৰ প্ৰধান গৰাকীৰ এনে শয্যাসায়ী কৰুণ অৱস্থাই দুৰ্বিসহ অমানিশা নমাই আনিছে  যুৱকজনৰ লগতে দৰিদ্ৰ পৰিয়ালটোলৈ।

দুৰাৰোগ্য ৰোগত আক্ৰান্ত যুৱকজনৰ নাম প্ৰণব দাস । ঢকুৱাখনা মহকুমাৰ পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ সুঁতিমুখ গাঁৱৰ প্ৰায় ২৫ বছৰীয়া যুৱকজনৰ এনে মৰ্মান্তিক অৱস্থাই  চিন্তিত কৰি তুলিছে পৰিয়ালটোক। তথ্য অনুসৰি জটিল কৰ্কট ৰোগত আক্ৰান্ত যুৱকজনে এতিয়া হাঁহাকাৰ কৰিব লগা হৈছে প্ৰাণ ৰক্ষাৰ বাবে। সাঁচতীয়া সমস্ত ধনৰ লগতে গোহালিৰ পশুধন সকলো খৰচ হ'ল চিকিৎসাৰ নামত।

বিগত প্ৰায় এটা বছৰে দীৰ্ঘকালীন চিকিৎসা লৈ সৰ্বশ্ৰান্ত হোৱা যুৱকজন এতিয়া কেৱল প্ৰয়োজনীয় অৰ্থৰ অভাৱৰ বাবে বিনা চিকিৎসাই নিথৰ হৈ ঘৰতে পৰি ৰ'ব লগা হৈছে। উন্নত চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ বাবে বৰ্হি ৰাজ্যৰ উন্নত চিকিৎসালয়লৈ নিয়াৰ তাৎক্ষণিক পৰামৰ্শ দিছে চিকিৎসকে । কিন্তু ইয়াৰ বাবে পৰিয়ালটোৰ হাতত নাই ফুটা কড়ী এটাও । কেৱল দৰবৰ নামতে বহু হাজাৰ টকা ব্যয় কৰি অহা দৰিদ্ৰ পৰিয়ালটোৰ অন্তিম ভৰসা হৈছে শুভানুধ্যায়ী ৰাইজ ,সংগঠন আৰু মানৱতাবাদী ব্যক্তি সমাজ। এটি ৩বছৰীয়া কণমানিৰ সতে ৰঙীন সংসাৰ থকা যুৱকজনৰ জীয়াই থকাৰ হেপাঁহ পূৰণৰ বাবে শয্যাশায়ী অৱস্থাৰ পৰাই প্ৰনবে গুণগ্ৰাহী ৰাইজ সংগঠনৰ পৰা আৰ্থিক সহযোগিতা কামনা কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকো কাতৰ আহ্বান দৰিদ্ৰ ৰোগী গৰাকীৰ জীৱনক জীয়াবলৈ অকণমান সহায় কৰাৰ বাবে । জৰ্জৰিত শৰীৰেৰে অশ্ৰুসিক্ত নয়নেৰে বিছনাৰ পৰাই মানৱ দৰদী ৰাইজ সংগঠনলৈ আক্ৰান্ত প্ৰণবৰ আহ্বান জনায় ককয় যে, যদি সম্ভৱ হয় পত্নী মিনাক্ষী দাসৰ এয়াৰটেল পেমেণ্ট বেংকৰ একাউণ্ট নম্বৰ ৮৪৫৩৫১৫৫৩৬ (আই এফ এছ চি AIRP 0000001) যোগে যৎসামান্য আৰ্থিক অনুদান  আগবঢ়াই চিকিৎসাৰ বাবে  সহায় কৰক।  লগতে ৰোগাক্ৰান্ত প্ৰণৱৰ স্বাস্থ্যৰ বুজ লবলৈ ৮৪৫৩৫ ১৫৫৩৬ নম্বৰত যোগাযোগ কৰাৰো আহ্বান জনাইছে।

দুৰাৰোগ্য ৰোগত আক্ৰান্ত ঢকুৱাখানাৰ এজন যুৱক
গোলাঘাট জিলাত ৰাজ্যিক ভিত্তিক ৰচনা প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in